--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো ব্যক্তিগত খণ্ডৰ শকত দৰমহাৰ চাকৰি নহয়, কেৱল ভিক্ষা কৰিয়েই ডেৰ মাহত আঢ়ৈ লাখ টকা সংগ্ৰহ কৰিলে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে কেৱল চহৰখনৰ এটা ব্যস্ত চাৰিআলিত ভিক্ষাৰ পাত্ৰলৈ  বহিছিল। তেওঁ যোৱা ডেৰ মাহত ২.৫  লাখ টকা উপাৰ্জন কৰিছে। ইন্দোৰৰ এগৰাকী মহিলাই  এই কথা স্বীকাৰ কৰিছে।মহিলাগৰাকী আৰু তেওঁৰ  আঠ বছৰীয়া কন্যাক  বুধবাৰে মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ ভাৱাৰাছলা স্কোৱেৰৰ পৰা "উদ্ধাৰ" কৰা হৈছিল। 

ইন্দোৰ-উজ্জয়িনী পথৰ এই জংচনটো কলব-কুশ স্কোৱেৰ নামেৰে জনাজাত। জিলা দণ্ডাধীশ আশীষ সিঙৰ নিৰ্দেশত আৰক্ষীয়ে সমগ্ৰ চহৰখনত এক বিশেষ অভিযান চলাইছিল। সেই অভিযানৰ সময়তে মহিলাগৰাকী আৰু তেওঁৰ কন্যাক  "উদ্ধাৰ" কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে  তেওঁ যোৱা ৪৫ দিন ধৰি অঞ্চলটোত ভিক্ষা কৰি আছিল।এই ৪৫  দিনত তেওঁ ২ লাখ ৫০  হাজাৰ টকা উপাৰ্জন কৰিছে। ইয়াৰে তেওঁ ১ লাখ টকা ঘৰলৈ পঠিয়াছে। মহিলাগৰাকীৰ  আন দুটা সন্তানক তেওঁলোকৰ ককাক আৰু আইতাকে ৰাজস্থানৰ ঘৰত ডাঙৰ-দীঘল কৰি আছে। বাকী ১.৫  লাখ টকাৰ ভিতৰত বেঙ্কত ৫০ হাজাৰ  টকা জমা কৰা হৈছে। তেওঁ ব্যক্তিগত কামত  ৫০ হাজাৰ টকা খৰচ কৰিছে। 

বুধবাৰে যেতিয়া আৰক্ষীয়ে মহিলাগৰাকীক "উদ্ধাৰ" কৰিছিল, তেতিয়া তেওঁৰ ওচৰত  ১৯,২০০ টকা পোৱা গৈছিল বুলি   আৰক্ষীয়ে কয়। আনহাতে মহিলাগৰাকীৰ  আঠ বছৰীয়া কন্যায়ো বুধবাৰে পুৱাৰ পৰা নিশা ১.৩০ বজালৈ ৬০০ টকা উপাৰ্জন কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে উজ্জয়িনী চহৰত তেওঁৰ স্বামী আৰু তিনিটা সন্তানৰ সৈতে ভিক্ষা কৰিছিল। মহিলাগৰাকীয়ে অকলে মাহে ১.৫ লাখৰ পৰা ২.৭৫ লাখ টকা উপাৰ্জন কৰে। সেইমৰ্মে  মহিলাগৰাকীৰ বাৰ্ষিক উপাৰ্জন কমেও ২০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।  এয়া নিঃসন্দেহে  যিকোনো কৰ্পোৰেট চাকৰিৰ দৰমহাতকৈও অধিক। আৰক্ষীয়ে জানিব পাৰিছে যে পৰিয়ালটোৰ বিভিন্ন চহৰত মাটি, ঘৰ আৰু গাড়ী আছে। তেওঁলোকৰ অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰী আৰু স্মাৰ্টফোনো আছে।

স্থানীয় প্ৰশাসনৰ মতে, ইন্দোৰত বৰ্তমান ৭,০০০ তকৈও অধিক লোকে উপাৰ্জনৰ বাবে ভিক্ষাবৃত্তি অবলম্বন কৰিছে।  মধ্য প্ৰদেশ চৰকাৰে চহৰসমূহক ভিক্ষাৰীমুক্ত কৰাৰ বাবে কাম কৰি আছে। সেইমৰ্মে চহৰ খনত  আৰক্ষীৰ অভিযান চলোৱা হৈছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আঠ বছৰীয়া ছোৱালীজনীক এটা শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে ভিক্ষাবৃত্তি চলাই যোৱা বাবে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ