--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সাতটা পৰ্য্যায়ত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ক’ভিড প্ৰট’কল অনুসৰি এই সমষ্টি সমূহত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ৭ মাৰ্চত সমাপ্ত হ'বলগীয়া এই সাতটা পৰ্যায়ৰ নিৰ্বাচনে উত্তৰ প্ৰদেশৰ বিধান সভাৰ ৪০৩ জন সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি ১০ মাৰ্চত ভোট গণনা হ'ব। উত্তৰ প্ৰদেশৰ উপৰিও এই বৰ্ষত পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ'ব । পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত ভোটগ্ৰহণ অনুস্থিত হ’ব যদিও মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰায় ৬২৩ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু প্ৰায় ২.২৭ কোটি ভোটদাতাই তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। পুৱাৰ সময়ছোৱাত ধীৰ গতিতহে ভোটগ্ৰহণ হোৱা দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত। পুৱা ৯ বজালৈকে কেৱলমাত্ৰ ৭.৯৫ শতাংশহে ভোটগ্ৰহণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে ''২০১৪ চনৰ পৰা, ৰাইজে বিজেপিৰ কাম দেখিছে। গতিকে ২০১৭ চনতো ৰাইজে আমাক উত্তৰ প্ৰদেশত নিৰ্বাচিত কৰিছিল। একেদৰে, ২০১৯ চনত শাসনলৈ অহাৰ পিছত অধিক কাম দেখি, ২০২২ চনতো মানুহে আমাক উত্তৰ প্ৰদেশতো গ্ৰহণ কৰিব।'' আৰু পঢ়কঃ কৰ্কটৰ আয় বৃদ্ধি,তুলাই পাব প্ৰশংসা; ৰাশিফলত চাওঁক আপোনাৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক