--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ১ কোটি পৰিয়ালে প্ৰতি মাহে লাভ কৰিব ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিনামূলীয়া বিদ্যুত যোগানৰ  বাবে ছাদৰ সৌৰ আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিৰ নাম দিয়া হৈছে  প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা।

 এই আঁচনিৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, "বহনক্ষম উন্নয়ন আৰু জনসাধাৰণৰ সুস্থতাৰ বাবে আমি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা আৰম্ভ কৰিছো। ৭৫,০০০ কোটি টকাৰ অধিক বিনিয়োগেৰে গ্ৰহণ কৰা  এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতি মাহে ৩০০ ইউনিটলৈকে বিনামূলীয়া .বিদ্যুৎ প্ৰদান কৰি ১ কোটি পৰিয়ালৰ ঘৰ  পোহৰাই তোলা ।" এই আঁচনিৰ অদীনত সকলো অংশীদাৰক ৰাষ্ট্ৰীয় অনলাইন পৰ্টেলৰ সৈতে সংযুক্ত কৰা হ'ববুলি মোদীয়ে কয়।

এই আঁচনিখন তৃণমূল পৰ্যায়ত জনপ্ৰিয় কৰি তোলাৰ বাবে  নগৰীয় স্থানীয় সংস্থা আৰু পঞ্চায়তসমূহক তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত ছাদৰ সৌৰ প্ৰণালীৰ প্ৰচাৰৰ বাবে অধিক  উৎসাহিত কৰা হ'ব। একে সময়তে এই আঁচনিৰ ফলত কম বিদ্যুৎ বিল আৰু মানুহৰ বাবে নিযুক্তিৰ সুবিধা  সৃষ্টি হ'ব বুলি মোদীয়ে উল্লেখ কৰে। । প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে , বিশেষকৈ যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনাৰ বাবে পোনপটীয়া এই লিংকত আবেদন কৰিব পৰা যাব pmsuryaghar.gov.in।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement