--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱ ৰাজ্যিক কংগ্ৰেছ প্ৰধান নৱজোত সিং সিদ্ধুক আটক উত্তৰ প্ৰদেশ আৰক্ষীৰ। তেওঁৰ লগতে আন দুজন কেবিনেট মন্ত্ৰীক হাৰিয়ানা-উত্তৰ প্ৰদেশ সীমান্তৰ ছাহাৰানপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি অঞ্চলত যোৱা তিনি অক্টোবৰত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়ত ঘটা হিংসাত্মক কাৰ্যত ৯জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাবে আহত হয়৷

সেই প্ৰতিবাদী স্থল পৰিদৰ্শন কৰিবলৈ গৈছিল নৱজোত সিং সিদ্ধুসহ কংগ্ৰেছৰ এটা দল। কিন্তু উত্তৰ প্ৰদেশৰ সীমান্তত কংগ্ৰেছৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত দলটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সিদ্ধুৱে কৃষকহত্যাৰ প্ৰতিবাদত পঞ্জাৱৰ পৰা লখিমপুৰ খেৰীলৈ কংগ্ৰেছ কৰ্মীসকলৰ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি আছিল। সিদ্ধুৰ সৈতে পদযাত্ৰা কৰিবলৈ উত্তৰ প্ৰদেশ-হাৰিয়ানা সীমান্তত শ শ সমৰ্থক সমবেত হৈছিল আৰু শ্ল'গান দিছিল৷

হিংসাত্মক ঘটনাটোৰ মূল অভিযুক্ত বুলি অভিহিত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰাৰ পুত্ৰ আশিস মিশ্ৰাক গ্ৰেপ্তাৰৰ দাবী জনায় পঞ্জাৱৰ পৰা যোৱা কংগ্ৰেছ দলটোৱে। শুকুৰবাৰলৈকে আশিস মিশ্ৰাক গ্ৰেপ্তাৰ নকৰিলে সিদ্ধুৱে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও আৰক্ষীক হুংকাৰ দিয়ে। বৰ্তমান সিদ্ধুসহ কংগ্ৰেছী দলটোক আৰক্ষীয়ে আটক কৰি নিজ জিম্মাত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক