--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ সংখ্যক টেষ্ট খেলাৰ পথত থকা ভাৰতৰ প্ৰবীণ স্পিনাৰ আৰ অশ্বিনে প্ৰকাশ কৰিছে যে তেওঁ মাজে মাজে সংবাদকৰ্মীৰ লগত বন্ধুত্ব কৰি বিপক্ষ দলৰ খেলুৱৈয়ে কেনেদৰে প্ৰস্তুতি চলায় তাৰ ছবি সংগ্ৰহ কৰে। অফ স্পিনাৰগৰাকীয়ে কয় যে ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এই পদক্ষেপ গ্ৰহণ কৰিছিল, আৰু ইয়াৰ ফলাফলো লাভ কৰিছিল।


২০২০-২১ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ সময়ত অশ্বিনে ৩ খন মেচত ১২ টা উইকেট দখল কৰি আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। ৩ খন মেচত ক্ৰমে ৩ আৰু ২ বাৰ ষ্টিভ স্মিথ আৰু মাৰ্নাছ লাবুশ্বেনক আউট কৰিবলৈ সক্ষম হয়।

অশ্বিনে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বেটছমেনসকলক স্পিন ভালদৰে খেলা আৰু যিকোনো শৃংখলাৰ বাবে অধিক সাজু হৈ অহাৰ বাবেও প্ৰশংসা কৰে।

'
উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫ম টেষ্ট মেচৰ সময়ত অশ্বিনে  ১০০ সংখ্যক টেষ্ট মেচ খেলিব। শেহতীয়াকৈ তেওঁ ৫০০ টেষ্ট উইকেট ক্লাবত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰা সামগ্ৰিকভাৱে নৱম আৰু ২য় ভাৰতীয় হিচাপে পৰিগণিত হৈছে। চতুৰ্থ টেষ্ট মেচৰ সময়ত অশ্বিনে টেষ্টত ৩৫ সংখ্যক ৫ উইকেট দখল কৰি ঘৰুৱা টেষ্টত সৰ্বাধিক উইকেট দখল কৰাৰ অনিল কুম্বলেৰ অভিলেখ অতিক্ৰম কৰে।


ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলাত ভাৰত ৩-১ত আগবাঢ়ি আছে আৰু শেষৰখন মেচ ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট একাডেমী ষ্টেডিয়ামৰ অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী