--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া একবিংশ শতিকা৷প্ৰযুক্তিৰ দৌৰত আগবাঢ়ি গৈছে পৃথিৱী৷বৰ্তমান সময়ত বহুতেই অনলাইন ফুড ডেলিভাৰী এপসমূহৰ দ্বাৰা খাদ্য খোৱাটো পছন্দ কৰে৷কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে৷ মঙলবাৰে কেৰালা উচ্চ ন্যায়ালয়ে পৰ্ণগ্ৰাফী সম্পৰ্কীয় অপৰাধজনিত গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত শিশুসকলৰ বাবে ঘৰতে ৰন্ধা খাদ্যৰ ব্যৱস্থা কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লাইভ ল’ই প্ৰকাশ কৰা অনুসৰি আদালতে অভিভাৱকসকলক ছুইগী আৰু জোমেটোৰ জৰিয়তে ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ দিয়াৰ পৰা বিৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ম’বাইলত পৰ্ণ চোৱাৰ বাবে পথৰ দাঁতিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ বাতিল কৰি ৰায় দিয়ে যে ব্যক্তিগতভাৱে পৰ্ণগ্ৰাফী চোৱা, ভাৰত দণ্ডবিধিৰ ২৯২ ধাৰাৰ অধীনত শ্বেয়াৰ নকৰাকৈ বা আনৰ আগত প্ৰদৰ্শন নকৰাকৈ পৰ্ণগ্ৰাফী চোৱাটো অপৰাধ বুলি গণ্য কৰা নহ’ব৷

ৰায়দানত ন্যায়াধীশ পি ভি কুঢ়িকৃষ্ণনে পিতৃ-মাতৃসকলক পৰামৰ্শ দিয়ে যে শিশুসকলক ছুইগী আৰু জোমেট’ৰ দৰে মোবাইল এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিয়াৰ পৰিৱৰ্তে বাহিৰত খেলা-ধূলা কৰিবলৈ আৰু মাকে ৰন্ধা সুস্বাদু খাদ্য খাবলৈ বুজনি দিব লাগে।

ইফালে ন্যায়াধীশগৰাকীয়ে উপযুক্ত তত্বাৱধান অবিহনে নাবালক সন্তানক মোবাইল ফোন দিয়াৰ ফলত হোৱা সম্ভাৱ্য বিপদৰ সন্দৰ্ভত অভিভাৱকসকলৰ বাবে সতৰ্কবাণীৰো অৱতাৰণা কৰে৷তদুপৰি আদালতে ইণ্টাৰনেট সংযোগ থকা মোবাইল ফোনযোগে পৰ্ণগ্ৰাফিক ভিডিঅ’কে ধৰি এনেধৰণৰ বিষয় কিমান সহজে লাভ কৰিব পাৰি তাৰ ওপৰতো আলোকপাত কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা