--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আৰু মাথোঁ কেইটিমান ঘণ্টা! নিশা ১২ বজাৰ পাছত মেলানি মাগিব ২০২১বৰ্ষই৷ প্ৰাপ্তি-অপ্ৰাপ্তি, হাঁহি-চকুলোৰ মাজেৰে বছৰটোৱে বিদায় ল’ব৷ আশাবাদেৰে নতুন সময়ৰ পাতনি মেলিব নতুন এটা বছৰে৷ ২০২২৷ প্ৰতিগৰাকী ব্যক্তিয়েই নতুন বছৰটোক লৈ আশাবাদী হৈ থাকে৷ সেয়া স্বাভাৱিক৷ একেদৰে ভাৰতবাসীয়েও এই নতুন বছৰটোক লৈ প্ৰচণ্ড আশাবাদী হৈ আছে৷ কিয়নো, ২০২২তে ভাৰতবাসীয়ে দেখিব এখন নতুন ভাৰত! জৰাহীন, যন্ত্ৰণাহীন, ক্ষুধাহীন এখন নতুন ভাৰতৰ সাক্ষী হ’ব ২০২২৷

এই কথা আমাৰ নহয়‍৷ সুদীৰ্ঘ সাত বছৰজুৰি এই কথা কৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ অন্যান্য জ্যেষ্ঠ নেতাই৷ মোদী চৰকাৰৰ ভিজন ২০২২ৰ লক্ষ্য আছিল ভাৰতক দৰিদ্ৰতা, দুৰ্নীতিমুক্ত কৰা৷ মোদীয়ে বিগত বছৰ কৈছিল যে ২০২২ চনত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে নতুন ভাৰতৰ সপোন এক অনন্য ধৰণে উদযাপন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল, চৰকাৰে ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বাৰ্ষিকী উপলক্ষে ডাঙৰ লক্ষ্য অনুসৰণ কৰি আছে। চৰকাৰে এটা ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছে যাৰ জৰিয়তে দৰিদ্ৰতা আৰু দুৰ্নীতি নিৰ্মূল কৰি ২০২২ চনৰ ভিতৰত নতুন ভাৰত গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে। ই সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ জৰিয়তে এই লক্ষ্য প্ৰাপ্ত কৰাৰ পৰিকল্পনা কৰিছে৷ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰস্তুত কৰা ২০২৪ চনৰ ভিজন ডকুমেণ্টত কেইবাটাও ডাঙৰ লক্ষ্যৰ পৰিকল্পনা কৰা হৈছে।


ভিজন ডকুমেণ্টৰ নিউ ইণ্ডিয়া ষ্ট্ৰেটেজী স্তম্ভ অনুসৰি, মোদী চৰকাৰে ২০২২ চনৰ ভিতৰত দৰিদ্ৰতা দূৰ কৰাৰ বাবে এক ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নীতি আয়োগ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰস্তুত কৰা ভিজন ডকুমেণ্টত কোৱা হৈছে যে ভাৰতে দৰিদ্ৰতাৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সফল হৈছে। নতুন ভাৰত ২০২২ ৰণনীতিৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়নৰ প্ৰত্যাহ্বানসমূহক স্বীকৃতি দি সকলো খণ্ডৰ সন্তুলিত বিকাশৰ লক্ষ্য ৰাখিছে। চৰকাৰে সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰাম্য অঞ্চলৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মূল উদ্দেশ্য হৈছে দৰিদ্ৰতা হ্ৰাস কৰা। ২০২২ চনৰ ভিতৰত সকলোকে এটা ঘৰ দিয়া হ'ব। গাঁওবোৰত বিদ্যুৎ, খোৱাপানী, স্বাস্থ্য, শিক্ষা আদি খণ্ডশক্তিশালী কৰি দৰিদ্ৰতা নিৰ্মূল কৰা হ’ব।

কোৱা হৈছিল ২০২২ বৰ্ষত দুগুণ হ’ব কৃষকৰ আয়৷ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ প্ৰতি বিশেষ মনোযোগ দিয়া হ’ব বুলি উল্লেখ কৰা হৈছিল সেই সময়ত৷ দস্তাবেজখনত এইটোও কোৱা হৈছিল যে গাঁওবোৰত মৌলিক প্ৰয়োজনীয়তা চিনাক্ত কৰা হ’ব। জীৱন ধাৰণ উন্নত কৰাৰ বাবে সুবিধাবোৰ বৃদ্ধি কৰা হ’ব। গ্ৰাম্য মৌলিক সম্পদ আৰু মহিলা সশক্তিকৰণৰ বিকাশৰ দ্বাৰা নিযুক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। গাঁওবোৰত প্ৰশিক্ষণ আৰু ক্ষমতা বিকাশ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ভিজন ডকুমেণ্টখনৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত দীন দয়াল অন্ত্যোদয় যোজনা, ৰাষ্ট্ৰীয় জীৱিকা মিছন, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, এমএনআৰইজিএ, দক্ষতা বিকাশ কাৰ্যসূচী, শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন, ৰাষ্ট্ৰীয় সামাজিক সহায় কাৰ্যসূচী আদিৰ জৰিয়তে গাঁওসমূহত বাস কৰা লোকসকলৰ জীৱনশৈলী সলনি কৰা। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সূত্ৰই আইএএনএছক কৈছিল যে নিউ ইণ্ডিয়া ২০২২ৰ অভিযানৰ অধীনত এক ডজন লক্ষ্যৰ ওপৰত গুৰুত্ব দি কাম চলি আছে।


২০২২ৰ ভিতৰত বছৰি ২ কোটিকৈ নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি বিজেপি চৰকাৰে সদৰী কৰিছিল৷ বিজেপিৰ ভিজন ২০২২ত কোৱা হৈছিল যে চৰকাৰে শিক্ষা, দক্ষতা বিকাশ, বেংক ঋণ, পানী সংৰক্ষণ, স্বাস্থ্য আৰু পুষ্টি, বিদ্যুৎ, গৃহ, অ’ডিএফ, আৱৰ্জনা নিষ্কাশন, পথ, ইণ্টাৰনেট, এলপিজি, ডিবিটি, বৃদ্ধ, বিধৱা, বিকলাংগ, ক্ৰীড়া, যুৱ-সংঘ, গ্ৰাম্য অঞ্চলত অনা-কৃষি কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ভিজন ডকুমেণ্টত কৈছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউ ইণ্ডিয়া ২০২২ৰ লক্ষ্য পূৰণৰ বাবে মন্ত্ৰালয় সমৰ্পিত। ইয়াৰ উদ্দেশ্য হৈছে কৃষি আৰু অনা-কৃষি খণ্ডত জীৱিকাৰ সুযোগ বৃদ্ধি কৰা, পথ সংযোগ উন্নত কৰা, যোগান শৃংখলা উন্নত কৰা, সকলোকে ঘৰ, বিদ্যুৎ আৰু শিক্ষা প্ৰদান কৰি অৰ্থনৈতিক বিকাশ। ভিজন ডকুমেণ্টখনত গ্ৰাম্য ভাৰতৰ বিকাশৰ সকলো লক্ষ্য অন্তৰ্ভুক্ত আছে।


বিজেপিৰ প্ৰস্তাৱত ২০২২ চনৰ ভিতৰত ‘নতুন ভাৰত’ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত গৃহীত এই প্ৰস্তাৱত "সন্ত্ৰাসবাদ, জাতিবাদ, সাম্প্ৰদায়িকতা আৰু দৰিদ্ৰতাৰ পৰা মুক্ত" ভাৰতক প্ৰতিশ্ৰুতি দিয়া হৈছে৷ ৰাজনৈতিক প্ৰস্তাৱটো দলৰ জ্যেষ্ঠ নেতা আৰু তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থাপন কৰিছিল। বিজেপিয়ে কৈছিল যে গেৰুৱা দলক পৰাস্ত কৰিবলৈ বিৰোধীৰ পৰিকল্পনা এটা "দিনৰ সপোন" আছিল। সংবাদ মাধ্যমক অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছিল যে যোৱা চাৰি বছৰত যথেষ্ট উন্নয়নমূলক কাম কৰা হৈছে আৰু ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত গঠন কৰা হ’ব। জাভেডকাৰে লগতে কৈছিল যে এই চৰকাৰৰ দৃষ্টিভংগী, আৱেগ আৰু কল্পনা আছে, আৰু এই চৰকাৰৰ কাম-কাজ দেখা যায়।
আজি বছৰৰ শেষৰটো দিনত সেয়ে দেশবাসীয়ে এতিয়া উৎকণ্ঠিত হৈ আছে৷ কিয়নো, কাইলৈৰ পুৱাটোৰ পৰাই এখন নতুন ভাৰতে দুহাত মেলি ৰৈ আছে দেশবাসীৰ বাবে৷ জৰা-যন্ত্ৰণাহীন নতুন ভাৰতৰ শুভ সময়ৰ স্বপ্নৰে কাইলৈ সকলোৱে আৰম্ভ কৰিব নতুন বছৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement