--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে কোটিপতি সাংসদৰ সংখ্যা। ৰাজ্যসভাৰ বৰ্তমানৰ মুঠ ২৩৩  জন সাংসদৰ ভিতৰত ২২৫ জন  সাংসদৰ মাজৰে  ২৭ জন কোটিপতি সাংসদ। কোটিপতি সাংসদৰ  ভিতৰত ৬ জন বিজেপিৰ।  শুকুৰবাৰে প্ৰকাশিত  এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। 

এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেচনেল ইলেকশন ৱাচে (নিউ) প্ৰকাশ কৰা প্ৰতিবেদনত  কোৱা হৈছে যে  ৰাজ্যসভাৰ  মুঠ ২৩৩  জন সাংসদৰ ভিতৰত ২২৫  জনৰ অপৰাধমূলক অতীতৰ তথ্য  বিশ্লেষণ কৰা হৈছে। বৰ্তমানৰ ৰাজ্যসভাত এখন আসন খালী হৈ আছে আনহাতে তিনিজন সাংসদৰ শপতনামা উপলব্ধ নোহোৱাৰ বাবে বিশ্লেষণ কৰা হোৱা নাই ।  প্ৰতিবেদনখনত কোৱা হৈছে: ৰাজ্যসভাৰ ২২৫ জন বৰ্তমানৰ সাংসদৰ ভিতৰত ২৭ জন (১২ শতাংশ)কোটিপতি।

 প্ৰতিবেদনখনত এইবুলিও কোৱা হৈছে যে বিজেপিৰ সৰ্বাধিক ১০০ কোটি টকাৰ অধিক সম্পত্তিৰ থকা কোটিপতি সাংসদ আছে। তাৰ পিছতে  আছে কংগ্ৰেছ আৰু ৱাইএছআৰচিপি। প্ৰতিবেদনত কোৱা হৈছে যে ৰাজ্যসভাৰ বিজেপিৰ ৮৫ জন সাংসদৰ ভিতৰত ছয়জন  কোটিপতি সাংসদ ; কংগ্ৰেছৰ ৰাজ্যসভাৰ ৩০ জন সাংসদৰ ভিতৰত কোটিপতি  চাৰিজন ; ৱাইএছআৰচিপিৰ নজন  সাংসদৰ ভিতৰত চাৰিজন ; আপৰ ১০  জন ৰাজ্যসভাৰ  সাংসদৰ ভিতৰত তিনিজন ; টিআৰএছৰ  ৰাজ্যসভাৰ সাতজন সাংসদৰ ভিতৰত তিনিজন ; আৰু আৰজেডিৰ  ৰাজ্যসভাৰ ছয়জন সাংসদৰ ভিতৰত দুজন কোটিপতি সাংসদ। তেওঁলোকৰ  ১০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি আছে। 

 প্ৰতিবেদনত কোৱা হৈছে, "অন্ধ্ৰ প্ৰদেশৰ ১১ জন সাংসদৰ ভিতৰত পাঁচজন ; তেলেংগানাৰ সাতজন সাংসদৰ ভিতৰত তিনিজন ; মহাৰাষ্ট্ৰৰ ১৯ জন সাংসদৰ ভিতৰত তিনিজন ; দিল্লীৰ তিনিজন সাংসদৰ ভিতৰত এজন ; পঞ্জাৱৰ সাতজন সাংসদৰ ভিতৰত দুজন ; হাৰিয়ানাৰ পাঁচজন সাংসদৰ ভিতৰত এজন আৰু মধ্য প্ৰদেশৰ ১১ জন সাংসদৰ ভিতৰত দুজনে   ১০০ কোটি টকাৰ অধিক মূল্যৰ সম্পত্তি ঘোষণা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা