--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোটিপতি বেংকাৰ উদয় কোটকৰ পুত্ৰ জয় কোটকে মঙলবাৰে প্ৰাক্তন মিছ ইণ্ডিয়া অদিতি আৰ্য্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইৰ জিঅ’ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হোৱা এই বিবাহৰ বিপৰীতে উদয়পুৰত আন আন অনুষ্ঠান অনুষ্ঠিত হয়। আম্বানী পৰিয়ালকে ধৰি সুপৰিচিত ব্যৱসায়ীসকলে এই বিয়াত অংশ লৈছিল।

আমেৰিকাত প্ৰথমবাৰৰ বাবে জয় আৰু অদিতিৰ লগ হৈছিল। বহুদিন ডেটিং কৰাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত দুয়োৰে বাগ্দান হয়। এই তথ্য সংবাদ মাধ্যমলৈ আহিছিল যেতিয়া জয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্টত এই তথ্য শ্বেয়াৰ কৰিছিল। 

অদিতি আৰ্য কোন?

১৯৯৩ চনৰ ১৮ ছেপ্টেম্বৰত চণ্ডীগড়ত জন্মগ্ৰহণ কৰিছিল অদিতি আৰ্য্যই। স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ সুখদেৱ কলেজ অৱ বিজনেছ ষ্টাডিজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ ইয়েল স্কুল অৱ মেনেজমেণ্ট ইউনিভাৰ্চিটিৰ পৰা অধিক অধ্যয়ন কৰে।

পঢ়া-শুনাৰ লগতে মডেলিঙৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল। ২০১৫ চনত ৫২ সংখ্যক সৌন্দৰ্য্য প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ লগতে বিজয়ীও আছিল। ইয়াৰ পিছতে চীনত অনুষ্ঠিত ২০১৫ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।

ইছম ছবিৰ জৰিয়তে অদিতিয়ে টলিউডত অভিষেক ঘটায়। পুৰী জগন্নাধৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বক্স অফিচত হিট হৈছিল আৰু ছবি সমালোচকসকলেও অদিতিৰ কাম ভাল পাইছিল। অদিতিৰ ইনষ্টাগ্ৰামত ৩.৪ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে, য’ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত কথাবোৰ শ্বেয়াৰ কৰে।

জয় কোটক কোন?

বেংকিং টাইকুন উদয় কোটকৰ পুত্ৰ জয় কোটাকে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এম বি এ কৰিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত বি এও কৰিছে। বৰ্তমান জয় কোটক মহিন্দ্ৰা বেংকৰ ডিজিটেল প্ৰথম মোবাইল বেংক কোটক ৮১১ৰ সহ-নেতা। ইয়াৰ উপৰিও তেওঁ কোটক মহিন্দ্ৰা বেংকৰ ব্যৱসায়ত পিতৃক সহায় কৰে।

কোটক মহিন্দ্ৰা বেংকৰ ভাইচ চেয়াৰমেন তথা মেনেজিং ডাইৰেক্টৰ উদয় কোটকে ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ আহিছে যদিও আঘাতৰ বাবে তেওঁ খেলৰ পৰা আঁতৰি থাকে। তাৰ পিছত ১৯৮৫ চনত বন্ধু-বান্ধৱীৰ পৰা ৩০ লাখ টকা ঋণ লৈ এটা বিনিয়োগ কোম্পানী আৰম্ভ কৰে। পিছত মহিন্দ্ৰা গ্ৰুপত যোগদান কৰি কোটক মহিন্দ্ৰা বেংক আৰম্ভ কৰে।

উদয় কোটক আজি ভাৰতৰ দশম ধনী উদ্যোগপতি। ফৰ্বছ ৰিচ লিষ্টৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.১৫ লাখ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ