--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হৰ হৰ শম্ভু' গীত গাই উলেমাৰ ৰোষত পৰা কণ্ঠশিল্পী ফৰমানী নাজ পুনৰ লাইমলাইটলৈ আহিছে। ফৰমানী নাজৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে 'হৰ হৰ শম্ভু'ৰ গীতিকাৰ জিতু শৰ্মাই। হৰ হৰ শম্ভু গীতটো ফৰমানী নাজে তেওঁৰ অৰিজিনেল গান বুলি দাবী কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে জিতু শৰ্মাই। ফৰমানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি আছে। আচলতে শম্ভু গীতটিৰ মূল লেখক জিতু শৰ্মাই কপিৰাইট আইন অনুসৰি ফৰমানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে। জিতু শৰ্মাই কয় যে তেওঁ ফৰমানীৰ ওপৰত বহুত ক্ষুব্ধ হৈ আছে।

ফৰমানী নাজৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি জীতু শৰ্মাই কয় "ফৰমানীয়ে গান গোৱাত মোৰ কোনো অসুবিধা নাই, কিন্তু তেওঁ সকলোতে গৈ কৈছে যে হৰ হৰ শম্ভু গীতটো তেওঁৰ অৰিজিনেল ভাৰ্চন, যি কথা সম্পূৰ্ণ মিছা। ক্ৰেডিটত মোৰ নামটো দিলে মই তেওঁক একো নকৰিলোঁহেঁতেন। ফৰমানীয়ে কপিৰাইটৰ নিয়ম ভংগ কৰিছে। তেওঁ যদি ক্ষমা নুখুজে তেন্তে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিম।"

জীতুৱে জনোৱা মতে, এতিয়ালৈকে তেওঁৰ হৰ হৰ শম্ভু গীতৰ ৩১০টা সংস্কৰণ নিৰ্মাণ কৰা হৈছে। নিজৰ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰি তেওঁ লগতে কয় যে- "এই গীতটোৰ ৰেকৰ্ডিঙৰ বাবে মোৰ হাতত টকা নাছিল, সেয়ে মই মোৰ গাড়ীখন মাত্ৰ ৬০ হাজাৰত বিক্ৰী কৰিছিলো।" এইটোৱেই আছিল মোৰ শেষ সুযোগ। ইমান কষ্ট কৰাৰ অন্তত এই গীতটো সাজু হৈ উঠিছিল, কিন্তু মনটোত বহুত দুখ লাগে, যেতিয়া কোনোবাই আহি কয় যে এই গীতটো ফৰমানী নাজৰ।"

উল্লেখ্য যে হৰ হৰ শম্ভু গীতটিৰ ৰচনা কৰিছে জীতু শৰ্মাই আৰু কণ্ঠদান কৰিছে অভিলিপ্সা পাণ্ডেই। ফৰমানীয়ে যদিও জীতু শৰ্মাক ক্ৰেডিট দিয়া নাই তথাপিও তেওঁ কয় যে ''ফৰমানীক উলেমাসকলে যি ভাবুকি দিছে সেয়া ভুল। শিল্পীৰ কোনো ধৰ্ম নাই। তেওঁ কেৱল সংগীত ভাল পায়, ইয়াত ফৰমানী নাজৰ একো দোষ নাই। উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে ইছলাম ধৰ্মৰ কিছুমান লোকে যি ধৰণে অভিযোগ উত্থাপন কৰিছে সেয়া ভুল। এই ক্ষেত্ৰত মই তেওঁৰ লগত আছোঁ।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী