--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিঘৰ লোকৰ পাকঘৰতে পিঁয়াজ ব্যৱহাৰ কৰা হয়। মানুহে খাদ্যত ৰঙা পিঁয়াজ ব্যৱহাৰ কৰে। সাধাৰণতে ব্যঞ্জন বনোৱাত বগা পিঁয়াজ ব্যৱহাৰ কৰা নহয়, কিন্তু বগা পিঁয়াজৰ উপকাৰিতা বহুত বেছি। বগা পিঁয়াজৰ সোৱাদ একেবাৰে বেলেগ। কেঁচাকৈ বা বনায়ো খাব পাৰে। বগা পিঁয়াজ শৰীৰৰ বাবে অতি উপকাৰী। বগা পিঁয়াজত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবায়টিক গুণ আছে যিয়ে শৰীৰৰ বহু ধৰণৰ উপকাৰ সাধন কৰে।

 শেহতীয়াকৈ চেফ সঞ্জীৱ কাপুৰে ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিছিল য’ত তেওঁ পিঁয়াজৰ উপকাৰিতাৰ বিষয়ে কয়। তেওঁ কৈছিল,  যে আপুনি জানেনে পাকঘৰত ব্যৱহাৰ কৰা পিঁয়াজে আপোনাক ছান ষ্ট্ৰোক আৰু ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰে। পিঁয়াজত ‘শৰীৰ ঠাণ্ডা কৰা, আঁহেৰে সমৃদ্ধ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, হৃদযন্ত্ৰক সুস্থ কৰি ৰখা, এন্টি-বেক্টেৰিয়েল গুণ, এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ’

 

বগা আৰু ৰঙা পিঁয়াজৰ মাজত পাৰ্থক্য-

 যদিও ৰঙা পিঁয়াজ আৰু বগা পিঁয়াজত বহুতো বস্তু একে, কিন্তু দুয়োটাতে বহুতো ভিন্ন গুণ পোৱা যায় যিয়ে ইহঁতক পৃথক কৰি তোলে। ৰঙা পিঁয়াজতকৈ বগা পিঁয়াজৰ এন্টিবায়টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ অতি বেছি। ৰঙা পিঁয়াজতকৈ বগা পিঁয়াজত অধিক কেলৰি আৰু কম ফাইবাৰ থাকে। সেয়েহে বগা আৰু ৰঙা পিয়াঁজ দুয়োবিধেই উপকাৰী, কিন্তু দুয়োটাতে কিছুমান উপাদান পোৱা যায় যিবোৰ ইটোৱে সিটোৰ পৰা পৃথক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা