--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ আটাইতকৈ পুৰণি গছজোপা। কোৱা হৈছে যে দক্ষিণ চিলিত উপস্থিত থকা ৬০ মিটাৰ ওখ এলাৰ্ছ গছজোপা হয়তো বিশ্বৰ আটাইতকৈ পুৰণি গছ। এটা কম্পিউটাৰ মডেলৰ পৰা অনুমান কৰিব পাৰি যে এই গছজোপা প্ৰায় ৫৪০০ বছৰ পুৰণি।

দক্ষিণ আমেৰিকাৰ চিলিৰ এটি নিৰ্জন উপত্যকাত এবিধ প্ৰাচীন গছৰ অস্তিত্ব আছে। এই প্ৰকাণ্ড গছজোপা দেখিলে এনে লাগিব যেন ই আকাশখনক ছাতি কৰি পেলাইছে। এইয়া হয়তো পৃথিৱীৰ আটাইতকৈ পুৰণি গছ। এটা নতুন কম্পিউটাৰ মডেলে দেখুৱাইছে যে ‘গ্ৰাণ আবুয়েলো’ নামৰ এই গছজোপা হয়তো প্ৰায় ৫৪০০ বছৰ পুৰণি হ’ব পাৰে। যদি ইয়াৰ তাৰিখ নিশ্চিত কৰা হয়, তেন্তে গ্ৰেন আবুয়েলো কেলিফৰ্ণিয়াৰ ব্ৰিষ্টলকন পাইনতকৈ ৬০০ বছৰ পুৰণি হ’ব, যিটোৱে বৰ্তমান আটাইতকৈ পুৰণি গছৰ আনুষ্ঠানিক অভিলেখ লাভ কৰিছে।

গ্ৰেন আবুয়েলোৰ সঠিক বয়স এতিয়াও নিশ্চিত হোৱা নাই। কাৰণ ইয়াৰ বাবে ডেণ্ড্ৰ’ক্ৰ’ন’লজি পদ্ধতিৰ প্ৰয়োজন। এই পদ্ধতিত গছৰ আঙঠিবোৰ বিশ্লেষণ কৰা হয়। গছৰ বয়স নিৰ্ণয়ৰ বাবে ইয়াক আটাইতকৈ সঠিক মানদণ্ড হিচাপে গণ্য কৰা হয়। এতিয়াও এই মডেলৰ বাবে ব্যৱহৃত তথ্যসমূহ ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই বা কোনো আলোচনীত প্ৰকাশৰ বাবে প্ৰেৰণ কৰা হোৱা নাই।

উল্লেখযোগ্য যে পেৰিছৰ জলবায়ু আৰু পৰিৱেশ বিজ্ঞান পৰীক্ষাগাৰৰ জলবায়ু বিজ্ঞানী তথা এই আৰ্হি তৈয়াৰ কৰা গৱেষক জনাথন বাৰিচেভিচে কয় যে গছৰ বয়স যিয়েই নহওক কিয়, বৰ্তমান বিপদত পৰিছে গছজোপা।  তেওঁ কয় যে পৰ্যটনৰ বাবে এই গছজোপাৰ অৱস্থা অৱনতি ঘটিছে। ইয়াৰ সমান্তৰালভাৱে জলবায়ু পৰিৱৰ্তনেও গছজোপাক প্ৰভাৱিত কৰিছে।

গ্ৰেন আবুয়েলো আচলতে এলেৰ্চ নামৰ এবিধ গছৰ প্ৰজাতি। ই চিলিৰ এলাৰ্ছ কষ্টেৰো ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত। জোনাথনৰ মতে এই গছৰ উচ্চতা প্ৰায় ৬০ মিটাৰ। প্ৰথম অৱস্থাত এই গছজোপা ৩৫০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হয়। কিন্তু বিজ্ঞানীসকলে কেতিয়াও পদ্ধতিগতভাৱে এই গছজোপাৰ বয়সৰ বিশ্লেষণ কৰা নাই। ২০২০ চনত জোনাথন আৰু তেওঁৰ সহযোগীসকলে গছজোপাৰ কোনো ক্ষতি নোহোৱাকৈ এটা গাঁত খনন কৰিছিল য'ত গছজোপাৰ ২৪৬৫ বছৰৰ আঙঠি পোৱা গৈছিল। গছজোপাৰ ব্যাস ৪ মিটাৰ, গতিকে ইয়াৰ কেন্দ্ৰত উপনীত হ’ব পৰা নাছিল। সেয়েহে ইয়াৰ প্ৰকৃত তথ্য বিচাৰি উলিয়াব পৰা নগ’ল। কিন্তু কম্পিউটাৰ মডেলৰ পৰা অনুমান কৰা হৈছে যে গছজোপা ৫৪০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে