--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কণমানিৰ কাৰ্যই এতিয়া নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এতিয়া এজন কণমানি ল’ৰাই পৰিয়ালৰ ৰান্ধনীৰ প্ৰতি কৰা দয়াসুলভ কাৰ্যই সকলোৰে অন্তৰ স্পৰ্শ কৰি গৈছে৷

কাহিনীটো অংকিত নামৰ এজন কণমানি ল’ৰাৰ বিষয়ে যিয়ে উইকেণ্ড বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা ৭ হাজাৰ টকা জিকিবলৈ সক্ষম হৈছিল। কিন্তু ল’ৰাজনে মিঠাই আৰু খেলনাত খৰচ কৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ উপাৰ্জনক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বাছি লৈছিল। পুৰস্কাৰৰ ধনৰ পৰা ২০০০ টকাৰে তেওঁক সৰুৰে পৰা লালন-পালন কৰা পৰিয়ালটোৰ ৰান্ধনী সৰোজাৰ বাবে এটা মোবাইল ফোন ক্ৰয় কৰিছিল।অংকিতৰ পিতৃ ভি বালাজীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত এই পোষ্ট শ্বেয়াৰ কৰিছিল।


ছবিখনৰ লগতে কেপচনত লিখা আছিল, "অংকিতে এতিয়ালৈকে উইকেণ্ড টুৰ্ণামেণ্ট খেলি সাত হাজাৰ উপাৰ্জন কৰিছে। আৰু আজি তেওঁ আমাৰ ৰন্ধনকৰ্মী সৰোজাক তেওঁৰ জয়ৰ পৰা ২০০০টকাৰ এটা মোবাইল ফোন দিলে। ৬ বছৰ বয়সৰ পৰাই সৰোজাই অংকিতৰ যত্ন লৈ আহিছে।অভিভাৱক হিচাপ মই ইয়াতকৈ বেছি সুখী হ'ব নোৱাৰো,"৷

পোষ্টটোৱে ব্যাপক প্ৰশংসা লাভ কৰাৰ লগে লগে অংকিতৰ পৰিপক্কতা আৰু আদৰ্শ অভিভাৱকত্বৰ প্ৰশংসা কৰি মন্তব্যৰ ছ’চিয়েল মিডিয়াত ঢৌ উঠিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক