--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰোনাৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়াও সেই ত্ৰাস আঁতৰা নাই।   বৰ্তমান ভাৰতত কোভিডৰ সংক্ৰমণ একপ্ৰকাৰ  নিয়ন্ত্ৰণতে আছে। কিন্তু কোভিডে এতিয়া  চীনকে ধৰি বহু দেশত নতুনকৈ আতংক বিয়পাই দিছে।  ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (চিডিচি) তথা খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এনে এক মন্তব্য কৰিছে যিটো মন্তব্যই বহুতকে  শংকিত কৰি তুলিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য সংস্থাৰ মতে ফাইজাৰ আৰু বায়োএনটেকৰ বাইভেলেণ্ট কোভিড-১৯  ভেকছিনে বেছি বয়সৰ মানুহৰ  ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিব পাৰে। তথাপি চিডিচিয়ে সকলোকে টিকাকৰণ কৰিবলৈ পৰামৰ্শ দিছে। 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ অধ্যয়নে দেখুৱাইছে যে ৬৫ বছৰ বা অধিক বয়সৰ যিসকল লোকক  টিকাকৰণ কৰা হৈছে তেোঁলোকৰ  ইস্কিমিক ষ্ট্ৰোক হোৱাৰ আশংকা যথেষ্ট বেছি। উল্লেখ্য  মগজু বা মেৰুদণ্ডলৈ তেজ যোগান ধৰা ৰক্ত নলীবোৰত অৱৰোধ সৃষ্টি হ’লে তাক  ইস্কিমিক ষ্ট্ৰোক বুলি কোৱা হয়।

ইপিনে এক বিবৃতিত পিফাইজাৰ আৰু বায়োএনটেকে কৈছে  যে তেওঁলোকে এনে দাবীৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত। কিন্তু এতিয়ালৈকে তেনে কোনো ঘটনাৰ প্ৰমাণ পোৱা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক