--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথৰ  ভিৰ এৰাই চলি সঠিক সময়ত নিজৰ গন্তব্য স্থলত উপস্থিত হ’বলৈ সকলোৱেই বিচাৰে। কিন্তু যান-জঁটৰ বাবে সেয়া বহুতৰে বাবে সম্ভৱ হৈ নুঠে।   কিন্তু অচিৰেই তেনে সমস্যাৰ সমাধান হোৱাৰ আশাই দেখা দিছে।  ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজেছ নামৰ এটা কোম্পানীয়ে  আপোনাক যাত্ৰাৰ ক্ষেত্ৰত ভালেখিনি সময় ৰাহি কৰাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।   অহা তিনি বছৰ ভিতৰত কোম্পানীটোৱে ভাৰতত ই-এয়াৰ টেক্সি সেৱা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। 

যি সেৱাই  আপোনাক বিমানত ভ্ৰমণ কৰাৰ দৰেই  আপোনাৰ গন্তব্যস্থানলৈ লৈ যাব পাৰিব।যদি সকলো ঠিকে থাকে ২০২৬  চনৰ ভিতৰত ই-টেক্সি সেৱা ভাৰতলৈ আহিব। এই বৈদ্যুতিক উৰণৰ জড়িয়তে   ৯০ মিনিটৰ যাত্ৰা মাত্ৰ ৭ মিনিটতে  সামৰি ল'ব পৰা যাব।  এই এয়াৰ টেক্সিখনে উৰা মাৰি আপোনাক আপোনাৰ গন্তব্যস্থানলৈ লৈ যাব পাৰিব। ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজে যান-জঁট পৰিহাৰ কৰিবলৈ আৰু কম সময়ৰ ভিতৰত ভ্ৰমণ কৰিবলৈ এই টেক্সিৰ  ব্যৱস্থা কৰিবলৈ সাজু হৈছে। ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজ ইণ্ডিগো এয়াৰলাইনছৰ সৈতে সংযুক্ত হ’ব।

 বিমান সংস্থাটোৱে বিশ্বাস কৰে যে এই এয়াৰ টেক্সি ভাৰতৰ দৰে জনবহুল দেশত আটাইতকৈ সুবিধাজনক ৰাজহুৱা পৰিবহন ব্যৱস্থা হৈ উঠিব পাৰে।  ই একে সময়তে যান-জঁট আৰু পৰিৱেশ প্ৰদূষণৰ সাতে  মোকাবিলা কৰিবলৈ সক্ষম হ’ব। কাৰণ এই এয়াৰ টেক্সিখন সম্পূৰ্ণ বৈদ্যুতিক। এবাৰ চাৰ্জ কৰাৰ পিছত ই ১৬১ কিলোমিটাৰ উৰিবলৈ সক্ষম। কোম্পানীটোৰ মতে এই এয়াৰ টেক্সিখনে ৫-৭ মিনিটত দিল্লীৰ দৰে জনবহুল চহৰত ডেৰ ঘণ্টাৰ পথ অতিক্ৰম কৰিব পাৰে। চৰকাৰে অনুমতি দিলে কোম্পানীটোৱে ২০২৬ চনৰ ভিতৰত প্ৰথম পৰ্যায়ত দিল্লীত ২০০ খন এয়াৰ  টেক্সি চলোৱাৰ   সিদ্ধান্ত লৈছে। পিছলৈ  লাহে লাহে মুম্বাই, বাংগালুৰু আৰু কলকাতাৰ দৰে ডাঙৰ চহৰতো এই সেৱা মুকলি কৰা হ'ব। এই এয়াৰ টেক্সিবোৰে উলম্বভাৱে উঠা-নমা কৰিব পাৰে। ফলস্বৰূপে  অৱতৰণ কৰাত কোনো সমস্যা নহ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু