--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিপদত স্বয়ং এগৰাকী মহিলা দণ্ডাধীশ৷ বাণ্ড্ৰাত নিযুক্তিপ্ৰাপ্ত দেৱানী ন্যায়াধীশ অৰ্পিতা চাহুৱে ইচ্ছামৃত্যুৰ বাবে অনুৰোধ জনাইছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চাহুৱে কয় যে “চিঠিখন লিখাৰ উদ্দেশ্য মোৰ কাহিনী কোৱা আৰু প্ৰাৰ্থনা কৰাৰ বাহিৰে আন একো নহয়। সাধাৰণ ৰাইজক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ম বুলি ভাবি মই অতি উৎসাহেৰে ন্যায়িক সেৱাত যোগদান কৰিছিলোঁ। কিন্তু ন্যায়ৰ স্বাৰ্থত মোক প্ৰতি দুৱাৰতে ভিক্ষাৰী কৰা হ’ব বুলি মই নাজানিছিলো।” মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ কয়, "মই অতি হতাশ হৃদয়েৰে লিখিছোঁ।" অভিযোগ কৰা হৈছে যে দেৱানী ন্যায়াধীশ অৰ্পিতা সাহুৱে কৰ্মত ব্ৰতী থকাৰ সময়ত অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইতিমধ্যে চাহুৱে জিলা ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

অৰ্পিতা চাহুৱে কয় যে-“ মই এই বিষয়ে ২০২২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অভিযোগ দিছিলোঁ। আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মোৰ সমস্যাৰ বিষয়ে জানিবলৈও কোনেও গুৰুত্ব নিদিলে। ২০২৩ চনৰ জুলাই মাহত আকৌ এবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ সন্মুখত বিষয়টো উত্থাপন কৰিলোঁ। তদন্ত আৰম্ভ কৰিবলৈ ৬ মাহ আৰু হাজাৰটা ইমেইলৰ প্ৰয়োজন হৈছিল।” তেওঁ এই প্ৰস্তাৱিত তদন্তক নকল বুলি অভিহিত কৰিছে। সাক্ষীসকল জিলা ন্যায়াধীশৰ অধীনস্থ বুলি চাহুৱে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ