--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ১ কোটি পৰিয়ালে প্ৰতি মাহে লাভ কৰিব ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিনামূলীয়া বিদ্যুত যোগানৰ  বাবে ছাদৰ সৌৰ আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিৰ নাম দিয়া হৈছে  প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা।

 এই আঁচনিৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, "বহনক্ষম উন্নয়ন আৰু জনসাধাৰণৰ সুস্থতাৰ বাবে আমি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা আৰম্ভ কৰিছো। ৭৫,০০০ কোটি টকাৰ অধিক বিনিয়োগেৰে গ্ৰহণ কৰা  এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতি মাহে ৩০০ ইউনিটলৈকে বিনামূলীয়া .বিদ্যুৎ প্ৰদান কৰি ১ কোটি পৰিয়ালৰ ঘৰ  পোহৰাই তোলা ।" এই আঁচনিৰ অদীনত সকলো অংশীদাৰক ৰাষ্ট্ৰীয় অনলাইন পৰ্টেলৰ সৈতে সংযুক্ত কৰা হ'ববুলি মোদীয়ে কয়।

এই আঁচনিখন তৃণমূল পৰ্যায়ত জনপ্ৰিয় কৰি তোলাৰ বাবে  নগৰীয় স্থানীয় সংস্থা আৰু পঞ্চায়তসমূহক তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত ছাদৰ সৌৰ প্ৰণালীৰ প্ৰচাৰৰ বাবে অধিক  উৎসাহিত কৰা হ'ব। একে সময়তে এই আঁচনিৰ ফলত কম বিদ্যুৎ বিল আৰু মানুহৰ বাবে নিযুক্তিৰ সুবিধা  সৃষ্টি হ'ব বুলি মোদীয়ে উল্লেখ কৰে। । প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে , বিশেষকৈ যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনাৰ বাবে পোনপটীয়া এই লিংকত আবেদন কৰিব পৰা যাব pmsuryaghar.gov.in।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু