--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪চনৰ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ সকলোৰে একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিবলৈ আৰম্ভ কৰিছে। ঠিক এইদৰেই ভাবিছিল মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ ওটে নামৰ কৃষকগৰাকীয়ে। তেওঁৰ জন ধন একাউণ্টত যেতিয়া ১৫ লাখ টকা সোমাইছিল তেওঁ ভাবি লৈছিল যে, মোদীজীয়ে এতিয়া সকলোৰে একাউণ্টত টকা দিয়া আৰম্ভ কৰিছে। এনে অপ্ৰত্যাশিত প্ৰাপ্তিয়ে আনন্দত আত্মহাৰা কৰি তুলিছিল কৃষকগৰাকীক। তেওঁ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদসূচক পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু ছমাহৰ পাছতহে উৰহী গছৰ ওৰ ওলাল। ২০২১চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ পাইথান তালুকা নামৰ ঠাইখনৰ বাসিন্দা জ্ঞানেশ্বৰ ওটেই এই অপ্ৰত্যাশিত সুখৰ সংবাদ লাভ কৰিছিল। তেওঁৰ জন ধন একাউণ্টত জমা হৈছিল ১৫লাখ টকা। আনন্দত আত্মহাৰা হৈ কৃষকগৰাকীয়ে তাৰে ৯লাখ টকা তেওঁৰ বেংক অব বৰোডা একাউণ্টৰ পৰা উলিয়াই আনে আৰু বৰ হেঁপাহেৰে এটা ঘৰ নিৰ্মাণ কৰে। কিন্তু তাৰ ছমাহৰ পাছতে তেওঁৰ মূৰত একপ্ৰকাৰ আকাশী সৰগ ভাঙি পৰাৰ উপক্ৰম ঘটে। ছমাহৰ পাছতে বেংকৰ ফালৰ পৰা তেওঁলৈ জাননী আহে যে, তেওঁৰ একাউণ্টত ভুলতে ১৫লাখ টকা জমা কৰা হৈছিল। এই টকাখিনি তেওঁ বেংকক ঘূৰাই দিব লাগিব। এই জাননী পোৱাৰ পাছতে তালুৱে-জিভাই কামোৰ খাবলগীয়া হয় কৃষকগৰাকীয়ে। পাছত প্ৰকাশ পোৱা মতে, এই টকাখিনি প্ৰকৃততে পিম্পলৱাড়ী গ্ৰাম পঞ্চায়তলৈ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অনুমোদিত হৈছিল। কিন্তু টকাখিনি ভুলতে গাঁও পঞ্চায়তখনলৈ যোৱাৰ পৰিৱৰ্তে যায় কৃষকগৰাকীৰ একাউণ্টলৈ। চাৰি মাহৰ পাছত গাঁও পঞ্চায়তখনে অভিযোগ কৰে যে, তেওঁলোকৰ নামত আবণ্টিত ধন জ্ঞানেশ্বৰ ওটেৰ একাউণ্টতহে সোমাইছে। তাৰ পাছতে হুৱাদুৱা লগা পৰিস্থিতিৰ সৃষ্টি হয়। নিৰীহ কৃষকগৰাকীয়ে অকপটে কয় যে, তেওঁ ভাবিছিল যে, এই টকা প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ একাউণ্টত দিছে। গতিকে তেওঁ সেই টকা খৰচ কৰিছে। ইফালে, বেংকৰ জাননী পোৱাৰ পাছতে তেওঁ নিজৰ হাতত থকা ৬লাখ টকা বেংকক ওভটাই দিছে। কিন্তু ঘৰ নিৰ্মাণত খৰচ কৰা ৯লাখ টকা তেওঁ এতিয়াও বেংকক ওভটাই দিবলৈ আছে। ২০১৪চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ মানুহক দেখুওৱা ভুৱা স্বপ্নই এতিয়াও কিদৰে দেশৰ একাংশ লোকক প্ৰভাৱিত কৰি ৰাখিছে আৰু সেই ভুৱা সপোনৰ পম খেদি কিদৰে তেওঁলোকে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰ এক জলন্ত প্ৰমাণ হৈছে মহাৰাষ্ট্ৰৰ এই কৃষকগৰাকী। মোদীয়ে ১৫লাখৰ যি সপোন দেখুৱাইছিল সেয়া মিছা আছিল প্ৰমাণিত হৈছে। কিন্তু মিছা আশাৰ পৰা কিছুসংখ্যক লোক যেন এতিয়াও মুক্ত হ’ব পৰা নাই। দেশৰ ৰাজনীতিত মিছা আশা দেখুওৱাৰ খেল খেলিয়েই একাংশ লোকে বাৰম্বাৰ শাসনো দখল কৰি থাকিবলৈ সক্ষম হৈছে আৰু তাৰ কুফল ভুগিছে জ্ঞানেশ্বৰৰ দৰে কৃষকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু