--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ সংঘটিত হৈছে শিক্ষাৰ্থী স্বনিধনৰ ঘটনা৷ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশিকা পৰীক্ষা (NEET)ৰ বাবে প্ৰস্তুতি চলাই থকা ১৬ বছৰীয়া এজন ছাত্ৰই ৰাজস্থানৰ কোটাত আত্মহত্যাৰ পথ বাছি লয়।

ৰাজস্থানৰ কোচিং হাব কোটাত চলিত বৰ্ষৰ মাত্ৰ ৮ মাহৰ ভিতৰতে আত্মহত্যা কৰি ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে।ৰাছীৰ বাসিন্দা ছাত্ৰীগৰাকী বৰ্তমান মহানগৰীৰ ব্লেজ হোষ্টেলত বাস কৰিছিল। যৌথ প্ৰৱেশ পৰীক্ষা (JEE) আৰু ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশিকা পৰীক্ষা (NEET)ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰাৰ আশাত বছৰি প্ৰায় দুই লাখ ছাত্ৰ-ছাত্ৰীৰ কোটালৈ আগমন ঘটে।

এইবাৰ জিলাখনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ হেঁচাত ২৫ জন ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ বাতৰি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে, যিটো যিকোনো বছৰৰ ভিতৰত সৰ্বাধিক।ৰাজস্থান আৰক্ষীৰ তথ্য অনুসৰি এই সংখ্যা আছিল ২০২২ চনত ১৫, ২০১৯ চনত ১৮, ২০১৮ চনত ২০, ২০১৭ চনত ৭, ২০১৬ চনত ১৭, আৰু ২০১৫ চনত ১৮।

কোটাত আত্মহত্যাৰ ধাৰাবাহিকতাৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে ইয়াৰ পূৰ্বে সকলো হোষ্টেলৰ কোঠাত স্প্ৰিং লোড ফেন স্থাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।ইফালে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বিশেষকৈ কোটাত কোচিং ইনষ্টিটিউটত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা ৰোধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছে।

তদুপৰি শিশুৰ মানসিক পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আদালতে বিশেষভাৱে কোচিং ইনষ্টিটিউটৰ বাবে নিৰ্মিত ৰাজস্থান কোচিং ইনষ্টিটিউট (নিয়ন্ত্ৰণ আৰু পৰিচালনা) বিল ২০২৩ প্ৰৱৰ্তনৰ কথা বিবেচনা কৰি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত