--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত আকৌ হ’ব কৃষক বিদ্ৰোহ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষক আন্দোলনক লৈ  এতিয়া বিজেপি অস্বস্তিত পৰিছে। হাৰিয়ানাৰ কৃষক সংগঠনসমূহে ১৩ ফেব্ৰুৱাৰীত 'দিল্লী চলো'ৰ আহ্বান জনাইছে।  কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত  মনোহৰ লাল খট্টৰ চৰকাৰে শনিবাৰে হাৰিয়ানাৰ বহু জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। 

ফলত বাল্ক এছএমএছ বা সকলো ধৰণৰ ডংগল সেৱা বন্ধ হৈ পৰিছে। কিন্তু হঠাতে কিয় পুনৰ আনন্দোলনমুখী হৈ পৰিছে কৃষক? কিষাণ মজদুৰ মৰ্চাকে ধৰি ২০০ ৰো অধিক সংগঠনে শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাকে ধৰি কেইবাটাও দাবীৰ  সমৰ্থনত  এই ধৰ্মঘটৰ আহ্বান জনাইছে। কৃষকৰ আন্দোলনৰ বাবে  ৰাজ্য চৰকাৰে আম্বালা, জিন্দ, ফতেহাবাদ, চিৰচা, কুৰুক্ষেত্ৰৰ দৰে জিলাত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে। 

সকলো নিষেধাজ্ঞা ১৩ ফেব্ৰুৱাৰীলৈকে অব্যাহত  থাকিব। অৱশ্যে, এতিয়ালৈকে ভইচ কলৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্ত ঘেৰাও কৰা হৈছে। কৃষকসকলৰ পদযাত্ৰা প্ৰতিহত কৰিবলৈ তিনি স্তৰৰ বেৰিকেড স্থাপন কৰা হৈছে।

হাৰিয়ানা আৰক্ষী আৰু স্থানীয় প্ৰশাসনে  আম্বালাত বেৰিকেড স্থাপন কৰিছে। আম্বালাৰ ওচৰৰ শম্ভু সীমান্ত অঞ্চলতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোত কঠোৰ তালাচী চলাই আছে। ইতিমধ্যে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৫০ টা কোম্পানী মোতায়েন কৰা হৈছে। প্ৰতিবাদকাৰী কৃষকসকলক প্ৰশাসনৰ দ্বাৰা অনুমতি নোপোৱালৈকে পদযাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে। অন্যথা, ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত হ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিয়া হৈছে। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ