--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪চনৰ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ সকলোৰে একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিবলৈ আৰম্ভ কৰিছে। ঠিক এইদৰেই ভাবিছিল মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ ওটে নামৰ কৃষকগৰাকীয়ে। তেওঁৰ জন ধন একাউণ্টত যেতিয়া ১৫ লাখ টকা সোমাইছিল তেওঁ ভাবি লৈছিল যে, মোদীজীয়ে এতিয়া সকলোৰে একাউণ্টত টকা দিয়া আৰম্ভ কৰিছে। এনে অপ্ৰত্যাশিত প্ৰাপ্তিয়ে আনন্দত আত্মহাৰা কৰি তুলিছিল কৃষকগৰাকীক। তেওঁ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদসূচক পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু ছমাহৰ পাছতহে উৰহী গছৰ ওৰ ওলাল। ২০২১চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ পাইথান তালুকা নামৰ ঠাইখনৰ বাসিন্দা জ্ঞানেশ্বৰ ওটেই এই অপ্ৰত্যাশিত সুখৰ সংবাদ লাভ কৰিছিল। তেওঁৰ জন ধন একাউণ্টত জমা হৈছিল ১৫লাখ টকা। আনন্দত আত্মহাৰা হৈ কৃষকগৰাকীয়ে তাৰে ৯লাখ টকা তেওঁৰ বেংক অব বৰোডা একাউণ্টৰ পৰা উলিয়াই আনে আৰু বৰ হেঁপাহেৰে এটা ঘৰ নিৰ্মাণ কৰে। কিন্তু তাৰ ছমাহৰ পাছতে তেওঁৰ মূৰত একপ্ৰকাৰ আকাশী সৰগ ভাঙি পৰাৰ উপক্ৰম ঘটে। ছমাহৰ পাছতে বেংকৰ ফালৰ পৰা তেওঁলৈ জাননী আহে যে, তেওঁৰ একাউণ্টত ভুলতে ১৫লাখ টকা জমা কৰা হৈছিল। এই টকাখিনি তেওঁ বেংকক ঘূৰাই দিব লাগিব। এই জাননী পোৱাৰ পাছতে তালুৱে-জিভাই কামোৰ খাবলগীয়া হয় কৃষকগৰাকীয়ে। পাছত প্ৰকাশ পোৱা মতে, এই টকাখিনি প্ৰকৃততে পিম্পলৱাড়ী গ্ৰাম পঞ্চায়তলৈ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অনুমোদিত হৈছিল। কিন্তু টকাখিনি ভুলতে গাঁও পঞ্চায়তখনলৈ যোৱাৰ পৰিৱৰ্তে যায় কৃষকগৰাকীৰ একাউণ্টলৈ। চাৰি মাহৰ পাছত গাঁও পঞ্চায়তখনে অভিযোগ কৰে যে, তেওঁলোকৰ নামত আবণ্টিত ধন জ্ঞানেশ্বৰ ওটেৰ একাউণ্টতহে সোমাইছে। তাৰ পাছতে হুৱাদুৱা লগা পৰিস্থিতিৰ সৃষ্টি হয়। নিৰীহ কৃষকগৰাকীয়ে অকপটে কয় যে, তেওঁ ভাবিছিল যে, এই টকা প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ একাউণ্টত দিছে। গতিকে তেওঁ সেই টকা খৰচ কৰিছে। ইফালে, বেংকৰ জাননী পোৱাৰ পাছতে তেওঁ নিজৰ হাতত থকা ৬লাখ টকা বেংকক ওভটাই দিছে। কিন্তু ঘৰ নিৰ্মাণত খৰচ কৰা ৯লাখ টকা তেওঁ এতিয়াও বেংকক ওভটাই দিবলৈ আছে। ২০১৪চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ মানুহক দেখুওৱা ভুৱা স্বপ্নই এতিয়াও কিদৰে দেশৰ একাংশ লোকক প্ৰভাৱিত কৰি ৰাখিছে আৰু সেই ভুৱা সপোনৰ পম খেদি কিদৰে তেওঁলোকে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰ এক জলন্ত প্ৰমাণ হৈছে মহাৰাষ্ট্ৰৰ এই কৃষকগৰাকী। মোদীয়ে ১৫লাখৰ যি সপোন দেখুৱাইছিল সেয়া মিছা আছিল প্ৰমাণিত হৈছে। কিন্তু মিছা আশাৰ পৰা কিছুসংখ্যক লোক যেন এতিয়াও মুক্ত হ’ব পৰা নাই। দেশৰ ৰাজনীতিত মিছা আশা দেখুওৱাৰ খেল খেলিয়েই একাংশ লোকে বাৰম্বাৰ শাসনো দখল কৰি থাকিবলৈ সক্ষম হৈছে আৰু তাৰ কুফল ভুগিছে জ্ঞানেশ্বৰৰ দৰে কৃষকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক