--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে কোটিপতি সাংসদৰ সংখ্যা। ৰাজ্যসভাৰ বৰ্তমানৰ মুঠ ২৩৩  জন সাংসদৰ ভিতৰত ২২৫ জন  সাংসদৰ মাজৰে  ২৭ জন কোটিপতি সাংসদ। কোটিপতি সাংসদৰ  ভিতৰত ৬ জন বিজেপিৰ।  শুকুৰবাৰে প্ৰকাশিত  এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। 

এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেচনেল ইলেকশন ৱাচে (নিউ) প্ৰকাশ কৰা প্ৰতিবেদনত  কোৱা হৈছে যে  ৰাজ্যসভাৰ  মুঠ ২৩৩  জন সাংসদৰ ভিতৰত ২২৫  জনৰ অপৰাধমূলক অতীতৰ তথ্য  বিশ্লেষণ কৰা হৈছে। বৰ্তমানৰ ৰাজ্যসভাত এখন আসন খালী হৈ আছে আনহাতে তিনিজন সাংসদৰ শপতনামা উপলব্ধ নোহোৱাৰ বাবে বিশ্লেষণ কৰা হোৱা নাই ।  প্ৰতিবেদনখনত কোৱা হৈছে: ৰাজ্যসভাৰ ২২৫ জন বৰ্তমানৰ সাংসদৰ ভিতৰত ২৭ জন (১২ শতাংশ)কোটিপতি।

 প্ৰতিবেদনখনত এইবুলিও কোৱা হৈছে যে বিজেপিৰ সৰ্বাধিক ১০০ কোটি টকাৰ অধিক সম্পত্তিৰ থকা কোটিপতি সাংসদ আছে। তাৰ পিছতে  আছে কংগ্ৰেছ আৰু ৱাইএছআৰচিপি। প্ৰতিবেদনত কোৱা হৈছে যে ৰাজ্যসভাৰ বিজেপিৰ ৮৫ জন সাংসদৰ ভিতৰত ছয়জন  কোটিপতি সাংসদ ; কংগ্ৰেছৰ ৰাজ্যসভাৰ ৩০ জন সাংসদৰ ভিতৰত কোটিপতি  চাৰিজন ; ৱাইএছআৰচিপিৰ নজন  সাংসদৰ ভিতৰত চাৰিজন ; আপৰ ১০  জন ৰাজ্যসভাৰ  সাংসদৰ ভিতৰত তিনিজন ; টিআৰএছৰ  ৰাজ্যসভাৰ সাতজন সাংসদৰ ভিতৰত তিনিজন ; আৰু আৰজেডিৰ  ৰাজ্যসভাৰ ছয়জন সাংসদৰ ভিতৰত দুজন কোটিপতি সাংসদ। তেওঁলোকৰ  ১০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি আছে। 

 প্ৰতিবেদনত কোৱা হৈছে, "অন্ধ্ৰ প্ৰদেশৰ ১১ জন সাংসদৰ ভিতৰত পাঁচজন ; তেলেংগানাৰ সাতজন সাংসদৰ ভিতৰত তিনিজন ; মহাৰাষ্ট্ৰৰ ১৯ জন সাংসদৰ ভিতৰত তিনিজন ; দিল্লীৰ তিনিজন সাংসদৰ ভিতৰত এজন ; পঞ্জাৱৰ সাতজন সাংসদৰ ভিতৰত দুজন ; হাৰিয়ানাৰ পাঁচজন সাংসদৰ ভিতৰত এজন আৰু মধ্য প্ৰদেশৰ ১১ জন সাংসদৰ ভিতৰত দুজনে   ১০০ কোটি টকাৰ অধিক মূল্যৰ সম্পত্তি ঘোষণা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ