--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ খ্যাত শ্বেহনাজ গিলে ছলমান খানৰ ছবি ‘ভাইজান’ৰ জৰিয়তে বলীউডত অভিষেক ঘটাব বুলি দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বৰ্তমান এই ছবিখনৰ সৈতে জড়িত এটা ডাঙৰ খবৰ ওলাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছবিখনৰ পৰা বাহিৰ কৰি দিয়া হৈছে শ্বেহনাজ গিলক। এটা এণ্টাৰটেইনমেণ্ট প’ৰ্টেলৰ মতে, শ্বেহনাজ এতিয়া ছলমানৰ ছবিখনৰ অংশ নহয়।

ইয়াৰ পাছতেই শ্বেহনাজ গিলে ছ’চিয়েল মিডিয়াত ছলমানক আনফ’ল’ কৰা বুলিও প’ৰ্টেলটোৱে দাবী কৰিছে। ছবিখনৰ পৰা তেওঁৰ বাহিৰ হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে যদি তেওঁৰ ইনষ্টা একাউণ্টৰ সত্যতা জানিবলৈ চেক কৰা যায় তেন্তে দেখিব যে শ্বেহনাজে এতিয়াও ছলমান খানক ফ’ল’ কৰে। ছলমান খানক তেওঁ আনফ’ল’ কৰা নাই।  এই বাতৰি চৰ্চালৈ অহাৰ পিছত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি ওলোৱা নাই অভিনেত্ৰীগৰাকী বা ছবিখনৰ নিৰ্মাতাসকলৰ পৰা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বাহনাজৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। এই ফটোখনত শ্বাহনাজক এখন ছবিৰ শ্বুটিং কৰা দেখা গৈছিল। ছবিখন ওলোৱাৰ পিছত মানুহে অনুমান কৰিছিল যে এইখন ছলমান খানৰ ভাইজানৰ ছবিখনৰ চেট। অৱশ্যে এই ছবিখনৰ কাষ্টিং সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে বিগ বছৰ বাবেই শ্বাহনাজৰ জনপ্ৰিয়তা বহুখিনি বৃদ্ধি পাইছে। পঞ্জাৱৰ কেটৰিনা কাইফ নামেৰেও জনাজাত শ্বেহনাজ গিল। পাঞ্জাবী চলচ্চিত্ৰ জগতৰ পৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। এই ছবিখনৰ নাম আছিল ‘হৌছলা ৰখ’। ইয়াৰ উপৰিও বহু মিউজিক ভিডিঅ’তো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছলমান খানৰ ছবিৰ পৰা সঁচাকৈয়ে বাদ পৰিল নেকি শ্বেহনাজ গিল সেয়া পৰৱৰ্তী পৰ্যায়ত হে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী