--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত ১০০ দিনতকৈও অধিক হিংসাত্মক ঘটনাৰ মাজতে ৰাজ্যখনৰ ১০ জন কুকি  বিধায়কে ২১ আগষ্টৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছে। এই বিধায়কসকলে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি কয় যে বিধানসভাখন মেইটেই অধ্যুষিত অঞ্চল ইম্ফলত অৱস্থিত ।

 সেয়ে তেওঁলোকে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰে। ১০ জন বিধায়কৰ ভিতৰত  ৭  জন শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। সেই  ১০ জন বিধায়কে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান  কৰিছে।  য'ত পাঁচখন পাহাৰীয়া জিলাৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৃথক পদ বা ইয়াৰ সমতুল্য পদ সৃষ্টি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

উল্লেখ্য কুকি-জো সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ কাংপোকপি জিলাত জনজাতিটোৰ বাবে পৃথক প্ৰশাসনৰ দাবীও উত্থাপন কৰিছে।

" আমি শান্তিপূৰ্ণ ভাৱে আন্দোলন কৰিছো। আমি বিচাৰো যে চৰকাৰে আমাৰ বাবে পৃথক প্ৰশাসনৰ দাবী পূৰণ কৰক," এজন প্ৰতিবাদকাৰীয়ে কয়।

উল্লেখ্য মণিপুৰৰ চিন-কুকি-মিজো-জোমি গোটৰ জনজাতীয় বিধায়কসকলে মেইটি আৰু জনজাতীয় লোকসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰক তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে এক পৃথক প্ৰশাসন গঢ়ি তুলিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশ্যে সেই  দাবীটো নাকচ কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...