--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ পৰৱৰ্তী লক্ষ্য হৈছে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া টেষ্টত জয়ী হোৱা। অহা ৭ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই খেলখন ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন খেল হ’ব। এই মেচখনত টীম ইণ্ডিয়াই জয়লাভ কৰিব বিচাৰিব যাতে টীম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত শীৰ্ষত থাকে।আজি যেতিয়া ৰোহিত শৰ্মা বিমানবন্দৰত আছিল আৰু শৰ্মাই লাগেজ লৈ চেক ইন কৰি আছিল। তাৰ পাছত কেমেৰামেন কেইজনমানে নিজৰ ফটো তুলিবলৈ ধৰিলে। ইয়াৰ পাছত কোনোবাই এটা মন্তব্য দিয়ে,যাৰ পাছত ৰোহিতৰ মুখৰ ভাব সলনি হৈ গ’ল। এনে লাগিল যেন ৰোহিতে কিবা এটা ভাল নাপালে। ইয়াৰ পাছত এজন কেমেৰামেনে ৰোহিতৰ ওচৰত ক্ষমা খুজিলে আৰু তাৰ পাছত ভাৰতীয় অধিনায়কজনে যি কৰিলে সেই কাৰ্যই অনুৰাগীৰ হৃদয় জয় কৰিলে।

ৰোহিতৰ ওচৰত ক্ষমা বিচৰাৰ পাছত কেমেৰামেনে এখন ছবিৰ বাবে অনুৰোধ কৰে। ৰোহিতে মহিলাগৰাকীক নিৰাশ নকৰি একেলগে ছবি ক্লিক কৰে। ইয়াৰ পাছত বিমানবন্দৰত উপস্থিত থকা সকলোৰে মুখত আনন্দৰ হাঁহি বিৰিঙিল। 

উল্লেখ্য যে ধৰ্মশালাত হ’বলগীয়া টেষ্টমেচখন ৰোহিত শৰ্মাৰ বাবে অতি বিশেষ। দৰাচলতে ৰোহিত শৰ্মাই এই খেলপথাৰত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিব। এতিয়ালৈকে ধৰ্মশালাত মাত্ৰ এখন টেষ্ট মেচহে খেলা হৈছে আৰু সেই মেচত ৰোহিতে প্লেইং এলেভেনত স্থান পোৱা নাছিল। এতিয়া ৰোহিতক এই খেলপথাৰত প্ৰথমবাৰৰ বাবে খেলা দেখা যাব। টেষ্ট শৃংখলাত ৰোহিতৰ প্ৰদৰ্শন যথেষ্ট উন্নত।ইতিমধ্যে ৰাজকোট টেষ্টতো শতক অৰ্জন কৰে ৰোহিত শৰ্মাই। ৰোহিতে ধৰ্মশালাত উজ্জ্বল প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াক জয়ৰ দিশে আগবঢ়াই নিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু