--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যক্তিগত সুখ নহয়, স্থিতিশীলতা আৰু মানসিক শান্তি বিচাৰি পোৱাৰ উদ্দেশ্যে ৫৩বাৰ বিবাহ কৰা বুলি দাবী কৰিছে এজন ছৌদি লোকে। ৬৩ বছৰীয়া আবু আব্দুল্লাহক ‘শতিকাৰ বহুবিবাহী’ বুলি অভিহিত কৰা হৈছে। ছৌদিৰ মালিকানাধীন টেলিভিছন এম বি চিৰ আগত আব্দুল্লাই কয় যে ‘মই দীৰ্ঘদিন ধৰি ৫৩গৰাকী মহিলাক বিয়া কৰাইছিলো। মই প্ৰথম বিবাহ কৰাৰ সময়ত মোৰ বয়স আছিল ২০ বছৰ আৰু তেওঁ মোতকৈ ছয় বছৰ ডাঙৰ আছিল।’ তেওঁ লগতে কয় যে ‘যেতিয়া মই প্ৰথমবাৰৰ বাবে বিয়া পাতিছিলো, তেতিয়া মই এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰোৱাৰ পৰিকল্পনা কৰা নাছিলো, কাৰণ মই নিজকে সুখী অনুভৱ কৰিছিলো আৰু মোৰ সন্তানো আছিল।’

 স্মৰ্তব্য যে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বিবাহৰ সিদ্ধান্ত লোৱা হৈছিল কিছু বছৰৰ পাছত, যেতিয়া সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাত আব্দুল্লাই ২৩ বছৰ বয়সত পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে প্ৰথম পত্নীক অৱগত কৰে। যেতিয়া তেওঁৰ প্ৰথম আৰু দ্বিতীয় পত্নীৰ মাজত বিবাদ হ’ল, তেতিয়া আব্দুল্লাই তৃতীয় আৰু চতুৰ্থবাৰৰ বাবে বিয়াৰ সিদ্ধান্ত ল’লে। পাছত তেওঁ প্ৰথম দুগৰাকী পত্নীক বিবাহ বিচ্ছেদ কৰে।

 আব্দুল্লাই কয় যে তেওঁৰ বহু বিবাহৰ সহজ কাৰণ হ’ল তেওঁক সুখী কৰিব পৰা নাৰীৰ সন্ধান। তেওঁৰ মতে, তেওঁ সকলো পত্নীৰ প্ৰতি ন্যায়পৰায়ণ হ’বলৈ চেষ্টা কৰিছিল। তেওঁ আৰু কয় যে আটাইতকৈ কম সময়ৰ বিবাহ বান্ধোনত আবদ্ধ আছিল মাত্ৰ এটা ৰাতি বাবেহে। আব্দুল্লাই বেছিভাগেই ছৌদি মহিলাক বিয়া কৰাইছিল। তেওঁ বিদেশী ব্যৱসায়িক ভ্ৰমণৰ সময়ত বিদেশী মহিলাক বিয়া কৰাই স্বীকাৰ কৰিছে।

 আব্দুল্লাই কয়, ‘পৃথিৱীৰ প্ৰতিজন পুৰুষে এগৰাকী নাৰী থকাটো বিচাৰে আৰু নাৰীগৰাকী সদায় তেওঁৰ লগত থকাটো বিচাৰে। স্থিতিশীলতা এগৰাকী যুৱতীৰ লগত নহয়, এগৰাকী বৃদ্ধাৰ লগত বিচাৰি পোৱা যায়।’ এতিয়া তেওঁ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু পুনৰ বিয়াৰ কোনো পৰিকল্পনা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ