--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানিৰ ব্যৱসায়িক ক্ষেত্ৰত থকা দখলৰ বিষয়ে সকলো জ্ঞাত৷ শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰিও তেওঁ শত কোটিৰ গৰাকী হৈছিল৷ তেওঁৰ এই যাত্ৰা তথা তেওঁৰ জীৱনৰ কথা জানিবলৈ সকলো যথেষ্ট আগ্ৰহী৷ আজি এই লেখাটোৰ জৰিয়তে জানিবলৈ পাব তেখেতৰ জীৱনৰ বিষয়ে  এক আমোদজনক  তথা আৱেগিক কথা৷ 

ধীৰুভাই আম্বানিয়ে সমগ্ৰ বিশ্বকে প্ৰমাণ কৰি দিছিল যে, কোনো সপোন ইমানো ডাঙৰ নহয় যে তাক  বাস্তৱত পৰিণত কৰিব নোৱাৰি। যদিও আমি তেওঁৰ ব্যৱসায়িক দক্ষতাৰ বিষয়ে জানো,  বহুতে তেওঁৰ নাতিনী ঈশা আম্বানিৰ সৈতে থকা বিশেষ সম্পৰ্কৰ  বিষয়ে নাজানে।

ধীৰুভাই আম্বানিয়ে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ বৰ্তমান তেওঁৰ  উত্তৰাধিকাৰী  মুকেশ আম্বানি আৰু অনিল আম্বানিয়ে এই ব্যৱসায় আগবঢ়াই নিছে৷ ১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ এখন  সৰু গাওঁখনৰ এটা  শিক্ষক পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁ  বিশ্বাস কৰিছিল যে যদি আপুনি দৰিদ্ৰ হৈ জন্মগ্ৰহণ কৰে তেন্তে এয়া আপোনাৰ দোষ নহয়৷ কিন্তু যদি আপুনি দৰিদ্ৰ হৈ মৃত্যুবৰণ কৰে, তেন্তে এয়া আপোনাৰ দোষ। 

১৯৯১ চনৰ ২৩ অক্টোবৰত মুকেশ আম্বানি আৰু নীতা আম্বানিৰ যমজ সন্তান আকাশ আম্বানি আৰু ঈশা আম্বানিয়ে জন্ম লাভ কৰিছিল। এইয়া আছিল ধীৰুভাই আম্বানি আৰু কোকিলাবেন আম্বানিৰ বাবে অতি সুখৰ সময়৷ মুখত সোণৰ চামুচ লৈ জন্ম গ্ৰহণ কৰা দুই নাতিনীয়েকক অতি আদৰৰে ডাঙৰ কৰিছে আম্বানি পৰিয়ালে৷ ঈশা আম্বানিৰ বিবাহৰ পূৰ্বে  হোৱা এটা অনুষ্ঠানৰ সময়ত, তেওঁৰ আইতাক  কোকিলাবেন আম্বানিয়ে  নাতিনীয়েক ঈশা আম্বানিৰ প্ৰতি থকা ধীৰুভাই আম্বানিৰ মৰমক বুজাবলৈ এটি সঁচা ঘটনাক শ্বেয়াৰ কৰিছিল৷ সেই অনুষ্ঠানতে কোকিলাবেন আম্বানিয়ে কৈছিল যে ,ৰাতিপুৱা  নাতিনী ঈশাক তেওঁৰ কোঠালীত গৈ চোৱাৰ পিছতহে দিনটোৰ কাম আৰম্ভ কৰিছিল ধীৰুভাই আম্বানিয়ে৷ আনকি ঈশাক নেদেখালৈকে ৰাতিপুৱাৰ চাহকাপো গ্ৰহণ নকৰিছিল তেওঁ৷ ঈশা ৬ বছৰীয়া হৈ থকাৰে পৰা এই নিয়ম মানি আহিছিল ককাক ধীৰুভাই আম্বানিয়ে৷ লগতে পৰিয়ালৰ আন শিশু সকলৰ ভিতৰতেই ঈশা আছিল তেওঁৰ আটাইতকৈ প্ৰিয়৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক