--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য'ত সকলো আশা শেষ হয়, মোদীৰ গেৰাণ্টি তাতেই আৰম্ভ হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ যেন নিজকে 'দেৱদূত' হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে যেতিয়ালৈকে তেওঁৰ নিশ্চয়তা আছে, তেতিয়ালৈকে নিৰাশ হোৱাৰ কোনো কাৰণ নাই।

 বিকাশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত  ভাষণ প্ৰদান কৰি মোদীয়ে কয়, "কৰোনা মহামাৰীৰ সময়ত দেশৰ জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছিল। আমাৰ চৰকাৰে দৰিদ্ৰ মাতৃসকলৰ একাউণ্টত ২০,০০০ কোটি টকা জমা দিছে। সমগ্ৰ দেশৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ দুৱাৰমুখলৈ গৈ খাদ্যশস্য বিতৰণ কৰা হৈছে। য'তেই সকলো আশা শেষ হয়, মোদীৰ গেৰাণ্টি তাতেই  আৰম্ভ হয়। "
মোদী কি গেৰাণ্টি বাক্যষাৰ বিজেপিয়ে নিৰ্বাচনৰ সময়ত  ব্যৱহাৰ কৰিবলৈ লৈছে।এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই নতুন বাক্যাংশ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মোদী কি গেৰাণ্টি কথাষাৰ যথেষ্ট জনপ্ৰিয় হৈছিল।

প্ৰধানমন্ত্ৰীৰ কথাৰ পৰা এয়া  স্পষ্ট হৈছে  যে লোকসভা নিৰ্বাচনত মোদী বিজেপিৰ প্ৰচাৰৰ অন্যতম ব্যক্তি হৈ পৰিব। দৰাচলতে প্ৰতিটো লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি  ব্যৱহাৰ কৰাৰ এক নতুন ধাৰা আৰম্ভ হৈছে। এইবাৰোগেৰুৱা দলটোৱে মোদীৰ বিশ্বাসযোগ্যতাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মোদী কি গেৰাণ্টিক এটা নতুন ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক