--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হৰ হৰ শম্ভু' গীত গাই উলেমাৰ ৰোষত পৰা কণ্ঠশিল্পী ফৰমানী নাজ পুনৰ লাইমলাইটলৈ আহিছে। ফৰমানী নাজৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে 'হৰ হৰ শম্ভু'ৰ গীতিকাৰ জিতু শৰ্মাই। হৰ হৰ শম্ভু গীতটো ফৰমানী নাজে তেওঁৰ অৰিজিনেল গান বুলি দাবী কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে জিতু শৰ্মাই। ফৰমানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি আছে। আচলতে শম্ভু গীতটিৰ মূল লেখক জিতু শৰ্মাই কপিৰাইট আইন অনুসৰি ফৰমানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে। জিতু শৰ্মাই কয় যে তেওঁ ফৰমানীৰ ওপৰত বহুত ক্ষুব্ধ হৈ আছে।

ফৰমানী নাজৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি জীতু শৰ্মাই কয় "ফৰমানীয়ে গান গোৱাত মোৰ কোনো অসুবিধা নাই, কিন্তু তেওঁ সকলোতে গৈ কৈছে যে হৰ হৰ শম্ভু গীতটো তেওঁৰ অৰিজিনেল ভাৰ্চন, যি কথা সম্পূৰ্ণ মিছা। ক্ৰেডিটত মোৰ নামটো দিলে মই তেওঁক একো নকৰিলোঁহেঁতেন। ফৰমানীয়ে কপিৰাইটৰ নিয়ম ভংগ কৰিছে। তেওঁ যদি ক্ষমা নুখুজে তেন্তে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিম।"

জীতুৱে জনোৱা মতে, এতিয়ালৈকে তেওঁৰ হৰ হৰ শম্ভু গীতৰ ৩১০টা সংস্কৰণ নিৰ্মাণ কৰা হৈছে। নিজৰ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰি তেওঁ লগতে কয় যে- "এই গীতটোৰ ৰেকৰ্ডিঙৰ বাবে মোৰ হাতত টকা নাছিল, সেয়ে মই মোৰ গাড়ীখন মাত্ৰ ৬০ হাজাৰত বিক্ৰী কৰিছিলো।" এইটোৱেই আছিল মোৰ শেষ সুযোগ। ইমান কষ্ট কৰাৰ অন্তত এই গীতটো সাজু হৈ উঠিছিল, কিন্তু মনটোত বহুত দুখ লাগে, যেতিয়া কোনোবাই আহি কয় যে এই গীতটো ফৰমানী নাজৰ।"

উল্লেখ্য যে হৰ হৰ শম্ভু গীতটিৰ ৰচনা কৰিছে জীতু শৰ্মাই আৰু কণ্ঠদান কৰিছে অভিলিপ্সা পাণ্ডেই। ফৰমানীয়ে যদিও জীতু শৰ্মাক ক্ৰেডিট দিয়া নাই তথাপিও তেওঁ কয় যে ''ফৰমানীক উলেমাসকলে যি ভাবুকি দিছে সেয়া ভুল। শিল্পীৰ কোনো ধৰ্ম নাই। তেওঁ কেৱল সংগীত ভাল পায়, ইয়াত ফৰমানী নাজৰ একো দোষ নাই। উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে ইছলাম ধৰ্মৰ কিছুমান লোকে যি ধৰণে অভিযোগ উত্থাপন কৰিছে সেয়া ভুল। এই ক্ষেত্ৰত মই তেওঁৰ লগত আছোঁ।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু