--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:পুত্ৰই মাতৃক হত্যা কৰি মৃতদেহ পুঁতি থ’লে ঘৰৰেই মজিয়াত! কেৱল সেয়াই নহয়, সেই পিশাচে মাতৃৰ মৃতদেহ পুঁতি ৰখা কোঠাটোতে বাস কৰিলে দুটাকৈ বছৰ। আকৌ মৃতদেহ পুঁতি থোৱা মজিয়াখনৰ বিশেষ স্থানডোখৰত সি জ্বলাইছিল নিয়মিত ধূপ!
আপোনাৰ হয়তো বিশ্বাস হোৱা নাই। কিন্তু এই ঘটনাই ঘটিছে মালদৰ কাচিয়লত। কাচিয়ল হ’ল বৰ্ধমান আৰক্ষী থানাৰ অন্তৰ্গত ।মৃত মহিলাগৰাকীৰ নাম সুক্ৰানা বিবি, আৰু হত্যাকাৰী পুত্ৰৰ নাম শ্বাহিদুল শ্বেখ। দুবছৰ পূৰ্বেই শ্বাহিদুলে মাতৃৰ মূৰত আঘাত কৰি হত্যা কৰিছিল। তাৰ পিছত প্ৰমাণ ধ্বংস কৰিবলৈ সি মৃতদেহটো কোঠাৰ মজিয়াতেই পুতি পেলায়। ইতিমধ্যেই শ্বাহিদুলক আটক কৰা হৈছে।
মাতৃৰ সৈতে সৰু কথা এটাত হোৱা মতানৈক্যৰ বাবেই শ্বাহিদুলে তেওঁক হত্যা কৰিলে বুলি অনুমান কৰা হৈছে।উল্লেখ্য যে নিজ মাতৃ দহ দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত জ্যেষ্ঠ পুত্ৰ কিছমত আলীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।অৱশ্যে দীৰ্ঘকলীন অনুসন্ধানৰ অন্ততো দুৰ্ভগীয়া মাতৃগৰাকীৰ সন্ধান ওলোৱা নাছিল। অৱশেষত সন্দেহবশত: আৰক্ষীয়ে জেৰা কৰাত শ্বাহিদুলৰ পত্নীয়ে তেওঁৰ স্বামীৰ কুকৰ্মৰ কথা স্বীকাৰ কৰে। যি নহওঁক, মানৱতাক লজ্জানত কৰা এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ