--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথৰ  ভিৰ এৰাই চলি সঠিক সময়ত নিজৰ গন্তব্য স্থলত উপস্থিত হ’বলৈ সকলোৱেই বিচাৰে। কিন্তু যান-জঁটৰ বাবে সেয়া বহুতৰে বাবে সম্ভৱ হৈ নুঠে।   কিন্তু অচিৰেই তেনে সমস্যাৰ সমাধান হোৱাৰ আশাই দেখা দিছে।  ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজেছ নামৰ এটা কোম্পানীয়ে  আপোনাক যাত্ৰাৰ ক্ষেত্ৰত ভালেখিনি সময় ৰাহি কৰাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।   অহা তিনি বছৰ ভিতৰত কোম্পানীটোৱে ভাৰতত ই-এয়াৰ টেক্সি সেৱা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। 

যি সেৱাই  আপোনাক বিমানত ভ্ৰমণ কৰাৰ দৰেই  আপোনাৰ গন্তব্যস্থানলৈ লৈ যাব পাৰিব।যদি সকলো ঠিকে থাকে ২০২৬  চনৰ ভিতৰত ই-টেক্সি সেৱা ভাৰতলৈ আহিব। এই বৈদ্যুতিক উৰণৰ জড়িয়তে   ৯০ মিনিটৰ যাত্ৰা মাত্ৰ ৭ মিনিটতে  সামৰি ল'ব পৰা যাব।  এই এয়াৰ টেক্সিখনে উৰা মাৰি আপোনাক আপোনাৰ গন্তব্যস্থানলৈ লৈ যাব পাৰিব। ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজে যান-জঁট পৰিহাৰ কৰিবলৈ আৰু কম সময়ৰ ভিতৰত ভ্ৰমণ কৰিবলৈ এই টেক্সিৰ  ব্যৱস্থা কৰিবলৈ সাজু হৈছে। ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজ ইণ্ডিগো এয়াৰলাইনছৰ সৈতে সংযুক্ত হ’ব।

 বিমান সংস্থাটোৱে বিশ্বাস কৰে যে এই এয়াৰ টেক্সি ভাৰতৰ দৰে জনবহুল দেশত আটাইতকৈ সুবিধাজনক ৰাজহুৱা পৰিবহন ব্যৱস্থা হৈ উঠিব পাৰে।  ই একে সময়তে যান-জঁট আৰু পৰিৱেশ প্ৰদূষণৰ সাতে  মোকাবিলা কৰিবলৈ সক্ষম হ’ব। কাৰণ এই এয়াৰ টেক্সিখন সম্পূৰ্ণ বৈদ্যুতিক। এবাৰ চাৰ্জ কৰাৰ পিছত ই ১৬১ কিলোমিটাৰ উৰিবলৈ সক্ষম। কোম্পানীটোৰ মতে এই এয়াৰ টেক্সিখনে ৫-৭ মিনিটত দিল্লীৰ দৰে জনবহুল চহৰত ডেৰ ঘণ্টাৰ পথ অতিক্ৰম কৰিব পাৰে। চৰকাৰে অনুমতি দিলে কোম্পানীটোৱে ২০২৬ চনৰ ভিতৰত প্ৰথম পৰ্যায়ত দিল্লীত ২০০ খন এয়াৰ  টেক্সি চলোৱাৰ   সিদ্ধান্ত লৈছে। পিছলৈ  লাহে লাহে মুম্বাই, বাংগালুৰু আৰু কলকাতাৰ দৰে ডাঙৰ চহৰতো এই সেৱা মুকলি কৰা হ'ব। এই এয়াৰ টেক্সিবোৰে উলম্বভাৱে উঠা-নমা কৰিব পাৰে। ফলস্বৰূপে  অৱতৰণ কৰাত কোনো সমস্যা নহ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ