--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত আকৌ হ’ব কৃষক বিদ্ৰোহ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষক আন্দোলনক লৈ  এতিয়া বিজেপি অস্বস্তিত পৰিছে। হাৰিয়ানাৰ কৃষক সংগঠনসমূহে ১৩ ফেব্ৰুৱাৰীত 'দিল্লী চলো'ৰ আহ্বান জনাইছে।  কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত  মনোহৰ লাল খট্টৰ চৰকাৰে শনিবাৰে হাৰিয়ানাৰ বহু জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। 

ফলত বাল্ক এছএমএছ বা সকলো ধৰণৰ ডংগল সেৱা বন্ধ হৈ পৰিছে। কিন্তু হঠাতে কিয় পুনৰ আনন্দোলনমুখী হৈ পৰিছে কৃষক? কিষাণ মজদুৰ মৰ্চাকে ধৰি ২০০ ৰো অধিক সংগঠনে শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাকে ধৰি কেইবাটাও দাবীৰ  সমৰ্থনত  এই ধৰ্মঘটৰ আহ্বান জনাইছে। কৃষকৰ আন্দোলনৰ বাবে  ৰাজ্য চৰকাৰে আম্বালা, জিন্দ, ফতেহাবাদ, চিৰচা, কুৰুক্ষেত্ৰৰ দৰে জিলাত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে। 

সকলো নিষেধাজ্ঞা ১৩ ফেব্ৰুৱাৰীলৈকে অব্যাহত  থাকিব। অৱশ্যে, এতিয়ালৈকে ভইচ কলৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্ত ঘেৰাও কৰা হৈছে। কৃষকসকলৰ পদযাত্ৰা প্ৰতিহত কৰিবলৈ তিনি স্তৰৰ বেৰিকেড স্থাপন কৰা হৈছে।

হাৰিয়ানা আৰক্ষী আৰু স্থানীয় প্ৰশাসনে  আম্বালাত বেৰিকেড স্থাপন কৰিছে। আম্বালাৰ ওচৰৰ শম্ভু সীমান্ত অঞ্চলতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোত কঠোৰ তালাচী চলাই আছে। ইতিমধ্যে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৫০ টা কোম্পানী মোতায়েন কৰা হৈছে। প্ৰতিবাদকাৰী কৃষকসকলক প্ৰশাসনৰ দ্বাৰা অনুমতি নোপোৱালৈকে পদযাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে। অন্যথা, ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত হ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিয়া হৈছে। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু