--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্প’ৰেট অনুদানেৰে নিতৌ ধনী হৈছে ভাৰতীয় জনতা পাৰ্টী। বিপৰীতে কৰ্প’ৰেট জগতত গুৰুত্ব হ্ৰাস পাইছে কংগ্ৰেছৰ। কৰ্প’ৰেট অনুদান লাভৰ শীৰ্ষত ভাৰতীয় জনতা পাৰ্টী। 

অনুদান লাভৰ তালিকাত পঞ্চম স্থানত আছে শতিকা প্ৰাচীন দল কংগ্ৰেছ। প্ৰকাশ পালে ২০২২–২৩ বৰ্ষৰ ইলেকট্ৰ’ৰেল ট্ৰাষ্টৰ জৰিয়তে অনুদান লাভ কৰা দলৰ তালিকা। ২০২২–২৩ বৰ্ষত ইলেকট্ৰ’ৰেল ট্ৰাষ্টৰ জৰিয়তে মুঠ ৩৬৩ কোটি টকা লাভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। 

দেশৰ ৩৯টাকৈ ব্যৱসায়িক তথা কৰ্প’ৰেট প্ৰতিষ্ঠানৰ পৰা দলসমূহে লাভ কৰিছে এই ধন। দলসমূহে লাভ কৰা মুঠ অনুদানৰ ৭০ শতাংশতকৈও অধিক লাভ কৰিছে বিজেপিয়ে। এছ’চিয়েছন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে এই তথ্য। সংস্থাটোৰ তথ্য অনুসৰি বিগত বছৰটোত বিজেপিয়ে লাভ কৰিছিল ২৫৯ কোটি ৮ লাখ টকা। তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ ভাৰত ৰাষ্ট্র সমিতি চমুকৈ BRS। দলটোৱে লাভ কৰিছে ৯০ কোটিৰ অনুদান। তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল YSR কংগ্ৰেছ। তালিকাৰ চতুৰ্থ স্থানত আছে আম আদমী পাৰ্টী। 

দেশৰ মূল বিৰোধী দল কংগ্ৰেছ তালিকাৰ পঞ্চম স্থানত থকা কথাই বহন কৰিছে বিশেষ তাৎপৰ্য। সাধাৰণতে শাসনত থকা দলটোৱেই পুঁজিপতিৰ বন্ধু হিচাপে পৰিচিত হৈ আহিছে। যি দলেই শাসনত থাকে কৰ্প’ৰেট জগতত সেই দলৰে গুৰুত্ব সৰ্বাধিক। এসময়ত শাসনত থাকোতেই একাংশ পুঁজিপতিৰ আপোন আছিল কংগ্ৰেছ। এতিয়া শাসনত নথকাৰ বাবে দলটোৰ সৈতে যে কৰ্প’ৰেট জগতৰ দূৰত্ব হ্ৰাস পাইছে সেই কথা স্পষ্ট হৈছে এই তথ্যৰ জৰিয়তে। 

ইপিনে, কৰ্প’ৰেট অনুদানৰ যি তথ্য প্ৰকাশ কৰা হৈছে বাস্তৱ ক্ষেত্ৰত ইয়াতকৈও অধিক ধন লাভ কৰি আহিছে ৰাজনৈতিক দলসমূহে। পূৰ্বে ইলেকট্ৰ’ৰেল বণ্ডৰ জৰিয়তে জানিব পৰা গৈছিল ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ বিষয়ে। কিন্তু ২০১৬ চনত আইন সংশোধনৰ জৰিয়তে জনসাধাৰণক সেই অধিকাৰৰ পৰাও বঞ্চিত কৰিলে মোদী চৰকাৰে। 

পূৰ্বে ৰাজনৈতিক দলসমূহে ২০ হাজাৰতকৈও অধিক অনুদান লাভ কৰিলে সেই কথা ৰাজহুৱা কৰিব লাগিছিল। কিন্তু এতিয়া সেই তথ্য ৰাজহুৱা কৰাটো বাধ্যতামূলক নহয় ৰাজনৈতিক দলসমূহৰ বাবে। অৰ্থাৎ কোন দলে কিমান পৰিমাণৰ অনুদান লাভ কৰিছে সেই কথা এতিয়া জানিব পৰা নাযায়। তেনেস্থলত একাংশ দল যে কৰ্প’ৰেট অনুদানৰ জৰিয়তে অধিক ধনবান হৈ পৰিছে সেই কথা প্ৰায় নিশ্চিত। এনে অনুদানে কোন দলক অধিক লাভান্বিত কৰিছে সেই কথাও সহজে অনুমান কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক