--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানিৰ ব্যৱসায়িক ক্ষেত্ৰত থকা দখলৰ বিষয়ে সকলো জ্ঞাত৷ শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰিও তেওঁ শত কোটিৰ গৰাকী হৈছিল৷ তেওঁৰ এই যাত্ৰা তথা তেওঁৰ জীৱনৰ কথা জানিবলৈ সকলো যথেষ্ট আগ্ৰহী৷ আজি এই লেখাটোৰ জৰিয়তে জানিবলৈ পাব তেখেতৰ জীৱনৰ বিষয়ে  এক আমোদজনক  তথা আৱেগিক কথা৷ 

ধীৰুভাই আম্বানিয়ে সমগ্ৰ বিশ্বকে প্ৰমাণ কৰি দিছিল যে, কোনো সপোন ইমানো ডাঙৰ নহয় যে তাক  বাস্তৱত পৰিণত কৰিব নোৱাৰি। যদিও আমি তেওঁৰ ব্যৱসায়িক দক্ষতাৰ বিষয়ে জানো,  বহুতে তেওঁৰ নাতিনী ঈশা আম্বানিৰ সৈতে থকা বিশেষ সম্পৰ্কৰ  বিষয়ে নাজানে।

ধীৰুভাই আম্বানিয়ে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ বৰ্তমান তেওঁৰ  উত্তৰাধিকাৰী  মুকেশ আম্বানি আৰু অনিল আম্বানিয়ে এই ব্যৱসায় আগবঢ়াই নিছে৷ ১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ এখন  সৰু গাওঁখনৰ এটা  শিক্ষক পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁ  বিশ্বাস কৰিছিল যে যদি আপুনি দৰিদ্ৰ হৈ জন্মগ্ৰহণ কৰে তেন্তে এয়া আপোনাৰ দোষ নহয়৷ কিন্তু যদি আপুনি দৰিদ্ৰ হৈ মৃত্যুবৰণ কৰে, তেন্তে এয়া আপোনাৰ দোষ। 

১৯৯১ চনৰ ২৩ অক্টোবৰত মুকেশ আম্বানি আৰু নীতা আম্বানিৰ যমজ সন্তান আকাশ আম্বানি আৰু ঈশা আম্বানিয়ে জন্ম লাভ কৰিছিল। এইয়া আছিল ধীৰুভাই আম্বানি আৰু কোকিলাবেন আম্বানিৰ বাবে অতি সুখৰ সময়৷ মুখত সোণৰ চামুচ লৈ জন্ম গ্ৰহণ কৰা দুই নাতিনীয়েকক অতি আদৰৰে ডাঙৰ কৰিছে আম্বানি পৰিয়ালে৷ ঈশা আম্বানিৰ বিবাহৰ পূৰ্বে  হোৱা এটা অনুষ্ঠানৰ সময়ত, তেওঁৰ আইতাক  কোকিলাবেন আম্বানিয়ে  নাতিনীয়েক ঈশা আম্বানিৰ প্ৰতি থকা ধীৰুভাই আম্বানিৰ মৰমক বুজাবলৈ এটি সঁচা ঘটনাক শ্বেয়াৰ কৰিছিল৷ সেই অনুষ্ঠানতে কোকিলাবেন আম্বানিয়ে কৈছিল যে ,ৰাতিপুৱা  নাতিনী ঈশাক তেওঁৰ কোঠালীত গৈ চোৱাৰ পিছতহে দিনটোৰ কাম আৰম্ভ কৰিছিল ধীৰুভাই আম্বানিয়ে৷ আনকি ঈশাক নেদেখালৈকে ৰাতিপুৱাৰ চাহকাপো গ্ৰহণ নকৰিছিল তেওঁ৷ ঈশা ৬ বছৰীয়া হৈ থকাৰে পৰা এই নিয়ম মানি আহিছিল ককাক ধীৰুভাই আম্বানিয়ে৷ লগতে পৰিয়ালৰ আন শিশু সকলৰ ভিতৰতেই ঈশা আছিল তেওঁৰ আটাইতকৈ প্ৰিয়৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু