--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চণ্ডাউলিত সংঘটিত হৈছে এক চকু কপালত তোলা ঘটনা। ঘটনা অনুসৰি দিল্লীৰ পৰা পাটনালৈ গৈ থকা প্ৰভাত শ্বাহ নামৰ এজন ব্যক্তিয়ে চাহ খাবলৈ পণ্ডিত দীন দয়াল উপাধ্যায় ষ্টেচনত নামিছিল। ইফালে হঠাৎ তেওঁ অহা ৰে’লখন ষ্টাৰ্ট হয়। ইয়াৰ পাছত দৌৰি দৌৰি ৰেলখন ধৰিবলৈ ব্যক্তিজনে চেষ্টা কৰে, কিন্তু হেণ্ডেলডাল ধৰি থকাৰ সময়তে হাতখন পিছলি পৰিল আৰু ৰে’লৰ ফুটবৰ্ড তথা প্লেটফৰ্মৰ মাজত আবদ্ধ হৈ পৰিল, যাৰ বাবে তেওঁ চলন্ত ৰে’লখনৰ দ্বাৰা কেইবা মিটাৰমান টানি লৈ গৈ থাকিল। এনে পৰিস্থিতিত এজন কৰ্তব্যৰত আৰ পি এফৰ কৰ্মচাৰীয়ে দৌৰি গৈ তেওঁৰ জীৱন ৰক্ষা কৰে।

আচলতে যোৱা নিশা দিল্লীৰ পৰা মালদা টাউনলৈ যোৱা ১৩৪৮৪ ডি এন ফাৰাক্কা এক্সপ্ৰেছ পণ্ডিত দীনদয়াল উপাধ্যায় ষ্টেচনত উপস্থিত হয়। এই ৰে’লখনৰ জেনেৰেল ডবাত যাত্ৰা কৰি থকা প্ৰভাত শ্বাহে পানী ল’বলৈ প্লেটফৰ্মত নামিছিল য’ত ঘটনাটো সংঘটিত হয়৷ঘটনা সংঘটিত হোৱাৰ সময়ত ৩ নং প্লেটফৰ্মত আৰ পি এফ জোৱানজন কৰ্তব্যত আছিল আৰু তেওঁ সজাগ হৈ আছিল, ট্ৰেইন আৰু প্লেটফৰ্মৰ মাজত এজন যাত্ৰী আবদ্ধ হৈ থকা দেখিছিল, গতিকে দৌৰি গৈ তেওঁক ধৰিলে, আৰু যাত্ৰীসকলে শিকলি টানি ৰে’লখন ৰখাই দিলে আৰু প্ৰভাতৰ প্ৰাণ ৰক্ষা পৰিল। এক ছেকেণ্ডৰ পলম হোৱাহেঁতেন তেওঁৰ জীৱন হেৰাই গ’লহেঁতেন, কিন্তু সৰ্বশক্তিমানৰ কৃপাত সকলো ঠিক হৈ গ’ল। প্ৰাথমিক চিকিৎসাৰ অন্তত প্ৰভাত শ্বাহক আন এখন ৰে’লেৰে পাটনালৈ পঠিওৱা হয়। এই সমগ্ৰ ঘটনা তাত সংস্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস