--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চণ্ডাউলিত সংঘটিত হৈছে এক চকু কপালত তোলা ঘটনা। ঘটনা অনুসৰি দিল্লীৰ পৰা পাটনালৈ গৈ থকা প্ৰভাত শ্বাহ নামৰ এজন ব্যক্তিয়ে চাহ খাবলৈ পণ্ডিত দীন দয়াল উপাধ্যায় ষ্টেচনত নামিছিল। ইফালে হঠাৎ তেওঁ অহা ৰে’লখন ষ্টাৰ্ট হয়। ইয়াৰ পাছত দৌৰি দৌৰি ৰেলখন ধৰিবলৈ ব্যক্তিজনে চেষ্টা কৰে, কিন্তু হেণ্ডেলডাল ধৰি থকাৰ সময়তে হাতখন পিছলি পৰিল আৰু ৰে’লৰ ফুটবৰ্ড তথা প্লেটফৰ্মৰ মাজত আবদ্ধ হৈ পৰিল, যাৰ বাবে তেওঁ চলন্ত ৰে’লখনৰ দ্বাৰা কেইবা মিটাৰমান টানি লৈ গৈ থাকিল। এনে পৰিস্থিতিত এজন কৰ্তব্যৰত আৰ পি এফৰ কৰ্মচাৰীয়ে দৌৰি গৈ তেওঁৰ জীৱন ৰক্ষা কৰে।

আচলতে যোৱা নিশা দিল্লীৰ পৰা মালদা টাউনলৈ যোৱা ১৩৪৮৪ ডি এন ফাৰাক্কা এক্সপ্ৰেছ পণ্ডিত দীনদয়াল উপাধ্যায় ষ্টেচনত উপস্থিত হয়। এই ৰে’লখনৰ জেনেৰেল ডবাত যাত্ৰা কৰি থকা প্ৰভাত শ্বাহে পানী ল’বলৈ প্লেটফৰ্মত নামিছিল য’ত ঘটনাটো সংঘটিত হয়৷ঘটনা সংঘটিত হোৱাৰ সময়ত ৩ নং প্লেটফৰ্মত আৰ পি এফ জোৱানজন কৰ্তব্যত আছিল আৰু তেওঁ সজাগ হৈ আছিল, ট্ৰেইন আৰু প্লেটফৰ্মৰ মাজত এজন যাত্ৰী আবদ্ধ হৈ থকা দেখিছিল, গতিকে দৌৰি গৈ তেওঁক ধৰিলে, আৰু যাত্ৰীসকলে শিকলি টানি ৰে’লখন ৰখাই দিলে আৰু প্ৰভাতৰ প্ৰাণ ৰক্ষা পৰিল। এক ছেকেণ্ডৰ পলম হোৱাহেঁতেন তেওঁৰ জীৱন হেৰাই গ’লহেঁতেন, কিন্তু সৰ্বশক্তিমানৰ কৃপাত সকলো ঠিক হৈ গ’ল। প্ৰাথমিক চিকিৎসাৰ অন্তত প্ৰভাত শ্বাহক আন এখন ৰে’লেৰে পাটনালৈ পঠিওৱা হয়। এই সমগ্ৰ ঘটনা তাত সংস্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ