--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিছিল অলিম্পিক খেলত পিন্ধা গ্ল'ভছযোৰ৷ সেই ঐতিহাসিক গ্ল'ভছযোৰ অৱশেষত বিক্রী হ’ল ৯১ লাখ টকাত।

কেন্দ্ৰীয় চৰকাৰৰে আৰম্ভ কৰা নিলামত দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই এই গ্ল'ভছযোৰ বিক্ৰী হ’ল ৯১ লক্ষ টকাত। লাভলীনাৰ গ্ল'ভছৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৮০ লাখ টকা। নিলামত সৰ্বাধিক মূল্য আহৰণ কৰিলে নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলীনডালে। বিক্ৰী হ’ল ১.৫কোটি টকাত। জেভলীন ডালৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ১কোটি টকা। যোৱা ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনৰ দিনাৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্ৰীয়ে বিভিন্ন সময়ত লাভ কৰা উপহাৰ সমূহ ইণ্টাৰনেটৰ মাধ্যমৰে নিলামৰ ব্যৱস্থা কৰিছিল।

নিলামৰ কাৰণে ৰখা ১৩৪৮টা সামগ্ৰীৰ ভিতৰত আছিল টকিঅ' অলিম্পিক আৰু পেৰা অলিম্পিকত পদক লাভ কৰা খেলুৱৈসকলৰ ক্ৰীড়া সামগ্ৰীসমূহ। ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নিলাম কাৰ্যসূৰীৰ অন্ত পৰে ৭ অক্টোবৰত৷ নিলামত সংগ্ৰহ হোৱা ধনৰাশি নমামী গংগা প্রকল্পত ব্যৱহাৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী