--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে৷ অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীজনে৷ নতুন বছৰটো সকলো লোকৰে সুখ-সমৃদ্ধিৰ বাবে কামনা কৰে মুখ্যমন্ত্ৰীজনে৷ লগতে কয় যে বহুদিনৰ পাছত উত্তৰ-পূবৰ পৰা অসমে এগৰাকী কেবিনেট মন্ত্ৰী পালে অসমে৷ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে ই খুবেই গুৰুত্বপূৰ্ণ৷ এন আৰ চি আৰু জনজাতিকৰণৰ ওপৰতো মুখ্যমন্ত্ৰীজনে প্ৰসংগ উত্থাপন কৰে৷

তেওঁ কয় যে, NRC উচ্চতম ন্যায়ালয়ৰ অধীনত আছে। ৬নং দফাৰ প্ৰতিবেদনৰ পৰীক্ষা এতিয়াও চলি আছে। এইখন প্ৰতিবেদন জমা দিলে অসম ৰক্তত হ’ব। কিয়নো ৬ জনগোষ্ঠীৰ জনজাতি কৰণত আন জনজাতিসমূহে আপত্তি কৰি আহিছে। অচিৰেই ৬ জনগোষ্ঠী আৰু জনজাতীয় নেতাসকলৰ সৈতে মুখামুখি আলোচনা হ’ব।

ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰতো অভিমত ব্যক্ত কৰে মুখ্যমন্ত্ৰীজনে৷ তেওঁ কয় যে, বিগত ৬ মাহ ধৰি আলফাৰ লগত আৰক্ষীৰ কোনো সংঘাত হোৱা নাই। পৰেশ বৰুৱাই আলোচনাৰ মাধ্যমেৰে সমাধান বিচাৰে। কিন্তু সাৰ্বভৌমত্বকলৈ আলোচনা দাবীৰ বাবে আলোচনাত বাধা পৰিছে। আলফাৰ শান্তি আলোচনা পৰিনৱেশ আৰম্ভ হৈছে। অসমত আৰু কোনো উগ্ৰপন্থী সংগঠন জন্ম হ’বলৈ দিয়া নহ’ব। প্ৰায়ভাগ উগ্ৰপন্থী সংগঠন বৰ্তমান মূল মূলসুঁতি আহিছে।

মুখ্যমন্ত্ৰীজনে কয় যে ২০২১ বৰ্ষটো বেদনাৰ বছৰ হোৱাৰ লগে-লগে অসমৰ বাবে উল্লেখযোগ্য বছৰো৷ ক’ভিডৰ বাবে কেইবাগৰাকী বিশিষ্ট লোকক হেৰুৱাব লগা হোৱাটো অসমৰ বাবে বেদনাৰ খবৰ। ক’ভিডৰ ঢৌৱে আমাৰ মাজৰ পৰা বহু প্ৰতিভা আৰু আপোন মানুহক লৈ গ’ল৷ বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন৷ ক’ভিডৰ সময়তে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লোকে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠে। বিনয় শইকীয়া, লিভলিনা বৰগোঁহাইয়ে অসমক বেলেগ পৰ্যায়লৈ লৈ গ’ল৷

লগতে অসম চৰকাৰে সুৰাপায়ী বিৰুদ্ধে অসম চৰকাৰে দাঙি ধৰা পদক্ষেপৰ কথাও সোঁৱৰে মুখ্যমন্ত্ৰীৰ ৷ তেওঁ কয় যে, ৩১ ডিচেম্বৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই৷ পূৰ্বে চিকিৎসালয়ত এক বিভৎস পৰিবেশৰ সৃষ্টি হয়৷কিন্তু কালিৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ৷এটাও দুৰ্ঘটনা হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ