--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ খ্যাত শ্বেহনাজ গিলে ছলমান খানৰ ছবি ‘ভাইজান’ৰ জৰিয়তে বলীউডত অভিষেক ঘটাব বুলি দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বৰ্তমান এই ছবিখনৰ সৈতে জড়িত এটা ডাঙৰ খবৰ ওলাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছবিখনৰ পৰা বাহিৰ কৰি দিয়া হৈছে শ্বেহনাজ গিলক। এটা এণ্টাৰটেইনমেণ্ট প’ৰ্টেলৰ মতে, শ্বেহনাজ এতিয়া ছলমানৰ ছবিখনৰ অংশ নহয়।

ইয়াৰ পাছতেই শ্বেহনাজ গিলে ছ’চিয়েল মিডিয়াত ছলমানক আনফ’ল’ কৰা বুলিও প’ৰ্টেলটোৱে দাবী কৰিছে। ছবিখনৰ পৰা তেওঁৰ বাহিৰ হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে যদি তেওঁৰ ইনষ্টা একাউণ্টৰ সত্যতা জানিবলৈ চেক কৰা যায় তেন্তে দেখিব যে শ্বেহনাজে এতিয়াও ছলমান খানক ফ’ল’ কৰে। ছলমান খানক তেওঁ আনফ’ল’ কৰা নাই।  এই বাতৰি চৰ্চালৈ অহাৰ পিছত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি ওলোৱা নাই অভিনেত্ৰীগৰাকী বা ছবিখনৰ নিৰ্মাতাসকলৰ পৰা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বাহনাজৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। এই ফটোখনত শ্বাহনাজক এখন ছবিৰ শ্বুটিং কৰা দেখা গৈছিল। ছবিখন ওলোৱাৰ পিছত মানুহে অনুমান কৰিছিল যে এইখন ছলমান খানৰ ভাইজানৰ ছবিখনৰ চেট। অৱশ্যে এই ছবিখনৰ কাষ্টিং সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে বিগ বছৰ বাবেই শ্বাহনাজৰ জনপ্ৰিয়তা বহুখিনি বৃদ্ধি পাইছে। পঞ্জাৱৰ কেটৰিনা কাইফ নামেৰেও জনাজাত শ্বেহনাজ গিল। পাঞ্জাবী চলচ্চিত্ৰ জগতৰ পৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। এই ছবিখনৰ নাম আছিল ‘হৌছলা ৰখ’। ইয়াৰ উপৰিও বহু মিউজিক ভিডিঅ’তো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছলমান খানৰ ছবিৰ পৰা সঁচাকৈয়ে বাদ পৰিল নেকি শ্বেহনাজ গিল সেয়া পৰৱৰ্তী পৰ্যায়ত হে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?