--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাক্ষাৎ যেন লখিমীহে। দেশৰ ছগৰাকী বিশেষ নাৰীয়ে দখল কৰিছে সংবাদ শিৰোনাম। এই ছগৰাকী নাৰীক স্থান দিয়া হৈছে ফ’ৰ্বছ আলোচনীয়ে যুগুত কৰা ভাৰতৰ ১০০গৰাকী ধনাঢ্য লোকৰ তালিকাত। সাক্ষাৎ লক্ষ্মীস্বৰূপা এই ছগৰাকী নাৰীৰ ধন-সম্পত্তিৰ পৰিমাণ জানিলে আপুনিও আচৰিত হ’ব। ১০০গৰাকী ধনবান ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰা এই ছগৰাকী নাৰীৰ ভিতৰত শীৰ্ষস্থানত আছে অ’পি জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দাল।

তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৮বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ১৩.৪৬লাখ কোটি টকা। বিগত বৰ্ষৰ তুলনাত তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰায় ৯.৭২লাখ কোটি টকা। দেশৰ আটাইতকৈ ধনবান মহিলা সাবিত্ৰী জিন্দাল দেশৰ ১০০জন ধনাঢ্যৰ তালিকাৰ সপ্তম স্থানত আছে। দ্বিতীয় সৰ্বাধিক ধনবান মহিলা হৈছে হেভেলছ ইণ্ডিয়াৰ বিনোদ ৰায় গুপ্তা। লিংগ নিৰ্বিশেষে দেশৰ শীৰ্ষ এশ ধনী লোকৰ ভিতৰত তেওঁৰ স্থান ২৪। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৬৮ লাখ কোটি। তৃতীয় স্থানত ৩.২৮লাখ কোটি মূল্যৰ সম্পত্তিৰে আছে ইউ এছ ভি প্ৰাইভেট লিমিটেড নামৰ ফাৰ্মাচিউটিকেল এণ্ড বায়’টেকনোলজী প্ৰতিষ্ঠানৰ লীনা তিৱাৰী।

৩.০২লাখ কোটি টকা মূল্যৰ সম্পত্তিৰে বাইজুজৰ সহ প্ৰতিষ্ঠাতা দিব্যা গোকুলনাথ আছে তালিকাৰ চতুৰ্থ স্থানত। ২.৯১লাখ কোটি টকা মূল্যৰ সম্পত্তিৰে বায়’কনছৰ কিৰণ মজুমদাৰ শ্ব’ আছে তালিকাৰ পঞ্চম স্থানত। তেওঁ দেশৰ শীৰ্ষ এশ ধনবানৰ সামগ্ৰিক তালিকাত ৫৩সংখ্যক স্থানত আছে। ছজনীয়া বিত্তৱানৰ তালিকাত থকা আনগৰাকী বিত্তৱান মহিলা হৈছে এমালগেমেচন পৰিয়ালৰ মল্লিকা শ্ৰীনিবাসন। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ২.১৬লাখ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক