--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামপুৰহাটৰ ছাত্ৰৰ বৃহৎ সফলতা। গুগলত তেওঁ লাভ কৰিলে কোটিটকীয়া পেকেজৰ চাকৰি। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিশাখ মণ্ডলে গুগল আৰু ফেচবুকৰ পৰা লোভনীয় দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লাভ কৰে। যদিও তেওঁ প্ৰথম অৱস্থাত ফেচবুকত কাম কৰাৰ সিদ্ধান্ত লৈছিল, পিছলৈ তেওঁ গুগলত যোগদান কৰাৰ সিদ্ধান্ত লয়। মেধাৱী ছাত্ৰ বিশাখে ৫ ছেপ্টেম্বৰত তেওঁৰ কামত যোগদান কৰিছে। বিশাখৰ মাতৃয়ে অংগনবাদীত কাম কৰে। পুত্ৰই ইমান ডাঙৰ চাকৰি এটা পালেও অংগনবাদীৰ কাম এৰি দিবলৈ অনিচ্ছুক বিশাখ মণ্ডলৰ মাতৃ। পুত্ৰই যিমান ডাঙৰ চাকৰি লাভ কৰিলেও তেওঁ নিজৰ সৰু চাকৰিটো কৰি যাব বুলি ইচ্ছা ব্যক্ত কৰে মাতৃয়ে।

বিশাখ মণ্ডল আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ এজন মেধাৱী ছাত্ৰ বিশাখ। পিতৃ পেছাত এজন কৃষক।মাতৃ এগৰাকী অংগনৱাড়ীৰ কৰ্মচাৰী। এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰৰ এই বৃহৎ সফলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গুগল আৰু ফেচবুক দুয়োটাই তেওঁক কোটি টকাৰ পেকেজৰ চাকৰিৰ প্ৰস্তাৱ আগবঢ়ায়।


বিশাখে প্ৰথমে ফেচবুকত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল যদিও পাছত তেওঁৰ মন সলনি হয়। গুগলে বিশাখক ফেচবুকতকৈও অধিক টকাৰে চাকৰিৰ প্ৰস্তাৱ দিছে বুলি চৰ্চা আৰম্ভ হয়। যদিও সেই সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাই, তথাপিও জনা যায় যে গুগলে তেওঁক বছৰি ২ কোটি টকা দিব। 

এই সফলতাৰ পাছতে বিশাখে কয় যে "সৰুৰে পৰা মা-দেউতাই বহুত কষ্ট পোৱা দেখিছোঁ। মোক কেতিয়াও তেওঁলোকে কোনো কামৰ বাবে হেঁচা দিয়া নাছিল। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল মই ভাল মানুহ হোৱা। মই সদায় সেইটোৱেই হ'বলৈ চেষ্টা কৰি আহিছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক