--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ দিনবোৰ পুনৰ ঘূৰি আহিব নেকি! যোৱা কেইদিনমানৰ ভিতৰত উত্তৰ কেৰালাত কোভিডৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় যে ২০২০  চনত এই দক্ষিণৰ ৰাজ্যখনে কোভিডৰ ক্ষেত্ৰত   সমগ্ৰ ভাৰততে  উদ্বেগৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ কোজিকোড জিলাৰ কালিয়াট্টুপাৰামবাথা কুমাৰন (৭৭) আৰু কান্নুৰ জিলাৰ ৮২ বছৰীয়া পালাক্কান্দি আব্দুল্লাৰ কোভিদত মৃত্যু হৈছে। শুক্ৰবাৰে আব্দুল্লাৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ কাহ আৰু উশাহ চুটি হোৱা লক্ষণত ভুগি আছিল। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। কেৰালাত যোৱা কেইদিনমানৰ পৰা কোভিড সংক্ৰমণৰ  ঘটনা  বৃদ্ধি পাইছে। নৱেম্বৰত কেৰালাত ৪৭০  টা কোভিড সংক্ৰমণৰ ঘটনা ঘটিছিল। ডিচেম্বৰৰ প্ৰথম ১০  দিনত ৰাজ্যখনত ৮২৫  টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। 

কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰ্দি, কাহ, উশাহ চুটি হোৱা, নিম্ন ৰক্তচাপ, খোৱাত অসুবিধা পোৱা  লোকসকলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। যদি কোনোবাই  ভাবে যে তেওঁৰ  কোভিড হৈছে, তেওঁ  তেজ পৰীক্ষা কৰিব লাগিব,  যাতে চিকিৎসা সোনকালে আৰম্ভ কৰিব পাৰি। অৱশ্যে, চিকিৎসকসকলে কৈছে  যে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো এনে লক্ষণবোৰে দেখা দিব পাৰে।  শেহতীয়াকৈ  কেৰালাত কোভিডৰ নতুন প্ৰজাতি  জে.এন.১ ত এগৰাকী মহিলা আক্ৰান্ত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement