ডিজিটেল ডেস্কঃ ভয়াৱহ দিনবোৰ পুনৰ ঘূৰি আহিব নেকি! যোৱা কেইদিনমানৰ ভিতৰত উত্তৰ কেৰালাত কোভিডৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় যে ২০২০ চনত এই দক্ষিণৰ ৰাজ্যখনে কোভিডৰ ক্ষেত্ৰত সমগ্ৰ ভাৰততে উদ্বেগৰ সৃষ্টি কৰিছিল।
শেহতীয়াকৈ কোজিকোড জিলাৰ কালিয়াট্টুপাৰামবাথা কুমাৰন (৭৭) আৰু কান্নুৰ জিলাৰ ৮২ বছৰীয়া পালাক্কান্দি আব্দুল্লাৰ কোভিদত মৃত্যু হৈছে। শুক্ৰবাৰে আব্দুল্লাৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ কাহ আৰু উশাহ চুটি হোৱা লক্ষণত ভুগি আছিল। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। কেৰালাত যোৱা কেইদিনমানৰ পৰা কোভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। নৱেম্বৰত কেৰালাত ৪৭০ টা কোভিড সংক্ৰমণৰ ঘটনা ঘটিছিল। ডিচেম্বৰৰ প্ৰথম ১০ দিনত ৰাজ্যখনত ৮২৫ টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।
কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰ্দি, কাহ, উশাহ চুটি হোৱা, নিম্ন ৰক্তচাপ, খোৱাত অসুবিধা পোৱা লোকসকলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। যদি কোনোবাই ভাবে যে তেওঁৰ কোভিড হৈছে, তেওঁ তেজ পৰীক্ষা কৰিব লাগিব, যাতে চিকিৎসা সোনকালে আৰম্ভ কৰিব পাৰি। অৱশ্যে, চিকিৎসকসকলে কৈছে যে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো এনে লক্ষণবোৰে দেখা দিব পাৰে। শেহতীয়াকৈ কেৰালাত কোভিডৰ নতুন প্ৰজাতি জে.এন.১ ত এগৰাকী মহিলা আক্ৰান্ত হৈছে।