--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পুনৰ কৰোনা ভাইৰাছক লৈ আতংক বাঢ়িছে বিশ্ববাসীৰ মনত৷ ইয়াৰ মাজতে পুনৰ আৱিষ্কাৰ হ’ল ক’ভিড-১৯ৰ আন এক প্ৰজাতি 'ক্ৰাকেন’ ৷ তথ্য অনুসৰি এই প্ৰজাতিয়ে  দ্ৰুত হাৰত সংক্ৰমণ বিয়পাব পাৰে। 

২০২২ চনত, আমেৰিকাত এই প্ৰজাতিৰ  প্ৰথম ঘটনা পোৱা গৈছিল। তেতিয়াৰে পৰা, সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কৰোনাৰ এই নতুন প্ৰকাৰে এতিয়া আমেৰিকাৰ উপৰিও আন ২৮ খন দেশক আক্ৰমণ কৰিছে।

 ক্ৰাকেনে এতিয়া চিন্তাত পেলাইছে বিশেষজ্ঞসকলক৷ কাৰণ এই প্ৰজাতিটো অতি দ্ৰুত গতিত সংক্ৰমণ বিয়পাবলৈ সক্ষম।  বৰ্তমান, এই ক্ৰাকেনৰ  বাবে সংক্ৰমণৰ হাৰ দুগুণ হৈছে।

কাৰিকৰী পৰামৰ্শদাতা গোটে কৈছিল, "সংক্ৰমণৰ বাবে আমেৰিকা যুক্তৰাজ্য আৰু অন্যান্য দেশত এক্সবিবি.১.৫ দ্ৰুতগতিত বিয়পি আছে। যিটো উদ্বেগজনক। ''

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ পৰিসংখ্যা অনুসৰি, এই উপপ্ৰকাৰটোৱে ডিচেম্বৰ ২০২২চনত আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা সংক্ৰমণৰ ১ শতাংশ আছিল। বৰ্তমান, হাৰ হৈছে ৪১  শতাংশ। অৰ্থাৎ, কৰোনাৰ এই উপপ্ৰকাৰে অতি দ্ৰুত গতিত সংক্ৰমণ বিয়পাই আছে। বিশ্ব স্বাস্থ্য সংস্থাই ক্ৰাকেনক 'অত্যন্ত সংক্ৰামক উপপ্ৰকাৰ' বুলি বৰ্ণনা কৰিছে।

এই প্ৰাদুৰ্ভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ২৮ খন দেশলৈ বিয়পি পৰিছে। বিশেষজ্ঞসকলৰ মতে, যিহেতু বহুতো দেশত কোভিড নিয়ম কঠোৰ কৰা হৈছে আৰু পৰীক্ষা হ্ৰাস কৰা হৈছে, যাতে এই উপপ্ৰকাৰটো সহজে প্ৰতিহত কৰিব পাৰি৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক