--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱ ৰাজ্যিক কংগ্ৰেছ প্ৰধান নৱজোত সিং সিদ্ধুক আটক উত্তৰ প্ৰদেশ আৰক্ষীৰ। তেওঁৰ লগতে আন দুজন কেবিনেট মন্ত্ৰীক হাৰিয়ানা-উত্তৰ প্ৰদেশ সীমান্তৰ ছাহাৰানপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি অঞ্চলত যোৱা তিনি অক্টোবৰত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়ত ঘটা হিংসাত্মক কাৰ্যত ৯জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাবে আহত হয়৷

সেই প্ৰতিবাদী স্থল পৰিদৰ্শন কৰিবলৈ গৈছিল নৱজোত সিং সিদ্ধুসহ কংগ্ৰেছৰ এটা দল। কিন্তু উত্তৰ প্ৰদেশৰ সীমান্তত কংগ্ৰেছৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত দলটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সিদ্ধুৱে কৃষকহত্যাৰ প্ৰতিবাদত পঞ্জাৱৰ পৰা লখিমপুৰ খেৰীলৈ কংগ্ৰেছ কৰ্মীসকলৰ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি আছিল। সিদ্ধুৰ সৈতে পদযাত্ৰা কৰিবলৈ উত্তৰ প্ৰদেশ-হাৰিয়ানা সীমান্তত শ শ সমৰ্থক সমবেত হৈছিল আৰু শ্ল'গান দিছিল৷

হিংসাত্মক ঘটনাটোৰ মূল অভিযুক্ত বুলি অভিহিত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰাৰ পুত্ৰ আশিস মিশ্ৰাক গ্ৰেপ্তাৰৰ দাবী জনায় পঞ্জাৱৰ পৰা যোৱা কংগ্ৰেছ দলটোৱে। শুকুৰবাৰলৈকে আশিস মিশ্ৰাক গ্ৰেপ্তাৰ নকৰিলে সিদ্ধুৱে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও আৰক্ষীক হুংকাৰ দিয়ে। বৰ্তমান সিদ্ধুসহ কংগ্ৰেছী দলটোক আৰক্ষীয়ে আটক কৰি নিজ জিম্মাত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?