--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো ব্যক্তিগত খণ্ডৰ শকত দৰমহাৰ চাকৰি নহয়, কেৱল ভিক্ষা কৰিয়েই ডেৰ মাহত আঢ়ৈ লাখ টকা সংগ্ৰহ কৰিলে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে কেৱল চহৰখনৰ এটা ব্যস্ত চাৰিআলিত ভিক্ষাৰ পাত্ৰলৈ  বহিছিল। তেওঁ যোৱা ডেৰ মাহত ২.৫  লাখ টকা উপাৰ্জন কৰিছে। ইন্দোৰৰ এগৰাকী মহিলাই  এই কথা স্বীকাৰ কৰিছে।মহিলাগৰাকী আৰু তেওঁৰ  আঠ বছৰীয়া কন্যাক  বুধবাৰে মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ ভাৱাৰাছলা স্কোৱেৰৰ পৰা "উদ্ধাৰ" কৰা হৈছিল। 

ইন্দোৰ-উজ্জয়িনী পথৰ এই জংচনটো কলব-কুশ স্কোৱেৰ নামেৰে জনাজাত। জিলা দণ্ডাধীশ আশীষ সিঙৰ নিৰ্দেশত আৰক্ষীয়ে সমগ্ৰ চহৰখনত এক বিশেষ অভিযান চলাইছিল। সেই অভিযানৰ সময়তে মহিলাগৰাকী আৰু তেওঁৰ কন্যাক  "উদ্ধাৰ" কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে  তেওঁ যোৱা ৪৫ দিন ধৰি অঞ্চলটোত ভিক্ষা কৰি আছিল।এই ৪৫  দিনত তেওঁ ২ লাখ ৫০  হাজাৰ টকা উপাৰ্জন কৰিছে। ইয়াৰে তেওঁ ১ লাখ টকা ঘৰলৈ পঠিয়াছে। মহিলাগৰাকীৰ  আন দুটা সন্তানক তেওঁলোকৰ ককাক আৰু আইতাকে ৰাজস্থানৰ ঘৰত ডাঙৰ-দীঘল কৰি আছে। বাকী ১.৫  লাখ টকাৰ ভিতৰত বেঙ্কত ৫০ হাজাৰ  টকা জমা কৰা হৈছে। তেওঁ ব্যক্তিগত কামত  ৫০ হাজাৰ টকা খৰচ কৰিছে। 

বুধবাৰে যেতিয়া আৰক্ষীয়ে মহিলাগৰাকীক "উদ্ধাৰ" কৰিছিল, তেতিয়া তেওঁৰ ওচৰত  ১৯,২০০ টকা পোৱা গৈছিল বুলি   আৰক্ষীয়ে কয়। আনহাতে মহিলাগৰাকীৰ  আঠ বছৰীয়া কন্যায়ো বুধবাৰে পুৱাৰ পৰা নিশা ১.৩০ বজালৈ ৬০০ টকা উপাৰ্জন কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে উজ্জয়িনী চহৰত তেওঁৰ স্বামী আৰু তিনিটা সন্তানৰ সৈতে ভিক্ষা কৰিছিল। মহিলাগৰাকীয়ে অকলে মাহে ১.৫ লাখৰ পৰা ২.৭৫ লাখ টকা উপাৰ্জন কৰে। সেইমৰ্মে  মহিলাগৰাকীৰ বাৰ্ষিক উপাৰ্জন কমেও ২০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।  এয়া নিঃসন্দেহে  যিকোনো কৰ্পোৰেট চাকৰিৰ দৰমহাতকৈও অধিক। আৰক্ষীয়ে জানিব পাৰিছে যে পৰিয়ালটোৰ বিভিন্ন চহৰত মাটি, ঘৰ আৰু গাড়ী আছে। তেওঁলোকৰ অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰী আৰু স্মাৰ্টফোনো আছে।

স্থানীয় প্ৰশাসনৰ মতে, ইন্দোৰত বৰ্তমান ৭,০০০ তকৈও অধিক লোকে উপাৰ্জনৰ বাবে ভিক্ষাবৃত্তি অবলম্বন কৰিছে।  মধ্য প্ৰদেশ চৰকাৰে চহৰসমূহক ভিক্ষাৰীমুক্ত কৰাৰ বাবে কাম কৰি আছে। সেইমৰ্মে চহৰ খনত  আৰক্ষীৰ অভিযান চলোৱা হৈছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আঠ বছৰীয়া ছোৱালীজনীক এটা শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে ভিক্ষাবৃত্তি চলাই যোৱা বাবে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু