--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা পাকিস্তানভিত্তিক কট্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ বৰ্তমান ক’ত আছে? সন্ত্ৰাসবাদী গৰাকীৰ বৰ্তমানৰ আশ্ৰয়স্থলক লৈ দীৰ্ঘদিন ধৰি নানা চৰ্চা চলি আহিছে। ভাৰতে পোনপটীয়াকৈ মাছুদক পাকিস্তানে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰি অহাৰ অভিযোগ তুলি আহিছে যদিও দেশখনে এই অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। শেহতীয়াকৈ এই বিষয়ত বিবাদত নামি পৰিছে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান। মাছুদৰ আশ্ৰয়ক কেন্দ্ৰ কৰি তালিবান শাসিত আফগানিস্তান আৰু পাকিস্তানৰ মাজত এতিয়া পাৰস্পৰিক বিবাদৰ সূত্ৰপাত হৈছে।

যোৱা বুধবাৰে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানী সংবাদ মাধ্যমে মাছুদ আজহাৰ বৰ্তমান আফগানিস্তানত আছে বুলি এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত এই দাবী প্ৰত্যাখ্যান কৰিছিল। মুজাহিদে লগতে মাছুদ পাকিস্তানতে আছে বুলি দৃঢ়তাৰে দাবী কৰি এনে সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ মাটিত, আনকি পাকিস্তান চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতো কাম কৰিব পাৰে বুলি অভিযোগ কৰিছিল।

তালিবানৰ এই অভিযোগৰ পিছতে এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে ওলোটাই মাছুদক আশ্ৰয় দিয়াৰ দোষ ঠেলিছে আফগানিস্তানলৈ। ভুট্টো জাৰ্দাৰীয়ে কয় যে আজহাৰ এতিয়া কেৱল ভাৰত আৰু পাকিস্তানৰ মাজৰে সমস্যা হৈ থকা নাই। আজহাৰ বৰ্তমান ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বিষয় হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰিছে।

উল্লেখ্য যে পাকিস্তানে তালিবান চৰকাৰলৈ মাছুদ আজহাৰক ইছলামাবাদৰ হাতত হস্তান্তৰ কৰাৰ দাবীৰে এখন পত্ৰ প্ৰেৰণ কৰিছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই মঙলবাৰে দেশৰ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে মাছুদ আজহাৰ বৰ্তমান আফগানিস্তানত আছে বুলি পাকিস্তান নিশ্চিত আৰু সেয়ে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰি ইছলামাবাদলৈ ঘূৰাই পঠাবলৈ আফগান বৈদেশিক মন্ত্ৰালয়লৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে। 

আনহাতে তালিবান মুখপাত্ৰ মুজাহিদে পাকিস্তানৰ দাবী খণ্ডন কৰি ইছলামাবাদৰ দ্বাৰা আফগানিস্তানৰ সন্মুখত তেনে কোনো দাবী উপস্থাপন কৰা নাই বুলি মন্তব্য কৰিছিল। "জঈছ-ই-মহম্মদৰ মুৰব্বী আজহাৰ আফগানিস্তানত নাই। এনে সংগঠনবোৰে পাকিস্তানৰ মাটিত, আনকি চৰকাৰী পৃষ্ঠপোষকতাতো কাম কৰিব পাৰে। আমি কোনো সন্ত্ৰাসবাদীক আন কোনো দেশৰ বিৰুদ্ধে আফগানিস্তানৰ মাটি ব্যৱহাৰ কৰিবলৈ নিদিওঁ।"— এক বিবৃতিত মুজাহিদে লগতে দাবী কৰিছিল।

উল্লেখ্য যে মাছুদ আজহাৰ কেৱল ভাৰতৰে নহয়, বিশ্ব সম্প্ৰদায়ৰ দ্বাৰাও ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে স্বীকৃত হৈছে। ২০০১ চনৰ ভাৰতৰ সাংসদ ভৱন আক্ৰমণ, পুলৱামা আক্ৰমণকে ধৰি আন কেইবাটাও ভয়াৱহ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল মাছুদ আজহাৰ। ২০১৯ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মাছুদক গোলকীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ