--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামপুৰহাটৰ ছাত্ৰৰ বৃহৎ সফলতা। গুগলত তেওঁ লাভ কৰিলে কোটিটকীয়া পেকেজৰ চাকৰি। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিশাখ মণ্ডলে গুগল আৰু ফেচবুকৰ পৰা লোভনীয় দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লাভ কৰে। যদিও তেওঁ প্ৰথম অৱস্থাত ফেচবুকত কাম কৰাৰ সিদ্ধান্ত লৈছিল, পিছলৈ তেওঁ গুগলত যোগদান কৰাৰ সিদ্ধান্ত লয়। মেধাৱী ছাত্ৰ বিশাখে ৫ ছেপ্টেম্বৰত তেওঁৰ কামত যোগদান কৰিছে। বিশাখৰ মাতৃয়ে অংগনবাদীত কাম কৰে। পুত্ৰই ইমান ডাঙৰ চাকৰি এটা পালেও অংগনবাদীৰ কাম এৰি দিবলৈ অনিচ্ছুক বিশাখ মণ্ডলৰ মাতৃ। পুত্ৰই যিমান ডাঙৰ চাকৰি লাভ কৰিলেও তেওঁ নিজৰ সৰু চাকৰিটো কৰি যাব বুলি ইচ্ছা ব্যক্ত কৰে মাতৃয়ে।

বিশাখ মণ্ডল আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ এজন মেধাৱী ছাত্ৰ বিশাখ। পিতৃ পেছাত এজন কৃষক।মাতৃ এগৰাকী অংগনৱাড়ীৰ কৰ্মচাৰী। এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰৰ এই বৃহৎ সফলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গুগল আৰু ফেচবুক দুয়োটাই তেওঁক কোটি টকাৰ পেকেজৰ চাকৰিৰ প্ৰস্তাৱ আগবঢ়ায়।


বিশাখে প্ৰথমে ফেচবুকত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল যদিও পাছত তেওঁৰ মন সলনি হয়। গুগলে বিশাখক ফেচবুকতকৈও অধিক টকাৰে চাকৰিৰ প্ৰস্তাৱ দিছে বুলি চৰ্চা আৰম্ভ হয়। যদিও সেই সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাই, তথাপিও জনা যায় যে গুগলে তেওঁক বছৰি ২ কোটি টকা দিব। 

এই সফলতাৰ পাছতে বিশাখে কয় যে "সৰুৰে পৰা মা-দেউতাই বহুত কষ্ট পোৱা দেখিছোঁ। মোক কেতিয়াও তেওঁলোকে কোনো কামৰ বাবে হেঁচা দিয়া নাছিল। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল মই ভাল মানুহ হোৱা। মই সদায় সেইটোৱেই হ'বলৈ চেষ্টা কৰি আহিছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু