--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অব্যাহত আছে পাকিস্তানৰ ষড়যন্ত্ৰ৷ এইবাৰ চীনৰ অস্ত্ৰ-শস্ত্ৰ ভৰ্তি ড্ৰোন ভাৰতৰ দিশে প্ৰেৰণ কৰিলে পাকিস্তানে৷ পাকিস্তানৰ পৰা পঠিওৱা ড্ৰোন খনত  চাৰিটা চীনা বন্দুক আৰু সতেজ কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে। ঘটনাটো পঞ্জাৱৰ গুৰদাসপুৰত সংঘটিত হৈছে। বুধবাৰে বিএছএফে এই কথা প্ৰকাশ কৰে৷ 

এক বিবৃতিত সীমান্ত সুৰক্ষা বাহিনীয়ে কয় যে ১৭ আৰু ১৮ জানুৱাৰীৰ মাজনিশা বিএছএফৰ এটা টহলদাৰী দলে গুৰদাসপুৰৰ উঞ্চা তাকালা গাঁৱত টহল দি আছিল। সেই সময়ত তেওঁলোকে ড্ৰোন উৰি যোৱাৰ শব্দ শুনিছিল। ড্ৰোন খনলৈ লক্ষ্য কি  তৎক্ষণাৎ গুলীবৰ্ষণ কৰা হৈছিল। অলপ সময়ৰ পিছত ড্ৰোন খন ভূপতিত হয়। ড্ৰোন খনত থকা বাকচ  খোলাৰ লগে লগে বন্দুকৰ লগতে আন সামগ্ৰীসমূহ ওলাই পৰে৷  
বিএছএফৰ সূত্ৰ অনুসৰি চীনত তৈয়াৰ কৰা চাৰিটা পিষ্টল, আঠটা মেগজিন  আৰু ৪৭ ৰাউণ্ড গুলী বাকচটোৰ পৰা উদ্ধাৰ কৰা হৈছে। 

উল্লেখ্য ড্ৰোনৰ জৰিয়তে পাকিস্তানৰ পৰা পঞ্জাৱলৈ অস্ত্ৰ আৰু ড্ৰাগছ প্ৰেৰণ কৰাটো নতুন কথা নহয়। পাকিস্তানে দীৰ্ঘদিন ধৰি  এনে কাম কৰি আহিছে। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বিএছএফে ড্ৰোন ধ্বংস কৰাৰ লগতে পাকিস্তানৰ পৰা প্ৰেৰণ কৰা অস্ত্ৰ আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু