--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ বিহু আহি পদূলিমুখ পালেহি। মকৰ সংক্ৰান্তিৰ উৎসৱ দেশত অতি আড়ম্বৰেৰে পালন কৰা হয়। মকৰ সক্ৰান্তিত মানুহে দৈ-চিৰা খোৱাটো শুভ বুলি গণ্য কৰে। আপুনিও দৈ-চিৰা নোখোৱাকৈ নাথাকিব। দৈ-চিৰাত কেলচিয়াম আৰু ফছফৰাছ পোৱা যায়। সেইবাবেই এই খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে পাচনতন্ত্ৰও সুস্থ হৈ থাকে। দৈ-চিৰা খালে পেটটো বহুসময় ভৰি থাকে। জানো আহক দৈ-চিৰা খোৱাৰ উপকাৰিতা কি?

মকৰ সংক্ৰান্তিৰ দিনা দৈ-চিৰা খোৱাৰ উপকাৰিতা-

১) হাড়বোৰ মজবুত হয়ঃ দৈ-চিৰা খালে হাড় মজবুত হয় আৰু পেশীৰ বিষ কমে। কাৰণ দৈত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায় যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। এইটো আপোনাৰ স্বাস্থ্যৰ বাবে বহুত ভাল।

২) পাচনতন্ত্ৰ শক্তিশালী হয়ঃ দৈ-চিৰা খালে পাচনতন্ত্ৰ সবল হৈ থাকে। কাৰণ ইয়াক হজম কৰাটো অতি সহজ, ইয়াক খালে গেছ বা বদহজমৰ কোনো সমস্যা নহয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও নাইকিয়া হয়।

৩) ওজন কমেঃ দৈ-চিৰা খালে ওজন কমোৱাত সহায় হয়। কাৰণ দৈ-চিৰাত কেলৰিৰ পৰিমাণ বহুত কম।

৪) আয়ৰনেৰে ভৰপূৰঃ দৈ-চিৰা খালে শৰীৰৰ দুৰ্বলতা সহজে দূৰ হয়। আনহাতে যদি শৰীৰত তেজৰ অভাৱ হয়, তেন্তে দৈ-চিৰা আৰু গুৰ সেৱন কৰিব পাৰি। এইখিনি খালে ৰক্তহীনতাৰ সমস্যা নাইকিয়া হয়।

৫) ডায়েবেটিছত উপকাৰী- যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে আপুনি দৈ-চিৰা সেৱন কৰিব পাৰে, ই আপোনাৰ বাবে স্বাস্থ্যকৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক