--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ আটাইতকৈ পুৰণি গছজোপা। কোৱা হৈছে যে দক্ষিণ চিলিত উপস্থিত থকা ৬০ মিটাৰ ওখ এলাৰ্ছ গছজোপা হয়তো বিশ্বৰ আটাইতকৈ পুৰণি গছ। এটা কম্পিউটাৰ মডেলৰ পৰা অনুমান কৰিব পাৰি যে এই গছজোপা প্ৰায় ৫৪০০ বছৰ পুৰণি।

দক্ষিণ আমেৰিকাৰ চিলিৰ এটি নিৰ্জন উপত্যকাত এবিধ প্ৰাচীন গছৰ অস্তিত্ব আছে। এই প্ৰকাণ্ড গছজোপা দেখিলে এনে লাগিব যেন ই আকাশখনক ছাতি কৰি পেলাইছে। এইয়া হয়তো পৃথিৱীৰ আটাইতকৈ পুৰণি গছ। এটা নতুন কম্পিউটাৰ মডেলে দেখুৱাইছে যে ‘গ্ৰাণ আবুয়েলো’ নামৰ এই গছজোপা হয়তো প্ৰায় ৫৪০০ বছৰ পুৰণি হ’ব পাৰে। যদি ইয়াৰ তাৰিখ নিশ্চিত কৰা হয়, তেন্তে গ্ৰেন আবুয়েলো কেলিফৰ্ণিয়াৰ ব্ৰিষ্টলকন পাইনতকৈ ৬০০ বছৰ পুৰণি হ’ব, যিটোৱে বৰ্তমান আটাইতকৈ পুৰণি গছৰ আনুষ্ঠানিক অভিলেখ লাভ কৰিছে।

গ্ৰেন আবুয়েলোৰ সঠিক বয়স এতিয়াও নিশ্চিত হোৱা নাই। কাৰণ ইয়াৰ বাবে ডেণ্ড্ৰ’ক্ৰ’ন’লজি পদ্ধতিৰ প্ৰয়োজন। এই পদ্ধতিত গছৰ আঙঠিবোৰ বিশ্লেষণ কৰা হয়। গছৰ বয়স নিৰ্ণয়ৰ বাবে ইয়াক আটাইতকৈ সঠিক মানদণ্ড হিচাপে গণ্য কৰা হয়। এতিয়াও এই মডেলৰ বাবে ব্যৱহৃত তথ্যসমূহ ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই বা কোনো আলোচনীত প্ৰকাশৰ বাবে প্ৰেৰণ কৰা হোৱা নাই।

উল্লেখযোগ্য যে পেৰিছৰ জলবায়ু আৰু পৰিৱেশ বিজ্ঞান পৰীক্ষাগাৰৰ জলবায়ু বিজ্ঞানী তথা এই আৰ্হি তৈয়াৰ কৰা গৱেষক জনাথন বাৰিচেভিচে কয় যে গছৰ বয়স যিয়েই নহওক কিয়, বৰ্তমান বিপদত পৰিছে গছজোপা।  তেওঁ কয় যে পৰ্যটনৰ বাবে এই গছজোপাৰ অৱস্থা অৱনতি ঘটিছে। ইয়াৰ সমান্তৰালভাৱে জলবায়ু পৰিৱৰ্তনেও গছজোপাক প্ৰভাৱিত কৰিছে।

গ্ৰেন আবুয়েলো আচলতে এলেৰ্চ নামৰ এবিধ গছৰ প্ৰজাতি। ই চিলিৰ এলাৰ্ছ কষ্টেৰো ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত। জোনাথনৰ মতে এই গছৰ উচ্চতা প্ৰায় ৬০ মিটাৰ। প্ৰথম অৱস্থাত এই গছজোপা ৩৫০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হয়। কিন্তু বিজ্ঞানীসকলে কেতিয়াও পদ্ধতিগতভাৱে এই গছজোপাৰ বয়সৰ বিশ্লেষণ কৰা নাই। ২০২০ চনত জোনাথন আৰু তেওঁৰ সহযোগীসকলে গছজোপাৰ কোনো ক্ষতি নোহোৱাকৈ এটা গাঁত খনন কৰিছিল য'ত গছজোপাৰ ২৪৬৫ বছৰৰ আঙঠি পোৱা গৈছিল। গছজোপাৰ ব্যাস ৪ মিটাৰ, গতিকে ইয়াৰ কেন্দ্ৰত উপনীত হ’ব পৰা নাছিল। সেয়েহে ইয়াৰ প্ৰকৃত তথ্য বিচাৰি উলিয়াব পৰা নগ’ল। কিন্তু কম্পিউটাৰ মডেলৰ পৰা অনুমান কৰা হৈছে যে গছজোপা ৫৪০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ