--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোটিপতি বেংকাৰ উদয় কোটকৰ পুত্ৰ জয় কোটকে মঙলবাৰে প্ৰাক্তন মিছ ইণ্ডিয়া অদিতি আৰ্য্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইৰ জিঅ’ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হোৱা এই বিবাহৰ বিপৰীতে উদয়পুৰত আন আন অনুষ্ঠান অনুষ্ঠিত হয়। আম্বানী পৰিয়ালকে ধৰি সুপৰিচিত ব্যৱসায়ীসকলে এই বিয়াত অংশ লৈছিল।

আমেৰিকাত প্ৰথমবাৰৰ বাবে জয় আৰু অদিতিৰ লগ হৈছিল। বহুদিন ডেটিং কৰাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত দুয়োৰে বাগ্দান হয়। এই তথ্য সংবাদ মাধ্যমলৈ আহিছিল যেতিয়া জয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্টত এই তথ্য শ্বেয়াৰ কৰিছিল। 

অদিতি আৰ্য কোন?

১৯৯৩ চনৰ ১৮ ছেপ্টেম্বৰত চণ্ডীগড়ত জন্মগ্ৰহণ কৰিছিল অদিতি আৰ্য্যই। স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ সুখদেৱ কলেজ অৱ বিজনেছ ষ্টাডিজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ ইয়েল স্কুল অৱ মেনেজমেণ্ট ইউনিভাৰ্চিটিৰ পৰা অধিক অধ্যয়ন কৰে।

পঢ়া-শুনাৰ লগতে মডেলিঙৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল। ২০১৫ চনত ৫২ সংখ্যক সৌন্দৰ্য্য প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ লগতে বিজয়ীও আছিল। ইয়াৰ পিছতে চীনত অনুষ্ঠিত ২০১৫ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।

ইছম ছবিৰ জৰিয়তে অদিতিয়ে টলিউডত অভিষেক ঘটায়। পুৰী জগন্নাধৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বক্স অফিচত হিট হৈছিল আৰু ছবি সমালোচকসকলেও অদিতিৰ কাম ভাল পাইছিল। অদিতিৰ ইনষ্টাগ্ৰামত ৩.৪ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে, য’ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত কথাবোৰ শ্বেয়াৰ কৰে।

জয় কোটক কোন?

বেংকিং টাইকুন উদয় কোটকৰ পুত্ৰ জয় কোটাকে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এম বি এ কৰিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত বি এও কৰিছে। বৰ্তমান জয় কোটক মহিন্দ্ৰা বেংকৰ ডিজিটেল প্ৰথম মোবাইল বেংক কোটক ৮১১ৰ সহ-নেতা। ইয়াৰ উপৰিও তেওঁ কোটক মহিন্দ্ৰা বেংকৰ ব্যৱসায়ত পিতৃক সহায় কৰে।

কোটক মহিন্দ্ৰা বেংকৰ ভাইচ চেয়াৰমেন তথা মেনেজিং ডাইৰেক্টৰ উদয় কোটকে ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ আহিছে যদিও আঘাতৰ বাবে তেওঁ খেলৰ পৰা আঁতৰি থাকে। তাৰ পিছত ১৯৮৫ চনত বন্ধু-বান্ধৱীৰ পৰা ৩০ লাখ টকা ঋণ লৈ এটা বিনিয়োগ কোম্পানী আৰম্ভ কৰে। পিছত মহিন্দ্ৰা গ্ৰুপত যোগদান কৰি কোটক মহিন্দ্ৰা বেংক আৰম্ভ কৰে।

উদয় কোটক আজি ভাৰতৰ দশম ধনী উদ্যোগপতি। ফৰ্বছ ৰিচ লিষ্টৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.১৫ লাখ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু