--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ পৰৱৰ্তী লক্ষ্য হৈছে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া টেষ্টত জয়ী হোৱা। অহা ৭ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই খেলখন ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন খেল হ’ব। এই মেচখনত টীম ইণ্ডিয়াই জয়লাভ কৰিব বিচাৰিব যাতে টীম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত শীৰ্ষত থাকে।আজি যেতিয়া ৰোহিত শৰ্মা বিমানবন্দৰত আছিল আৰু শৰ্মাই লাগেজ লৈ চেক ইন কৰি আছিল। তাৰ পাছত কেমেৰামেন কেইজনমানে নিজৰ ফটো তুলিবলৈ ধৰিলে। ইয়াৰ পাছত কোনোবাই এটা মন্তব্য দিয়ে,যাৰ পাছত ৰোহিতৰ মুখৰ ভাব সলনি হৈ গ’ল। এনে লাগিল যেন ৰোহিতে কিবা এটা ভাল নাপালে। ইয়াৰ পাছত এজন কেমেৰামেনে ৰোহিতৰ ওচৰত ক্ষমা খুজিলে আৰু তাৰ পাছত ভাৰতীয় অধিনায়কজনে যি কৰিলে সেই কাৰ্যই অনুৰাগীৰ হৃদয় জয় কৰিলে।

ৰোহিতৰ ওচৰত ক্ষমা বিচৰাৰ পাছত কেমেৰামেনে এখন ছবিৰ বাবে অনুৰোধ কৰে। ৰোহিতে মহিলাগৰাকীক নিৰাশ নকৰি একেলগে ছবি ক্লিক কৰে। ইয়াৰ পাছত বিমানবন্দৰত উপস্থিত থকা সকলোৰে মুখত আনন্দৰ হাঁহি বিৰিঙিল। 

উল্লেখ্য যে ধৰ্মশালাত হ’বলগীয়া টেষ্টমেচখন ৰোহিত শৰ্মাৰ বাবে অতি বিশেষ। দৰাচলতে ৰোহিত শৰ্মাই এই খেলপথাৰত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিব। এতিয়ালৈকে ধৰ্মশালাত মাত্ৰ এখন টেষ্ট মেচহে খেলা হৈছে আৰু সেই মেচত ৰোহিতে প্লেইং এলেভেনত স্থান পোৱা নাছিল। এতিয়া ৰোহিতক এই খেলপথাৰত প্ৰথমবাৰৰ বাবে খেলা দেখা যাব। টেষ্ট শৃংখলাত ৰোহিতৰ প্ৰদৰ্শন যথেষ্ট উন্নত।ইতিমধ্যে ৰাজকোট টেষ্টতো শতক অৰ্জন কৰে ৰোহিত শৰ্মাই। ৰোহিতে ধৰ্মশালাত উজ্জ্বল প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াক জয়ৰ দিশে আগবঢ়াই নিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement