--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰোনাৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়াও সেই ত্ৰাস আঁতৰা নাই।   বৰ্তমান ভাৰতত কোভিডৰ সংক্ৰমণ একপ্ৰকাৰ  নিয়ন্ত্ৰণতে আছে। কিন্তু কোভিডে এতিয়া  চীনকে ধৰি বহু দেশত নতুনকৈ আতংক বিয়পাই দিছে।  ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (চিডিচি) তথা খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এনে এক মন্তব্য কৰিছে যিটো মন্তব্যই বহুতকে  শংকিত কৰি তুলিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য সংস্থাৰ মতে ফাইজাৰ আৰু বায়োএনটেকৰ বাইভেলেণ্ট কোভিড-১৯  ভেকছিনে বেছি বয়সৰ মানুহৰ  ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিব পাৰে। তথাপি চিডিচিয়ে সকলোকে টিকাকৰণ কৰিবলৈ পৰামৰ্শ দিছে। 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ অধ্যয়নে দেখুৱাইছে যে ৬৫ বছৰ বা অধিক বয়সৰ যিসকল লোকক  টিকাকৰণ কৰা হৈছে তেোঁলোকৰ  ইস্কিমিক ষ্ট্ৰোক হোৱাৰ আশংকা যথেষ্ট বেছি। উল্লেখ্য  মগজু বা মেৰুদণ্ডলৈ তেজ যোগান ধৰা ৰক্ত নলীবোৰত অৱৰোধ সৃষ্টি হ’লে তাক  ইস্কিমিক ষ্ট্ৰোক বুলি কোৱা হয়।

ইপিনে এক বিবৃতিত পিফাইজাৰ আৰু বায়োএনটেকে কৈছে  যে তেওঁলোকে এনে দাবীৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত। কিন্তু এতিয়ালৈকে তেনে কোনো ঘটনাৰ প্ৰমাণ পোৱা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি