--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সাতটা পৰ্য্যায়ত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ক’ভিড প্ৰট’কল অনুসৰি এই সমষ্টি সমূহত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ৭ মাৰ্চত সমাপ্ত হ'বলগীয়া এই সাতটা পৰ্যায়ৰ নিৰ্বাচনে উত্তৰ প্ৰদেশৰ বিধান সভাৰ ৪০৩ জন সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি ১০ মাৰ্চত ভোট গণনা হ'ব। উত্তৰ প্ৰদেশৰ উপৰিও এই বৰ্ষত পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ'ব । পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত ভোটগ্ৰহণ অনুস্থিত হ’ব যদিও মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰায় ৬২৩ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু প্ৰায় ২.২৭ কোটি ভোটদাতাই তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। পুৱাৰ সময়ছোৱাত ধীৰ গতিতহে ভোটগ্ৰহণ হোৱা দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত। পুৱা ৯ বজালৈকে কেৱলমাত্ৰ ৭.৯৫ শতাংশহে ভোটগ্ৰহণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে ''২০১৪ চনৰ পৰা, ৰাইজে বিজেপিৰ কাম দেখিছে। গতিকে ২০১৭ চনতো ৰাইজে আমাক উত্তৰ প্ৰদেশত নিৰ্বাচিত কৰিছিল। একেদৰে, ২০১৯ চনত শাসনলৈ অহাৰ পিছত অধিক কাম দেখি, ২০২২ চনতো মানুহে আমাক উত্তৰ প্ৰদেশতো গ্ৰহণ কৰিব।'' আৰু পঢ়কঃ কৰ্কটৰ আয় বৃদ্ধি,তুলাই পাব প্ৰশংসা; ৰাশিফলত চাওঁক আপোনাৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু