--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য'ত সকলো আশা শেষ হয়, মোদীৰ গেৰাণ্টি তাতেই আৰম্ভ হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ যেন নিজকে 'দেৱদূত' হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে যেতিয়ালৈকে তেওঁৰ নিশ্চয়তা আছে, তেতিয়ালৈকে নিৰাশ হোৱাৰ কোনো কাৰণ নাই।

 বিকাশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত  ভাষণ প্ৰদান কৰি মোদীয়ে কয়, "কৰোনা মহামাৰীৰ সময়ত দেশৰ জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছিল। আমাৰ চৰকাৰে দৰিদ্ৰ মাতৃসকলৰ একাউণ্টত ২০,০০০ কোটি টকা জমা দিছে। সমগ্ৰ দেশৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ দুৱাৰমুখলৈ গৈ খাদ্যশস্য বিতৰণ কৰা হৈছে। য'তেই সকলো আশা শেষ হয়, মোদীৰ গেৰাণ্টি তাতেই  আৰম্ভ হয়। "
মোদী কি গেৰাণ্টি বাক্যষাৰ বিজেপিয়ে নিৰ্বাচনৰ সময়ত  ব্যৱহাৰ কৰিবলৈ লৈছে।এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই নতুন বাক্যাংশ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মোদী কি গেৰাণ্টি কথাষাৰ যথেষ্ট জনপ্ৰিয় হৈছিল।

প্ৰধানমন্ত্ৰীৰ কথাৰ পৰা এয়া  স্পষ্ট হৈছে  যে লোকসভা নিৰ্বাচনত মোদী বিজেপিৰ প্ৰচাৰৰ অন্যতম ব্যক্তি হৈ পৰিব। দৰাচলতে প্ৰতিটো লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি  ব্যৱহাৰ কৰাৰ এক নতুন ধাৰা আৰম্ভ হৈছে। এইবাৰোগেৰুৱা দলটোৱে মোদীৰ বিশ্বাসযোগ্যতাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মোদী কি গেৰাণ্টিক এটা নতুন ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক