--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)ৰ এক বিশেষ আহ্বানে এতিয়া বিশ্বৰ নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মূলতঃ প্ৰকৃতি তথা জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰি অহা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ মহিলাসকলক জনোৱা আহ্বানে নেটিজেনসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যদি খাদ্যাভ্যাস সলনি কৰা নহয়, তেন্তে যৌনতাৰ পথত  বাধা আহি পৰিব বুলি 'পেটা'ই একপ্ৰকাৰে মংস খোৱা পুৰুষৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)ই মাংস খোৱা  পুৰুষসকলক পৰোক্ষভাৱে সতৰ্ক কৰি দিছে। সংস্থাটোৱে মহিলাসকলক পোনপটীয়াকৈ আবেদন জনাইছে যাতে তেওঁলোকে এক নিৰ্দিষ্ট শ্ৰেণীৰ পুৰুষৰ সৈতে যৌন সম্ভোগত লিপ্ত নহয়। পশুপ্ৰেমী সংগঠনটোৰৰ মতে পৰিৱেশৰ ব্যাপক ক্ষতিৰ বাবে পুৰুষসকল বেছিকৈ দায়বদ্ধ। আৰু সেইকাৰণে 'পেটা'ই এইবাৰ মাংস খোৱা পুৰুষসকলৰ  বিৰুদ্ধে যৌন ধৰ্মঘটৰ আহ্বান জনাইছে।

পেটাই মহিলাসকলক এইবুলি কৈছে , “যদি আপোনাৰ পুৰুষ সংগীয়ে মাংস খায়, তেন্তে তেওঁৰ সৈতে যৌন সম্ভোগ নকৰিব।‘’
টাইমছ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'পেটা'ৰ শীৰ্ষপদাধিকাৰ  ড. কেৰিছ বেনেটে  হৈ এই আহ্বান জনাই কয়  যে জলবায়ু পৰিৱৰ্তনৰ  বাবে পুৰুষসকল মহিলাতকৈ বেছি দায়ী।

 তেওঁ কয় যে পুৰুষসকলে মহিলাতকৈ বেছিকৈ মাংস খায়। ইয়াৰ  প্ৰভাৱ পৰিৱেশৰ ওপৰতো পৰিছে। সেয়ে আমাৰ পৰিবেশক সুস্থিৰ কৰি ৰাখিবলৈ মহিলাসকলে “মাংস খোৱা পুৰুষৰ সৈতে যৌন সম্ভোগ” কৰা অনুচিৎ। 

পেটাৰ মতে  যৌন ধৰ্মঘটেই বিশ্বক পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিব পাৰিব ।পেটাৰ সূত্ৰই প্ৰকাশ কৰা মতে  “পুৰুষৰ খাদ্যাভ্যাসৰ বাবে অতিৰিক্ত গ্ৰীণ হাউছ গেছৰ ৪১ শতাংশ সৃষ্টি হয়,” ।পেটাৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি “যিসকল পুৰুষে বীয়েৰৰ  সৈতে মাংস পুৰি খায় তেওঁলোকে কেৱল জন্তুবোৰৰে নহয়, পৰিৱেশৰো ব্যাপক ক্ষতি কৰে।‘’এনেদৰে মাংস পোৰাৰ ফলত বায়ুমণ্ডলত অধিক হাৰত কাৰ্বন মিহলি হৈ পৰে।

ড. বেনেটে কয় যে বেছিকৈ মাংস খোৱা বাবেই পুৰুষে মহিলাতকৈ অধিক কাৰ্বন উৎপাদন কৰে। পুৰুষৰ  খাদ্যাভাসৰ সলনি কৰিবলৈকো তেওঁ মহিলাসকলৰ সহায় বিচাৰিছে। মাংস খোৱা পুৰুষৰ বিৰুদ্ধে পেটাই মহিলাসকলক 'যৌন ধৰ্মঘট' কৰিবলৈ আহ্বান জনাইছে।

মাংস খোৱা পুৰুষসকলক লক্ষ্য কৰি পেটাই জনোৱা এনে আহ্বানে সকলোৰে পৰা ইতিবাচক সঁহাৰি লাভ কৰা নাই। বিশ্বত প্ৰায় ২০ লাখ সদস্য থকা পশউৰ অধিকাৰৰ বাবে কাম কৰা সংস্থাটোক এনে মন্তব্যৰ বাবে বহি নেটিজেনে কঠোৰ সমালোচনাও কৰিছে।পেটাই মহিলাসকলক জনোৱা 'যৌন ধৰ্মঘট'ৰ আহ্বান বাস্তৱসন্মত নহয় বুলি বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান