--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পেট পৰিষ্কাৰ কৰি ৰখাৱেই হৈছে শৰীৰক সুস্থ আৰু ৰোগমুক্ত কৰি ৰখাৰ প্ৰথম দিহা। প্ৰতিদিনে খাদ্য সঠিকভাৱে হজম কৰি নিয়মীয়তভাৱে পেট পৰিষ্কাৰ থাকিলে শৰীৰ সকলো ৰোগৰ পৰা মুক্ত হৈ থাকে, কাৰণ পেট হৈছে শৰীৰৰ প্ৰায়বোৰ ৰোগৰ উৎস। সেয়েহে যদি এই প্ৰক্ৰিয়াত কোনো ধৰণে বিঘ্নিত হয়, তেন্তে বিভিন্ন ৰোগৰ আক্রমণৰ আশংকা বাঢ়ি যায়।

 চিকিৎসকৰ মতে প্ৰচুৰ পৰিমাণে পানী আৰু আঁহযুক্ত খাদ্য খোৱা আৰু ব্যায়াম কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰি। অৱশ্যে ঋতু সলনিৰ সময়ত অলপ বেছি সাৱধান হ’ব লাগে। যদি এই সমস্যা বহুদিনলৈ অব্যাহত থাকে, তেন্তে কলন কেন্সাৰৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। সেয়েহে পেট সদায় প্ৰাকৃতিকভাৱে পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব লাগে।

 আনহাতে, কোষ্ঠকাঠিন্য পৰিষ্কাৰ কৰিবলৈ কোনো ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি নিয়মীয়াকৈ আনাৰস খালেও উপকৃত হ’ব পাৰে। দৰাচলতে বিশেষজ্ঞসকলৰ মতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হ’ল পানী খোৱা আৰু উপযুক্ত খাদ্য খোৱা। আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আন্ত্ৰিক স্বাস্থ্য বজাই ৰখা। ইফালে আনাৰস হৈছে সকলো ঋতুতে পোৱা এবিধ ফল। অন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আনাৰসৰ উপৰি সতেজ, সেউজীয়া শাক-পাচলি খাব লাগে। যিটোত পানী আৰু আঁহ বেছিকৈ থাকে। এই পানী আৰু আঁহে অন্ত্ৰ শোষণ কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু