ডিজিটেল ডেস্কঃ দেশত পুনৰ ৰাজপথলৈ ওলাই আহিছে অন্নদাতা কৃষক। মূলতঃ পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কৃষকে তিনিখন কৃষি আইনৰ প্ৰতিবাদত দিল্লী ঘেৰাও কৰাৰ প্ৰায় দুবছৰৰ পাছত ১৩ ফেব্ৰুৱাৰীত পুনৰ দিল্লীলৈ সমদল উলিয়াই কৃষকসকলে।ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীত কৃষকসকলক প্ৰৱেশ কৰাত বাধা দিবলৈ পঞ্জাব আৰু হাৰিয়ানা আৰু হাৰিয়ানা আৰু দিল্লীৰ মাজত বৃহৎ নিৰাপত্তাৰ ব্যৱস্থা আৰু সীমান্ত ছীল কৰা হৈছে।
যোৱাবাৰ যেতিয়া কৃষকসকলৰ মূল দাবী আছিল তিনিখন কৃষি আইন বাতিল৷কিন্তু এইবাৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে এক দাবী জনাইছে যিসমূহ দাবী আৰ্থিক কাৰ্যক্ষমতাৰ বাবে প্ৰয়োজনীয় বুলি কৃষকসকলে দাবী কৰে।
পূৰ্বৰ প্ৰতিবাদত পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ প্ৰায় সকলো কৃষক সংগঠন, যাৰ সংখ্যা ৪০ টাতকৈও অধিক, সংযুক্ত কিছান মৰ্চা (এছ কে এম)ৰ অধীনলৈ আহিছিল। সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) বাদ দি যোৱাবাৰ শিৰোনাম দখল কৰা প্ৰধান কৃষক নেতা যেনে দৰ্শন পাল, যোগীন্দৰ সিং উগ্ৰহন, ৰাকেশ টিকাইট, বলবীৰ সিং ৰাজেৱাল আৰু গুৰনাম সিং চাৰুনীৰ সমৰ্থন নাই। তদুপৰি আছে জগজিৎ সিং দলেৱালৰ নেতৃত্বত আৰু সৰ্বান সিং পাণ্ডেৰৰ নেতৃত্বত কিষাণ মজদুৰ মৰ্চা।
পূৰ্বৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া বৃহৎ কৃষক নেতাসকল অপেক্ষা কৰি থকাৰ বিপৰীতে ৰাকেশ টিকাইটৰ দৰে একাংশই ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বানক সমৰ্থন জনাইছে।এইবাৰ পূৰ্বৰ প্ৰতিবাদৰ সময়ত ব্যাপক আন্দোলন কৰা জাট সম্প্ৰদায়ৰ সংগঠন খাপছে কম উৎসাহ দেখুৱাইছে। কিন্তু মূলতঃ পঞ্জাবৰ কৃষকে আৰম্ভ কৰি দিল্লী সীমান্তত উপস্থিত হোৱাৰ পাছতে খাপসকলো সক্ৰিয় হৈছে৷
ইয়াৰ পূৰ্বে চৰকাৰে অনা তিনিখন কৃষি আইনৰ প্ৰতি সঁহাৰি জনাই কৃষকসকলক মুকলি বজাৰৰ সৈতে সংযোগ কৰি পাৰিতোষিক মূল্যৰ প্ৰতিশ্ৰুতি দিছিল যাৰ ফলত কৃষকৰ আয় দুগুণ কৰাৰ চৰকাৰৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্য লোৱা হৈছিল। কিন্তু প্ৰতিবাদকাৰী কৃষকসকলে নতুন আইন ব্যক্তিগত কোম্পানীৰ দয়াত ৰাখিব বুলি দাবী কৰি নাকচ কৰে।
এইবাৰৰ মূল দাবী, যিটো পূৰ্বৰ প্ৰতিবাদৰ সময়ত কৃষি আইন বাতিলৰ উপৰিও প্ৰায় এক ডজন দাবীৰ অংশও আছিল, সেয়া হ’ল সকলো শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ আইনী নিশ্চয়তা।
কৃষি ব্যয় আৰু মূল্য আয়োগৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে বছৰত দুবাৰকৈ প্ৰায় দুডজন সামগ্ৰীৰ বাবে এম এছ পি নিৰ্ধাৰণ কৰে। এম এছ পিৰ অধীনত শস্য ক্ৰয়ৰ অধিকাংশই পঞ্জাব আৰু হাৰিয়ানাৰ পৰা আৰু মূলতঃ ঘেঁহু আৰু ধানৰ উৎপাদিত সামগ্ৰীৰ যিয়ে চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাক সমৰ্থন কৰে। কৃষকসকলে এনে এখন আইন বিচাৰে যিয়ে প্ৰতিটো শস্যৰ ওপৰত এম এছ পিৰ নিশ্চয়তা প্ৰদান কৰে। কিন্তু বিশ্বব্যাপী মূল্য, ক্ৰয়ৰ বাবে চৰকাৰৰ ওপৰত হেঁচা, ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু কেন্দ্ৰীয় ব্যয় আদি আইনী নিশ্চয়তাৰ দাবীক লৈ চৰকাৰৰ একাধিক চিন্তা আছে।
আন এটা ডাঙৰ দাবী হৈছে কৃষি বিষয়ত এম এছ স্বামীনাথন কমিটীৰ পৰামৰ্শ কাৰ্যকৰী কৰা। সেউজ বিপ্লৱৰ পিতৃ হিচাপে পৰিচিত কৃষি বিজ্ঞানী স্বামীনাথনক শেহতীয়াকৈ ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে। কমিটীৰ এটা মূল পৰামৰ্শ আছিল উৎপাদনৰ ওজনযুক্ত গড় ব্যয়তকৈ কমেও ৫০ শতাংশলৈ এম এছ পি বৃদ্ধি কৰা।
আন আন দাবীসমূহৰ ভিতৰত আছে চুপাৰিৰ মূল্য উন্নত, ৬০ বছৰৰ ওপৰৰ প্ৰতিজন কৃষকৰ বাবে মাহে ১০ হাজাৰ টকাৰ পেঞ্চন, লখিমপুৰ খেৰী কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু দিল্লীৰ "শ্বহীদ"ৰ স্মৃতিসৌধৰ বাবে দিল্লীত মাটি প্ৰদান যাৰ বাবে পূৰ্বেও কৃষকসকলে প্ৰতিবাদ কৰিছিল।
পূৰ্বৰ কৃষককলৰ প্ৰতিবাদত লাখ লাখ কৃষকৰ বিপুল সংগঠন, আৱেগিক পৰিবেশ, অবাধ হিংসা আৰু দিল্লী আৰু ইয়াৰ আশে-পাশে বাস কৰা ব্যৱসায়ী আৰু বাসিন্দাসকলৰ ব্যাপক অৰ্থনৈতিক ক্ষতিৰ লগতে সামগ্ৰী পৰিবহণত বাধাৰ সৃষ্টি হয়।
এইবাৰ ২৫ হাজাৰ কৃষক আৰু ৫ হাজাৰ ট্ৰেক্টৰ এই পদযাত্ৰাৰ অংশ হোৱাৰ সম্ভাৱনা থকাৰ বাবে সংগঠন কম হৈছে। কিন্তু সেয়াই হ’ব পাৰে প্ৰাৰম্ভিক পৰ্যায় আৰু প্ৰতিবাদ গঢ় লৈ উঠিলে আৰু কৃষক দিল্লী সীমান্তত উপনীত হ’লেই হয়তো অধিক কৃষক আৰু অন্যান্য কৃষক সংগঠনে যোগদান কৰিব।
কৃষকসকলক দিল্লীলৈ যাত্ৰাৰ পৰা বিৰত ৰাখিবলৈ চৰকাৰে ক্ষীপ্ৰতাৰে যোগাযোগ কৰিছে। কৃষক নেতাৰ সৈতে আলোচনা কৰিবলৈ যোৱা সপ্তাহত বৃহস্পতিবাৰে চণ্ডীগড়লৈ গৈছিল তিনি কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে- পীয়ূষ গোৱেল, নিত্যানন্দ ৰায় আৰু অৰ্জুন মুণ্ডা। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰ চৰকাৰ আৰু কৃষক নেতাৰ মাজত মধ্যস্থতা কৰিছিল। আজি সন্ধিয়া চণ্ডীগড়ত আন এখন বৈঠকৰ বিষয়ে চলিছে।ইপিনে খেতিয়কৰ সৈতে মুকলি মনেৰে কথা পাতিছে বুলি মন্তব্য কৰিছে চৰকাৰে।