--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা পাকিস্তানভিত্তিক কট্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ বৰ্তমান ক’ত আছে? সন্ত্ৰাসবাদী গৰাকীৰ বৰ্তমানৰ আশ্ৰয়স্থলক লৈ দীৰ্ঘদিন ধৰি নানা চৰ্চা চলি আহিছে। ভাৰতে পোনপটীয়াকৈ মাছুদক পাকিস্তানে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰি অহাৰ অভিযোগ তুলি আহিছে যদিও দেশখনে এই অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। শেহতীয়াকৈ এই বিষয়ত বিবাদত নামি পৰিছে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান। মাছুদৰ আশ্ৰয়ক কেন্দ্ৰ কৰি তালিবান শাসিত আফগানিস্তান আৰু পাকিস্তানৰ মাজত এতিয়া পাৰস্পৰিক বিবাদৰ সূত্ৰপাত হৈছে।

যোৱা বুধবাৰে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানী সংবাদ মাধ্যমে মাছুদ আজহাৰ বৰ্তমান আফগানিস্তানত আছে বুলি এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত এই দাবী প্ৰত্যাখ্যান কৰিছিল। মুজাহিদে লগতে মাছুদ পাকিস্তানতে আছে বুলি দৃঢ়তাৰে দাবী কৰি এনে সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ মাটিত, আনকি পাকিস্তান চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতো কাম কৰিব পাৰে বুলি অভিযোগ কৰিছিল।

তালিবানৰ এই অভিযোগৰ পিছতে এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে ওলোটাই মাছুদক আশ্ৰয় দিয়াৰ দোষ ঠেলিছে আফগানিস্তানলৈ। ভুট্টো জাৰ্দাৰীয়ে কয় যে আজহাৰ এতিয়া কেৱল ভাৰত আৰু পাকিস্তানৰ মাজৰে সমস্যা হৈ থকা নাই। আজহাৰ বৰ্তমান ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বিষয় হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰিছে।

উল্লেখ্য যে পাকিস্তানে তালিবান চৰকাৰলৈ মাছুদ আজহাৰক ইছলামাবাদৰ হাতত হস্তান্তৰ কৰাৰ দাবীৰে এখন পত্ৰ প্ৰেৰণ কৰিছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই মঙলবাৰে দেশৰ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে মাছুদ আজহাৰ বৰ্তমান আফগানিস্তানত আছে বুলি পাকিস্তান নিশ্চিত আৰু সেয়ে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰি ইছলামাবাদলৈ ঘূৰাই পঠাবলৈ আফগান বৈদেশিক মন্ত্ৰালয়লৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে। 

আনহাতে তালিবান মুখপাত্ৰ মুজাহিদে পাকিস্তানৰ দাবী খণ্ডন কৰি ইছলামাবাদৰ দ্বাৰা আফগানিস্তানৰ সন্মুখত তেনে কোনো দাবী উপস্থাপন কৰা নাই বুলি মন্তব্য কৰিছিল। "জঈছ-ই-মহম্মদৰ মুৰব্বী আজহাৰ আফগানিস্তানত নাই। এনে সংগঠনবোৰে পাকিস্তানৰ মাটিত, আনকি চৰকাৰী পৃষ্ঠপোষকতাতো কাম কৰিব পাৰে। আমি কোনো সন্ত্ৰাসবাদীক আন কোনো দেশৰ বিৰুদ্ধে আফগানিস্তানৰ মাটি ব্যৱহাৰ কৰিবলৈ নিদিওঁ।"— এক বিবৃতিত মুজাহিদে লগতে দাবী কৰিছিল।

উল্লেখ্য যে মাছুদ আজহাৰ কেৱল ভাৰতৰে নহয়, বিশ্ব সম্প্ৰদায়ৰ দ্বাৰাও ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে স্বীকৃত হৈছে। ২০০১ চনৰ ভাৰতৰ সাংসদ ভৱন আক্ৰমণ, পুলৱামা আক্ৰমণকে ধৰি আন কেইবাটাও ভয়াৱহ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল মাছুদ আজহাৰ। ২০১৯ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মাছুদক গোলকীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ