--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰোগবিধকলৈ নিত্য-নতুন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। কোভিডে মানৱ  দেহৰ বিভিন্ন অংগৰ ক্ষতিসাধন কৰাৰ লগতে এই মাৰাত্ম ৰোগ বিধৰ বাবে আক্ৰান্ত জনৰ কণ্ঠস্বৰ চিৰদিনৰ বাবে হেৰাই যাবও পাৰে। শেহতীয়া এক ঘটনা আৰু গৱেষণাই সেই কথাই প্ৰমাণ কৰিছে। কৰোনাৰ জেএন.১ ভাইৰাছৰ নতুন প্ৰকাৰটোৱে কেৱল চীন-ছিংগাপুৰতে নহয় ভাৰতৰো  বহু  ঠাইত ত্ৰাসৰ সৃষ্টি কৰিছে। 

কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গোৱাৰ কিছু অংশত এই নতুন সংক্ৰমণে মানুহক দ্ৰুতগতিত ৰুগীয়া কৰি তুলিছে। কৰোনাই আকৌ এবাৰ ওমাইক্ৰন জেএন.১-ৰ এই নতুন উপ-প্ৰকাৰৰ সৈতে দেশত নতুন বিপদ কঢ়িয়াই আনিছে। ইয়াৰ মাজতে কৰোনা সম্পৰ্কীয় শেহতীয়া গৱেষণাই সকলোকে আচৰিত কৰিছে। গৱেষণাৰ পৰা জানিব পৰা  গৈছে যে এই বিপজ্জনক ভাইৰাছবিধে কেৱল সোৱাদ আৰু গোন্ধৰ ওপৰতেই প্ৰভাৱ নেপেলায়, ভাইৰাছবিধে আক্ৰান্তজনৰ  ডিঙিৰো অত্যধিক ক্ষতিসাধন কৰিব পাৰে। শেঙতীয়াকৈ  কৰোনা ভাইৰাছত আক্ৰান্ত  এগৰাকী ১৫  বছৰীয়া কিশোৰীয়ে তেওঁ কণ্ঠস্বৰ হেৰুৱাই পেলাইছে। 

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে কিশোৰীগৰাকীৰ কণ্ঠনলী পক্ষাঘাতত আক্ৰান্ত হয় আৰু তেওঁ কথা কব নোৱাৰা হৈ পৰে। এনে বিপদৰ কথাই এতিয়া ৰোগবিধকলৈ উদ্বেগ অধিক বঢ়াই তুলিছে। গৱেষণাত দেখা গৈছে যে কৰোনা সংক্ৰমণে ডিঙি সংক্ৰমিত কৰে। বিশেষজ্ঞসকলৰ মতে, ইয়াক কণ্ঠনলীৰ পক্ষাঘাত বুলি কোৱা হয়।ফলত কোভিড আক্ৰান্তজনে  লাহে লাহে কথা কোৱাৰ ক্ষমতা হেৰুৱাব পাৰে। 

দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে ২০ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সকলো ৰাজ্যৰ  স্বাস্থ্য মন্ত্ৰীৰ এখন বৈঠক আহ্বান কৰিছিল। বৈঠকত প্ৰতি তিনি মাহত চিকিৎসালয়সমূহৰ কোভিড পৰীক্ষা আৰু মক ড্ৰিল অনুষ্ঠিত কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। 

কৰোনা ভাইৰাছৰ  নতুন উপ-প্ৰকাৰ  জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।   যোৱা ২৪ ঘণ্টাত ১০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে  উদ্বেগ বাঢ়ি আহিছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত   পুনৰ কোভিড ভেকছিন ল'বলগীয়া হ’ব নেকি?

দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ'ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও  পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক  জোৰ দিছে। ডাঃ অৰোৰাই কয়  যে ৬০  বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক'লে, " সপ্তাহত   বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু