--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যাভ্যাস, গোটেই দিনটো একে ঠাইতে বহি থকা, ব্যায়াম নকৰা, এই সকলোবোৰ কথাই আমাৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ আমাৰ পেট আৰু হজম শক্তিত দেখা যায়। ৰাতিপুৱা পেট পৰিষ্কাৰ নোহোৱাৰ ফলত পেটৰ বিষ, পেট ফুলা, গেছ আদি সমস্যা গোটেই দিনটো অনুভৱ হয়। কিন্তু পেট পৰিষ্কাৰ নকৰাৰ এই সমস্যা যদি দৈনিক অব্যাহত থাকে, তেন্তে ইয়াক কোষ্ঠকাঠিন্য বোলা হয়।

বিশ্বৰ প্ৰায় ২০ শতাংশ জনসংখ্যাই কোষ্ঠকাঠিন্যৰ সমস্যাৰ সন্মুখীন হৈছে। প্ৰথমে জানি লওক কোষ্ঠকাঠিন্যৰ কাৰণ কি

১) দৈনন্দিন খাদ্যত আঁহৰ পৰিমাণ কম হোৱা। গাখীৰ-পনিৰ, মাংস আদি অত্যধিক সেৱন কৰা।
২) ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰত পানীৰ অভাৱ, দৈনিক পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰা।
৩)ব্যায়াম নকৰা, গোটেই দিনটো একে ঠাইতে বহি থকা
৪) উচ্চ কেলচিয়ামযুক্ত এন্টাচিড বা আন বিষৰ ঔষধ সেৱন।
৫) ভ্ৰমণ বা অন্য কোনো কাৰণত দৈনন্দিন কাম-কাজত পৰিৱৰ্তন

কোষ্ঠকাঠিন্যৰ ফলত পাইলছ, বৃহদান্ত্ৰৰ প্ৰদাহ, গেষ্ট্ৰিক ৰোগ, আলচাৰ আদি ৰোগৰ সৃষ্টি হয় সেয়ে এই ঘৰুৱা উপায়সমূহ চেষ্টা কৰক

আঁহযুক্ত খাদ্য খাব লাগে: অধিক আঁহ সেৱন কৰিলে পাচনতন্ত্ৰই দ্ৰুতভাৱে কাম কৰে, যাৰ ফলত মলত্যাগ কৰাটো সহজ হয়। সেয়েহে গোটা শস্য, ফল-মূল, ওটছ, বাৰ্লি, বাদাম, দালি আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। 

জিৰা আৰু আজৱাইন খাব লাগে: এই দুয়োটা মছলাই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। জিৰা আৰু আজৱাইনৰ গুটি কম জুইত ৰোষ্ট কৰি লওক আৰু তাৰ পাছত পিহি লওক। তাত ক’লা নিমখ দিব। তিনিওটা বস্তু সমান পৰিমাণত হ’ব লাগে। দৈনিক আধা চামুচ এই গুড়ি কুমলীয়া পানীৰ লগত খাব লাগে। কোষ্ঠকাঠিন্যৰ বাবে এইটো অতি ফলপ্ৰসূ ঔষধ।

কিচমিচ খাব লাগে: কিচমিচ সেৱন কৰিলেও কোষ্ঠকাঠিন্যত উপশম পোৱা যায়। ৰাতি ৮ৰ পৰা ১০ কিচমিচ পানীত তিয়াই ৰাতিপুৱা তাৰ গুটিবোৰ উলিয়াই গাখীৰত উতলাই খাব লাগে।

পানী খোৱা: ডিহাইড্ৰেচনৰ বাবে কোষ্ঠকাঠিন্য হয়, গতিকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইচ্ছা কৰিলে সাধাৰণ পানীৰ সলনি নেমু পানী, নাৰিকলৰ পানীৰ দৰে তৰল পদাৰ্থও খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে। দৈনিক ২-৩ লিটাৰ পানী খাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক