--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিপদত স্বয়ং এগৰাকী মহিলা দণ্ডাধীশ৷ বাণ্ড্ৰাত নিযুক্তিপ্ৰাপ্ত দেৱানী ন্যায়াধীশ অৰ্পিতা চাহুৱে ইচ্ছামৃত্যুৰ বাবে অনুৰোধ জনাইছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চাহুৱে কয় যে “চিঠিখন লিখাৰ উদ্দেশ্য মোৰ কাহিনী কোৱা আৰু প্ৰাৰ্থনা কৰাৰ বাহিৰে আন একো নহয়। সাধাৰণ ৰাইজক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ম বুলি ভাবি মই অতি উৎসাহেৰে ন্যায়িক সেৱাত যোগদান কৰিছিলোঁ। কিন্তু ন্যায়ৰ স্বাৰ্থত মোক প্ৰতি দুৱাৰতে ভিক্ষাৰী কৰা হ’ব বুলি মই নাজানিছিলো।” মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ কয়, "মই অতি হতাশ হৃদয়েৰে লিখিছোঁ।" অভিযোগ কৰা হৈছে যে দেৱানী ন্যায়াধীশ অৰ্পিতা সাহুৱে কৰ্মত ব্ৰতী থকাৰ সময়ত অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইতিমধ্যে চাহুৱে জিলা ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

অৰ্পিতা চাহুৱে কয় যে-“ মই এই বিষয়ে ২০২২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অভিযোগ দিছিলোঁ। আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মোৰ সমস্যাৰ বিষয়ে জানিবলৈও কোনেও গুৰুত্ব নিদিলে। ২০২৩ চনৰ জুলাই মাহত আকৌ এবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ সন্মুখত বিষয়টো উত্থাপন কৰিলোঁ। তদন্ত আৰম্ভ কৰিবলৈ ৬ মাহ আৰু হাজাৰটা ইমেইলৰ প্ৰয়োজন হৈছিল।” তেওঁ এই প্ৰস্তাৱিত তদন্তক নকল বুলি অভিহিত কৰিছে। সাক্ষীসকল জিলা ন্যায়াধীশৰ অধীনস্থ বুলি চাহুৱে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক