--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অব্যাহত আছে পাকিস্তানৰ ষড়যন্ত্ৰ৷ এইবাৰ চীনৰ অস্ত্ৰ-শস্ত্ৰ ভৰ্তি ড্ৰোন ভাৰতৰ দিশে প্ৰেৰণ কৰিলে পাকিস্তানে৷ পাকিস্তানৰ পৰা পঠিওৱা ড্ৰোন খনত  চাৰিটা চীনা বন্দুক আৰু সতেজ কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে। ঘটনাটো পঞ্জাৱৰ গুৰদাসপুৰত সংঘটিত হৈছে। বুধবাৰে বিএছএফে এই কথা প্ৰকাশ কৰে৷ 

এক বিবৃতিত সীমান্ত সুৰক্ষা বাহিনীয়ে কয় যে ১৭ আৰু ১৮ জানুৱাৰীৰ মাজনিশা বিএছএফৰ এটা টহলদাৰী দলে গুৰদাসপুৰৰ উঞ্চা তাকালা গাঁৱত টহল দি আছিল। সেই সময়ত তেওঁলোকে ড্ৰোন উৰি যোৱাৰ শব্দ শুনিছিল। ড্ৰোন খনলৈ লক্ষ্য কি  তৎক্ষণাৎ গুলীবৰ্ষণ কৰা হৈছিল। অলপ সময়ৰ পিছত ড্ৰোন খন ভূপতিত হয়। ড্ৰোন খনত থকা বাকচ  খোলাৰ লগে লগে বন্দুকৰ লগতে আন সামগ্ৰীসমূহ ওলাই পৰে৷  
বিএছএফৰ সূত্ৰ অনুসৰি চীনত তৈয়াৰ কৰা চাৰিটা পিষ্টল, আঠটা মেগজিন  আৰু ৪৭ ৰাউণ্ড গুলী বাকচটোৰ পৰা উদ্ধাৰ কৰা হৈছে। 

উল্লেখ্য ড্ৰোনৰ জৰিয়তে পাকিস্তানৰ পৰা পঞ্জাৱলৈ অস্ত্ৰ আৰু ড্ৰাগছ প্ৰেৰণ কৰাটো নতুন কথা নহয়। পাকিস্তানে দীৰ্ঘদিন ধৰি  এনে কাম কৰি আহিছে। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বিএছএফে ড্ৰোন ধ্বংস কৰাৰ লগতে পাকিস্তানৰ পৰা প্ৰেৰণ কৰা অস্ত্ৰ আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক