--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰোগবিধকলৈ নিত্য-নতুন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। কোভিডে মানৱ  দেহৰ বিভিন্ন অংগৰ ক্ষতিসাধন কৰাৰ লগতে এই মাৰাত্ম ৰোগ বিধৰ বাবে আক্ৰান্ত জনৰ কণ্ঠস্বৰ চিৰদিনৰ বাবে হেৰাই যাবও পাৰে। শেহতীয়া এক ঘটনা আৰু গৱেষণাই সেই কথাই প্ৰমাণ কৰিছে। কৰোনাৰ জেএন.১ ভাইৰাছৰ নতুন প্ৰকাৰটোৱে কেৱল চীন-ছিংগাপুৰতে নহয় ভাৰতৰো  বহু  ঠাইত ত্ৰাসৰ সৃষ্টি কৰিছে। 

কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গোৱাৰ কিছু অংশত এই নতুন সংক্ৰমণে মানুহক দ্ৰুতগতিত ৰুগীয়া কৰি তুলিছে। কৰোনাই আকৌ এবাৰ ওমাইক্ৰন জেএন.১-ৰ এই নতুন উপ-প্ৰকাৰৰ সৈতে দেশত নতুন বিপদ কঢ়িয়াই আনিছে। ইয়াৰ মাজতে কৰোনা সম্পৰ্কীয় শেহতীয়া গৱেষণাই সকলোকে আচৰিত কৰিছে। গৱেষণাৰ পৰা জানিব পৰা  গৈছে যে এই বিপজ্জনক ভাইৰাছবিধে কেৱল সোৱাদ আৰু গোন্ধৰ ওপৰতেই প্ৰভাৱ নেপেলায়, ভাইৰাছবিধে আক্ৰান্তজনৰ  ডিঙিৰো অত্যধিক ক্ষতিসাধন কৰিব পাৰে। শেঙতীয়াকৈ  কৰোনা ভাইৰাছত আক্ৰান্ত  এগৰাকী ১৫  বছৰীয়া কিশোৰীয়ে তেওঁ কণ্ঠস্বৰ হেৰুৱাই পেলাইছে। 

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে কিশোৰীগৰাকীৰ কণ্ঠনলী পক্ষাঘাতত আক্ৰান্ত হয় আৰু তেওঁ কথা কব নোৱাৰা হৈ পৰে। এনে বিপদৰ কথাই এতিয়া ৰোগবিধকলৈ উদ্বেগ অধিক বঢ়াই তুলিছে। গৱেষণাত দেখা গৈছে যে কৰোনা সংক্ৰমণে ডিঙি সংক্ৰমিত কৰে। বিশেষজ্ঞসকলৰ মতে, ইয়াক কণ্ঠনলীৰ পক্ষাঘাত বুলি কোৱা হয়।ফলত কোভিড আক্ৰান্তজনে  লাহে লাহে কথা কোৱাৰ ক্ষমতা হেৰুৱাব পাৰে। 

দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে ২০ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সকলো ৰাজ্যৰ  স্বাস্থ্য মন্ত্ৰীৰ এখন বৈঠক আহ্বান কৰিছিল। বৈঠকত প্ৰতি তিনি মাহত চিকিৎসালয়সমূহৰ কোভিড পৰীক্ষা আৰু মক ড্ৰিল অনুষ্ঠিত কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। 

কৰোনা ভাইৰাছৰ  নতুন উপ-প্ৰকাৰ  জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।   যোৱা ২৪ ঘণ্টাত ১০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে  উদ্বেগ বাঢ়ি আহিছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত   পুনৰ কোভিড ভেকছিন ল'বলগীয়া হ’ব নেকি?

দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ'ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও  পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক  জোৰ দিছে। ডাঃ অৰোৰাই কয়  যে ৬০  বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক'লে, " সপ্তাহত   বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক