--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতাৰ কাহিনীয়ে সদায় এটা অতি আকৰ্ষণীয় পাঠ্যৰ সৃষ্টি কৰে। এনে বহু কাহিনীয়ে প্ৰায়ে বহুতৰে বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰে। নিজৰ লক্ষ্যত উপনীত হ’বলৈ পৰিস্থিতিৰ সৈতে যুঁজি থকা সাফল্যৰ কাহিনী সঁচাকৈয় প্ৰেৰণাদায়ক। আজি আমি আলোচনা কৰিম তেনে এজন সফল ব্যক্তি জগতাৰ সিং চৌধুৰীৰ বিষয়ে।সিং ২০০৭ চনত প্ৰতিষ্ঠা কৰা জেডস্কেলাৰ ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া।এই প্ৰতিষ্ঠান জাগতাৰে প্ৰতিষ্ঠা কৰা সাতটা কোম্পানীৰ ভিতৰত অন্যতম। কঠিন পৰিবেশত চেষ্টা কৰা আন বহুজনৰ দৰে জগতাৰ সিং চৌধুৰী অতি দুৰ্বল পটভূমিৰ পৰা আহিছে। হিমাচল প্ৰদেশৰ উনা জিলাৰ পানোহ গাঁৱতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ জন্ম হৈছিল ভগত সিং পানোহ নামৰ এজন সামান্য কৃষকৰ ঘৰত, যি পাছলৈ গাঁওবুঢ়া হৈছিল। চৰকাৰী বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰিছিল জগতাৰে। তেওঁৰ গাঁৱত  বিদ্যুৎ নাছিল আৰু স্কুলীয়া দিনত জাগতাৰে চাকি লৈ পঢ়িবলগীয়া হৈছিল। তেওঁ প্ৰতিদিনে ৪ কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ গৈছিল, কিয়নো তেওঁলোকৰ তাত কোনো যাতায়তৰ ব্যৱস্থা নাছিল।

জগতাৰ সিং চৌধুৰীয়ে চিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু এম বি এ ডিগ্ৰী লাভ কৰে। তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। বিয়াৰ পাছত জগতাৰে পত্নী জ্যোতিৰ সৈতে আমেৰিকালৈ স্থানান্তৰিত হয়। ১৯৯৬ চনত জগতাৰ আৰু তেওঁৰ পত্নী দুয়োজনে চাকৰি এৰি ছিকিউৰ আইটিত যোগদান কৰে।পাছলৈ এই যুটিয়ে চিফাৰট্ৰাষ্ট গঠন কৰে। ঠিক পাছৰ বছৰতে ভেৰিচাইন আৰু ছিকিউৰ কম্পিউটিং কৰ্পৰেশ্যনে তেওঁৰ কোম্পানীটো ক্ৰয় কৰে। ইয়াৰ পৰৱৰ্তীসময়ত জগতাৰ এয়াৰডিফেন্সৰ সৃষ্টি হয়। আই বি এম, ইউনিছিছ, আৰু আই কিউ চফটৱেৰত জগতাৰে ২৫ বছৰ ধৰি বিক্ৰী আৰু বিপণনত কাম কৰে। ২০০৭ চনত তেওঁ চাইবাৰ ছিকিউৰিটি কোম্পানী জেডস্কেলাৰ প্ৰতিষ্ঠা কৰিছিল,য’ত তেওঁৰ ৪২% অংশীদাৰিত্ব আছে।জাগতাৰে আৰ্নষ্ট এণ্ড ইয়ঙৰ পৰা বছৰৰ উদ্যোগী (দক্ষিণ-পূব আমেৰিকান) হিচাপে বঁটা লাভ কৰিছে; এছ চি মেগাজিনৰ পৰা মাৰ্কেট উদ্যোগী, আৰু আই আই টি বি এইচ ইউৰ পৰা বিশিষ্ট প্ৰাক্তন ছাত্ৰ, আৰু গোল্ডমেন চেক্সৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী উদ্যোগীৰ ভিতৰতো জগতাৰ এজন অন্যতম ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস