--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত ১০০ দিনতকৈও অধিক হিংসাত্মক ঘটনাৰ মাজতে ৰাজ্যখনৰ ১০ জন কুকি  বিধায়কে ২১ আগষ্টৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছে। এই বিধায়কসকলে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি কয় যে বিধানসভাখন মেইটেই অধ্যুষিত অঞ্চল ইম্ফলত অৱস্থিত ।

 সেয়ে তেওঁলোকে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰে। ১০ জন বিধায়কৰ ভিতৰত  ৭  জন শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। সেই  ১০ জন বিধায়কে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান  কৰিছে।  য'ত পাঁচখন পাহাৰীয়া জিলাৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৃথক পদ বা ইয়াৰ সমতুল্য পদ সৃষ্টি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

উল্লেখ্য কুকি-জো সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ কাংপোকপি জিলাত জনজাতিটোৰ বাবে পৃথক প্ৰশাসনৰ দাবীও উত্থাপন কৰিছে।

" আমি শান্তিপূৰ্ণ ভাৱে আন্দোলন কৰিছো। আমি বিচাৰো যে চৰকাৰে আমাৰ বাবে পৃথক প্ৰশাসনৰ দাবী পূৰণ কৰক," এজন প্ৰতিবাদকাৰীয়ে কয়।

উল্লেখ্য মণিপুৰৰ চিন-কুকি-মিজো-জোমি গোটৰ জনজাতীয় বিধায়কসকলে মেইটি আৰু জনজাতীয় লোকসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰক তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে এক পৃথক প্ৰশাসন গঢ়ি তুলিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশ্যে সেই  দাবীটো নাকচ কৰিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস