--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যাভ্যাস, গোটেই দিনটো একে ঠাইতে বহি থকা, ব্যায়াম নকৰা, এই সকলোবোৰ কথাই আমাৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ আমাৰ পেট আৰু হজম শক্তিত দেখা যায়। ৰাতিপুৱা পেট পৰিষ্কাৰ নোহোৱাৰ ফলত পেটৰ বিষ, পেট ফুলা, গেছ আদি সমস্যা গোটেই দিনটো অনুভৱ হয়। কিন্তু পেট পৰিষ্কাৰ নকৰাৰ এই সমস্যা যদি দৈনিক অব্যাহত থাকে, তেন্তে ইয়াক কোষ্ঠকাঠিন্য বোলা হয়।

বিশ্বৰ প্ৰায় ২০ শতাংশ জনসংখ্যাই কোষ্ঠকাঠিন্যৰ সমস্যাৰ সন্মুখীন হৈছে। প্ৰথমে জানি লওক কোষ্ঠকাঠিন্যৰ কাৰণ কি

১) দৈনন্দিন খাদ্যত আঁহৰ পৰিমাণ কম হোৱা। গাখীৰ-পনিৰ, মাংস আদি অত্যধিক সেৱন কৰা।
২) ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰত পানীৰ অভাৱ, দৈনিক পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰা।
৩)ব্যায়াম নকৰা, গোটেই দিনটো একে ঠাইতে বহি থকা
৪) উচ্চ কেলচিয়ামযুক্ত এন্টাচিড বা আন বিষৰ ঔষধ সেৱন।
৫) ভ্ৰমণ বা অন্য কোনো কাৰণত দৈনন্দিন কাম-কাজত পৰিৱৰ্তন

কোষ্ঠকাঠিন্যৰ ফলত পাইলছ, বৃহদান্ত্ৰৰ প্ৰদাহ, গেষ্ট্ৰিক ৰোগ, আলচাৰ আদি ৰোগৰ সৃষ্টি হয় সেয়ে এই ঘৰুৱা উপায়সমূহ চেষ্টা কৰক

আঁহযুক্ত খাদ্য খাব লাগে: অধিক আঁহ সেৱন কৰিলে পাচনতন্ত্ৰই দ্ৰুতভাৱে কাম কৰে, যাৰ ফলত মলত্যাগ কৰাটো সহজ হয়। সেয়েহে গোটা শস্য, ফল-মূল, ওটছ, বাৰ্লি, বাদাম, দালি আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। 

জিৰা আৰু আজৱাইন খাব লাগে: এই দুয়োটা মছলাই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। জিৰা আৰু আজৱাইনৰ গুটি কম জুইত ৰোষ্ট কৰি লওক আৰু তাৰ পাছত পিহি লওক। তাত ক’লা নিমখ দিব। তিনিওটা বস্তু সমান পৰিমাণত হ’ব লাগে। দৈনিক আধা চামুচ এই গুড়ি কুমলীয়া পানীৰ লগত খাব লাগে। কোষ্ঠকাঠিন্যৰ বাবে এইটো অতি ফলপ্ৰসূ ঔষধ।

কিচমিচ খাব লাগে: কিচমিচ সেৱন কৰিলেও কোষ্ঠকাঠিন্যত উপশম পোৱা যায়। ৰাতি ৮ৰ পৰা ১০ কিচমিচ পানীত তিয়াই ৰাতিপুৱা তাৰ গুটিবোৰ উলিয়াই গাখীৰত উতলাই খাব লাগে।

পানী খোৱা: ডিহাইড্ৰেচনৰ বাবে কোষ্ঠকাঠিন্য হয়, গতিকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইচ্ছা কৰিলে সাধাৰণ পানীৰ সলনি নেমু পানী, নাৰিকলৰ পানীৰ দৰে তৰল পদাৰ্থও খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে। দৈনিক ২-৩ লিটাৰ পানী খাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু