--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে বহু ক্ষতি হৈ গ’ল। ভাৰতীয় পৰ্যটকৰ ওপৰত ভালে খিনি নিৰ্ভৰশীল  মালদ্বীপ এতিয়া সংকটত পৰিছে। কাৰণ বহু ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে। এনে পৰিস্থিতিত ক্ষতি হ্ৰাস কৰিবলৈ তৎপৰ হৈ পৰিছে মালদ্বীপৰ চৰকাৰ। চীনপন্থী ৰাষ্ট্ৰপতি মুইজজুৱে এতিয়া  ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে। লক্ষদ্বীপৰ ছবিৰ পোষ্ট কৰাৰ  পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপৰ এজন  মন্ত্ৰীয়ে কটাক্ষ কৰিছিল।  

দেশ খনৰ মন্ত্ৰীয়ে অপমানজনক মন্তব্য কৰাৰ পিছত মালদ্বীপে তীব্ৰ প্ৰতিৰোধৰ  সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ  সমৰ্থনত ছ'চিয়েল মিডিয়াৰ প্ৰচাৰে গতি লাভ কৰিছে।  ফলত মালদ্বীপলৈ  ভাৰতীয় পৰ্যটকে কৰা   হাজাৰ হাজাৰ বিমানৰ টিকট আৰু হোটেল বুকিং বাতিল কৰা হৈছে। দেশ খনৰ  মন্ত্ৰীসকলে উচ্ছৃংখল আচৰণৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা আৰু ইয়াৰ পৰ্যটন উদ্যোগৰ প্ৰতি আহি পৰা  সম্ভাৱ্য ভাবুকিৰ বাবে এতিয়া সেও মানিছে মালদ্বীপৰ চৰকাৰে।  দেশ খনৰ চৰকাৰে  অপমানজনক মন্তব্যৰ বাবে তিনি গৰাকী মন্ত্ৰীক নিলম্বিত কৰি ক্ষতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল। ভাৰত-মালদ্বীপ সম্পৰ্ক উন্নীত কৰাৰ প্ৰচেষ্টা হিচাবে দেশ খনৰ চৰকাৰে এতিয়া ইয়াৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে ভাৰত  ভ্ৰমণৰ প্ৰস্তাৱ দিছে । 

এই মাহৰ শেষত তেওঁ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি মুইজজু বৰ্তমান চীন ভ্ৰমণত আছে। তেওঁ ফুজিয়ান প্ৰদেশৰ জিয়ামেন মুক্ত বাণিজ্য ক্ষেত্ৰ ভ্ৰমণ কৰিছে আৰু চাইনা কমিউনিকেশ্বন কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাও কৰিছে। ঝৌ জুই আৰু ঝাও লংকে ধৰি চীনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিসকলৰ সৈতেও তেওঁ  বৈঠকত মিলিত হৈছে। ৰাষ্ট্ৰপতি মুইজজুৱে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙকো  সাক্ষাৎ কৰাৰ কথা আছে। অৱশ্যে মুইজজুৰ শাসন  ভাৰত বিৰোধী স্থিতিৰেই আৰম্ভ হৈছিল, কিয়নো তেওঁ তেওঁৰ নিৰ্বাচনী ভাষণত ভাৰতীয় সেনাক মালদ্বীপৰ পৰা  ঘূৰাই পঠিয়াবলৈ আৰু ভাৰতৰ সৈতে হাইড্ৰ'গ্ৰাফিক চুক্তি প্ৰত্যাহাৰ  কৰা হ’ব বুলি  প্ৰতিশ্ৰুতি দিছিল। 

ইয়াৰ মাজতে  মালদ্বীপৰ মন্ত্ৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা অপমানজনক মন্তব্যৰ ফলত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে।  মুইজজু চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ আগতে ভাৰত আৰু মালদ্বীপে ইতিবাচক দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিছিল। ভাৰতে  মালদ্বীপক ১৯৮৮ চনৰ অভ্যুত্থানৰ প্ৰচেষ্টা আৰু ২০০৪ চনৰ চুনামিৰ দৰে বিশেষ  মুহূৰ্তত সহায় আগবঢ়াইছিল।  ইয়াৰ উপৰি  মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীক প্ৰশিক্ষণ দিয়াত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement