--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ বহু গ্ৰাম্য অঞ্চল এতিয়া  কোভিডৰ কবলত ।  নূন্যতম চিকিৎসা সেৱাৰ বাবেও সংগ্ৰাম কৰি আছে বহুলোকে । বহুতে চিকিৎসা অবিহনে মৃত্যুমুখত পৰিছে। কিছুমানে চৰম পথ বাছনি কৰিছে।

চীনৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। প্ৰতিদিনে বহু সংখ্যক লোক এই  ভাইৰাছৰ চিকাৰ হৈ আছে, বহুলোকৰ মৃত্যু হৈছে। চীনৰ সংবাদ মাধ্যমৰ মতে, চীনৰ গ্ৰাম্য অঞ্চলৰ বহুতো বৃদ্ধ ৰোগীয়ে কোভিড-১৯ সংক্ৰমণৰ আশংকাৰ বাবে আত্মহত্যা কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। গাওঁসমূহৰ  চিকিৎসালয়সমূহো এতিয়া  এখন এখনকৈ  বন্ধ হোৱাৰ পথত।

চীনা সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চীনৰ  চহৰতকৈ গ্ৰাম্য অঞ্চলত পৰিস্থিতি বেয়া। মানুহে আনকি তাত নূন্যতম চিকিৎসা সেৱাৰ বাবেও সংগ্ৰাম কৰি আছে। বহুতে চিকিৎসা অবিহনে মৃত্যুমুখত পৰিছে। কিছুমানে পুনৰ চৰম পথ বাছনি কৰিছে।

চিকিৎসালয়সমূহত মুখ্যতঃ ঔষধ আৰু অন্যান্য চিকিৎসা সঁজুলি শেষ হৈ গৈছে। পৰ্যাপ্ত চিকিৎসা সঁজুলি উপলব্ধ নহয়। ফলস্বৰূপে, কোভিড সংক্ৰমিত ৰোগীসকলে সেৱা লাভ কৰা নাই। আনকি গাওঁখনৰ চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰতো  ঔষধ উপলব্ধ নহয়। 

বেইজিঙে কোভিড পৰিস্থিতিক লৈ ব্যাপক আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈ দেশখনত কোভিডৰ দৈনিক পৰিসংখ্যা প্ৰকাশ কৰা বন্ধ কৰিছে। ফলস্বৰূপে, প্ৰতিদিনে কিমান জন লোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে, কিমান জন লোকৰ মৃত্যু হৈছে সেয়া জনা নাযায়। 

 বেইজিঙে কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ এক শূন্য-কোভিড নীতি গ্ৰহণ কৰিছিল। সমগ্ৰ দেশতে কঠোৰ লকডাউন আৰু অন্যান্য নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰ পিছত, আঁচনিখন শেহতীয়াকৈ শিথিল কৰা হৈছে। যদিও চৰকাৰৰ সিদ্ধান্তক বিশেষজ্ঞসকলে সমৰ্থন কৰিছিল, সাধাৰণ ৰাইজে নিষেধাজ্ঞা শিথিল কৰাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ