--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতাৰ কাহিনীয়ে সদায় এটা অতি আকৰ্ষণীয় পাঠ্যৰ সৃষ্টি কৰে। এনে বহু কাহিনীয়ে প্ৰায়ে বহুতৰে বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰে। নিজৰ লক্ষ্যত উপনীত হ’বলৈ পৰিস্থিতিৰ সৈতে যুঁজি থকা সাফল্যৰ কাহিনী সঁচাকৈয় প্ৰেৰণাদায়ক। আজি আমি আলোচনা কৰিম তেনে এজন সফল ব্যক্তি জগতাৰ সিং চৌধুৰীৰ বিষয়ে।সিং ২০০৭ চনত প্ৰতিষ্ঠা কৰা জেডস্কেলাৰ ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া।এই প্ৰতিষ্ঠান জাগতাৰে প্ৰতিষ্ঠা কৰা সাতটা কোম্পানীৰ ভিতৰত অন্যতম। কঠিন পৰিবেশত চেষ্টা কৰা আন বহুজনৰ দৰে জগতাৰ সিং চৌধুৰী অতি দুৰ্বল পটভূমিৰ পৰা আহিছে। হিমাচল প্ৰদেশৰ উনা জিলাৰ পানোহ গাঁৱতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ জন্ম হৈছিল ভগত সিং পানোহ নামৰ এজন সামান্য কৃষকৰ ঘৰত, যি পাছলৈ গাঁওবুঢ়া হৈছিল। চৰকাৰী বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰিছিল জগতাৰে। তেওঁৰ গাঁৱত  বিদ্যুৎ নাছিল আৰু স্কুলীয়া দিনত জাগতাৰে চাকি লৈ পঢ়িবলগীয়া হৈছিল। তেওঁ প্ৰতিদিনে ৪ কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ গৈছিল, কিয়নো তেওঁলোকৰ তাত কোনো যাতায়তৰ ব্যৱস্থা নাছিল।

জগতাৰ সিং চৌধুৰীয়ে চিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু এম বি এ ডিগ্ৰী লাভ কৰে। তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। বিয়াৰ পাছত জগতাৰে পত্নী জ্যোতিৰ সৈতে আমেৰিকালৈ স্থানান্তৰিত হয়। ১৯৯৬ চনত জগতাৰ আৰু তেওঁৰ পত্নী দুয়োজনে চাকৰি এৰি ছিকিউৰ আইটিত যোগদান কৰে।পাছলৈ এই যুটিয়ে চিফাৰট্ৰাষ্ট গঠন কৰে। ঠিক পাছৰ বছৰতে ভেৰিচাইন আৰু ছিকিউৰ কম্পিউটিং কৰ্পৰেশ্যনে তেওঁৰ কোম্পানীটো ক্ৰয় কৰে। ইয়াৰ পৰৱৰ্তীসময়ত জগতাৰ এয়াৰডিফেন্সৰ সৃষ্টি হয়। আই বি এম, ইউনিছিছ, আৰু আই কিউ চফটৱেৰত জগতাৰে ২৫ বছৰ ধৰি বিক্ৰী আৰু বিপণনত কাম কৰে। ২০০৭ চনত তেওঁ চাইবাৰ ছিকিউৰিটি কোম্পানী জেডস্কেলাৰ প্ৰতিষ্ঠা কৰিছিল,য’ত তেওঁৰ ৪২% অংশীদাৰিত্ব আছে।জাগতাৰে আৰ্নষ্ট এণ্ড ইয়ঙৰ পৰা বছৰৰ উদ্যোগী (দক্ষিণ-পূব আমেৰিকান) হিচাপে বঁটা লাভ কৰিছে; এছ চি মেগাজিনৰ পৰা মাৰ্কেট উদ্যোগী, আৰু আই আই টি বি এইচ ইউৰ পৰা বিশিষ্ট প্ৰাক্তন ছাত্ৰ, আৰু গোল্ডমেন চেক্সৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী উদ্যোগীৰ ভিতৰতো জগতাৰ এজন অন্যতম ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ