--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাক্ষাৎ যেন লখিমীহে। দেশৰ ছগৰাকী বিশেষ নাৰীয়ে দখল কৰিছে সংবাদ শিৰোনাম। এই ছগৰাকী নাৰীক স্থান দিয়া হৈছে ফ’ৰ্বছ আলোচনীয়ে যুগুত কৰা ভাৰতৰ ১০০গৰাকী ধনাঢ্য লোকৰ তালিকাত। সাক্ষাৎ লক্ষ্মীস্বৰূপা এই ছগৰাকী নাৰীৰ ধন-সম্পত্তিৰ পৰিমাণ জানিলে আপুনিও আচৰিত হ’ব। ১০০গৰাকী ধনবান ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰা এই ছগৰাকী নাৰীৰ ভিতৰত শীৰ্ষস্থানত আছে অ’পি জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দাল।

তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৮বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ১৩.৪৬লাখ কোটি টকা। বিগত বৰ্ষৰ তুলনাত তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰায় ৯.৭২লাখ কোটি টকা। দেশৰ আটাইতকৈ ধনবান মহিলা সাবিত্ৰী জিন্দাল দেশৰ ১০০জন ধনাঢ্যৰ তালিকাৰ সপ্তম স্থানত আছে। দ্বিতীয় সৰ্বাধিক ধনবান মহিলা হৈছে হেভেলছ ইণ্ডিয়াৰ বিনোদ ৰায় গুপ্তা। লিংগ নিৰ্বিশেষে দেশৰ শীৰ্ষ এশ ধনী লোকৰ ভিতৰত তেওঁৰ স্থান ২৪। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৬৮ লাখ কোটি। তৃতীয় স্থানত ৩.২৮লাখ কোটি মূল্যৰ সম্পত্তিৰে আছে ইউ এছ ভি প্ৰাইভেট লিমিটেড নামৰ ফাৰ্মাচিউটিকেল এণ্ড বায়’টেকনোলজী প্ৰতিষ্ঠানৰ লীনা তিৱাৰী।

৩.০২লাখ কোটি টকা মূল্যৰ সম্পত্তিৰে বাইজুজৰ সহ প্ৰতিষ্ঠাতা দিব্যা গোকুলনাথ আছে তালিকাৰ চতুৰ্থ স্থানত। ২.৯১লাখ কোটি টকা মূল্যৰ সম্পত্তিৰে বায়’কনছৰ কিৰণ মজুমদাৰ শ্ব’ আছে তালিকাৰ পঞ্চম স্থানত। তেওঁ দেশৰ শীৰ্ষ এশ ধনবানৰ সামগ্ৰিক তালিকাত ৫৩সংখ্যক স্থানত আছে। ছজনীয়া বিত্তৱানৰ তালিকাত থকা আনগৰাকী বিত্তৱান মহিলা হৈছে এমালগেমেচন পৰিয়ালৰ মল্লিকা শ্ৰীনিবাসন। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ২.১৬লাখ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?