--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে৷ অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীজনে৷ নতুন বছৰটো সকলো লোকৰে সুখ-সমৃদ্ধিৰ বাবে কামনা কৰে মুখ্যমন্ত্ৰীজনে৷ লগতে কয় যে বহুদিনৰ পাছত উত্তৰ-পূবৰ পৰা অসমে এগৰাকী কেবিনেট মন্ত্ৰী পালে অসমে৷ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে ই খুবেই গুৰুত্বপূৰ্ণ৷ এন আৰ চি আৰু জনজাতিকৰণৰ ওপৰতো মুখ্যমন্ত্ৰীজনে প্ৰসংগ উত্থাপন কৰে৷

তেওঁ কয় যে, NRC উচ্চতম ন্যায়ালয়ৰ অধীনত আছে। ৬নং দফাৰ প্ৰতিবেদনৰ পৰীক্ষা এতিয়াও চলি আছে। এইখন প্ৰতিবেদন জমা দিলে অসম ৰক্তত হ’ব। কিয়নো ৬ জনগোষ্ঠীৰ জনজাতি কৰণত আন জনজাতিসমূহে আপত্তি কৰি আহিছে। অচিৰেই ৬ জনগোষ্ঠী আৰু জনজাতীয় নেতাসকলৰ সৈতে মুখামুখি আলোচনা হ’ব।

ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰতো অভিমত ব্যক্ত কৰে মুখ্যমন্ত্ৰীজনে৷ তেওঁ কয় যে, বিগত ৬ মাহ ধৰি আলফাৰ লগত আৰক্ষীৰ কোনো সংঘাত হোৱা নাই। পৰেশ বৰুৱাই আলোচনাৰ মাধ্যমেৰে সমাধান বিচাৰে। কিন্তু সাৰ্বভৌমত্বকলৈ আলোচনা দাবীৰ বাবে আলোচনাত বাধা পৰিছে। আলফাৰ শান্তি আলোচনা পৰিনৱেশ আৰম্ভ হৈছে। অসমত আৰু কোনো উগ্ৰপন্থী সংগঠন জন্ম হ’বলৈ দিয়া নহ’ব। প্ৰায়ভাগ উগ্ৰপন্থী সংগঠন বৰ্তমান মূল মূলসুঁতি আহিছে।

মুখ্যমন্ত্ৰীজনে কয় যে ২০২১ বৰ্ষটো বেদনাৰ বছৰ হোৱাৰ লগে-লগে অসমৰ বাবে উল্লেখযোগ্য বছৰো৷ ক’ভিডৰ বাবে কেইবাগৰাকী বিশিষ্ট লোকক হেৰুৱাব লগা হোৱাটো অসমৰ বাবে বেদনাৰ খবৰ। ক’ভিডৰ ঢৌৱে আমাৰ মাজৰ পৰা বহু প্ৰতিভা আৰু আপোন মানুহক লৈ গ’ল৷ বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন৷ ক’ভিডৰ সময়তে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লোকে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠে। বিনয় শইকীয়া, লিভলিনা বৰগোঁহাইয়ে অসমক বেলেগ পৰ্যায়লৈ লৈ গ’ল৷

লগতে অসম চৰকাৰে সুৰাপায়ী বিৰুদ্ধে অসম চৰকাৰে দাঙি ধৰা পদক্ষেপৰ কথাও সোঁৱৰে মুখ্যমন্ত্ৰীৰ ৷ তেওঁ কয় যে, ৩১ ডিচেম্বৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই৷ পূৰ্বে চিকিৎসালয়ত এক বিভৎস পৰিবেশৰ সৃষ্টি হয়৷কিন্তু কালিৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ৷এটাও দুৰ্ঘটনা হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু