--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)ৰ এক বিশেষ আহ্বানে এতিয়া বিশ্বৰ নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মূলতঃ প্ৰকৃতি তথা জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰি অহা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ মহিলাসকলক জনোৱা আহ্বানে নেটিজেনসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যদি খাদ্যাভ্যাস সলনি কৰা নহয়, তেন্তে যৌনতাৰ পথত  বাধা আহি পৰিব বুলি 'পেটা'ই একপ্ৰকাৰে মংস খোৱা পুৰুষৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)ই মাংস খোৱা  পুৰুষসকলক পৰোক্ষভাৱে সতৰ্ক কৰি দিছে। সংস্থাটোৱে মহিলাসকলক পোনপটীয়াকৈ আবেদন জনাইছে যাতে তেওঁলোকে এক নিৰ্দিষ্ট শ্ৰেণীৰ পুৰুষৰ সৈতে যৌন সম্ভোগত লিপ্ত নহয়। পশুপ্ৰেমী সংগঠনটোৰৰ মতে পৰিৱেশৰ ব্যাপক ক্ষতিৰ বাবে পুৰুষসকল বেছিকৈ দায়বদ্ধ। আৰু সেইকাৰণে 'পেটা'ই এইবাৰ মাংস খোৱা পুৰুষসকলৰ  বিৰুদ্ধে যৌন ধৰ্মঘটৰ আহ্বান জনাইছে।

পেটাই মহিলাসকলক এইবুলি কৈছে , “যদি আপোনাৰ পুৰুষ সংগীয়ে মাংস খায়, তেন্তে তেওঁৰ সৈতে যৌন সম্ভোগ নকৰিব।‘’
টাইমছ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'পেটা'ৰ শীৰ্ষপদাধিকাৰ  ড. কেৰিছ বেনেটে  হৈ এই আহ্বান জনাই কয়  যে জলবায়ু পৰিৱৰ্তনৰ  বাবে পুৰুষসকল মহিলাতকৈ বেছি দায়ী।

 তেওঁ কয় যে পুৰুষসকলে মহিলাতকৈ বেছিকৈ মাংস খায়। ইয়াৰ  প্ৰভাৱ পৰিৱেশৰ ওপৰতো পৰিছে। সেয়ে আমাৰ পৰিবেশক সুস্থিৰ কৰি ৰাখিবলৈ মহিলাসকলে “মাংস খোৱা পুৰুষৰ সৈতে যৌন সম্ভোগ” কৰা অনুচিৎ। 

পেটাৰ মতে  যৌন ধৰ্মঘটেই বিশ্বক পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিব পাৰিব ।পেটাৰ সূত্ৰই প্ৰকাশ কৰা মতে  “পুৰুষৰ খাদ্যাভ্যাসৰ বাবে অতিৰিক্ত গ্ৰীণ হাউছ গেছৰ ৪১ শতাংশ সৃষ্টি হয়,” ।পেটাৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি “যিসকল পুৰুষে বীয়েৰৰ  সৈতে মাংস পুৰি খায় তেওঁলোকে কেৱল জন্তুবোৰৰে নহয়, পৰিৱেশৰো ব্যাপক ক্ষতি কৰে।‘’এনেদৰে মাংস পোৰাৰ ফলত বায়ুমণ্ডলত অধিক হাৰত কাৰ্বন মিহলি হৈ পৰে।

ড. বেনেটে কয় যে বেছিকৈ মাংস খোৱা বাবেই পুৰুষে মহিলাতকৈ অধিক কাৰ্বন উৎপাদন কৰে। পুৰুষৰ  খাদ্যাভাসৰ সলনি কৰিবলৈকো তেওঁ মহিলাসকলৰ সহায় বিচাৰিছে। মাংস খোৱা পুৰুষৰ বিৰুদ্ধে পেটাই মহিলাসকলক 'যৌন ধৰ্মঘট' কৰিবলৈ আহ্বান জনাইছে।

মাংস খোৱা পুৰুষসকলক লক্ষ্য কৰি পেটাই জনোৱা এনে আহ্বানে সকলোৰে পৰা ইতিবাচক সঁহাৰি লাভ কৰা নাই। বিশ্বত প্ৰায় ২০ লাখ সদস্য থকা পশউৰ অধিকাৰৰ বাবে কাম কৰা সংস্থাটোক এনে মন্তব্যৰ বাবে বহি নেটিজেনে কঠোৰ সমালোচনাও কৰিছে।পেটাই মহিলাসকলক জনোৱা 'যৌন ধৰ্মঘট'ৰ আহ্বান বাস্তৱসন্মত নহয় বুলি বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে