--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিছিল অলিম্পিক খেলত পিন্ধা গ্ল'ভছযোৰ৷ সেই ঐতিহাসিক গ্ল'ভছযোৰ অৱশেষত বিক্রী হ’ল ৯১ লাখ টকাত।

কেন্দ্ৰীয় চৰকাৰৰে আৰম্ভ কৰা নিলামত দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই এই গ্ল'ভছযোৰ বিক্ৰী হ’ল ৯১ লক্ষ টকাত। লাভলীনাৰ গ্ল'ভছৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৮০ লাখ টকা। নিলামত সৰ্বাধিক মূল্য আহৰণ কৰিলে নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলীনডালে। বিক্ৰী হ’ল ১.৫কোটি টকাত। জেভলীন ডালৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ১কোটি টকা। যোৱা ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনৰ দিনাৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্ৰীয়ে বিভিন্ন সময়ত লাভ কৰা উপহাৰ সমূহ ইণ্টাৰনেটৰ মাধ্যমৰে নিলামৰ ব্যৱস্থা কৰিছিল।

নিলামৰ কাৰণে ৰখা ১৩৪৮টা সামগ্ৰীৰ ভিতৰত আছিল টকিঅ' অলিম্পিক আৰু পেৰা অলিম্পিকত পদক লাভ কৰা খেলুৱৈসকলৰ ক্ৰীড়া সামগ্ৰীসমূহ। ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নিলাম কাৰ্যসূৰীৰ অন্ত পৰে ৭ অক্টোবৰত৷ নিলামত সংগ্ৰহ হোৱা ধনৰাশি নমামী গংগা প্রকল্পত ব্যৱহাৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক