--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যক্তিগত সুখ নহয়, স্থিতিশীলতা আৰু মানসিক শান্তি বিচাৰি পোৱাৰ উদ্দেশ্যে ৫৩বাৰ বিবাহ কৰা বুলি দাবী কৰিছে এজন ছৌদি লোকে। ৬৩ বছৰীয়া আবু আব্দুল্লাহক ‘শতিকাৰ বহুবিবাহী’ বুলি অভিহিত কৰা হৈছে। ছৌদিৰ মালিকানাধীন টেলিভিছন এম বি চিৰ আগত আব্দুল্লাই কয় যে ‘মই দীৰ্ঘদিন ধৰি ৫৩গৰাকী মহিলাক বিয়া কৰাইছিলো। মই প্ৰথম বিবাহ কৰাৰ সময়ত মোৰ বয়স আছিল ২০ বছৰ আৰু তেওঁ মোতকৈ ছয় বছৰ ডাঙৰ আছিল।’ তেওঁ লগতে কয় যে ‘যেতিয়া মই প্ৰথমবাৰৰ বাবে বিয়া পাতিছিলো, তেতিয়া মই এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰোৱাৰ পৰিকল্পনা কৰা নাছিলো, কাৰণ মই নিজকে সুখী অনুভৱ কৰিছিলো আৰু মোৰ সন্তানো আছিল।’

 স্মৰ্তব্য যে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বিবাহৰ সিদ্ধান্ত লোৱা হৈছিল কিছু বছৰৰ পাছত, যেতিয়া সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাত আব্দুল্লাই ২৩ বছৰ বয়সত পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে প্ৰথম পত্নীক অৱগত কৰে। যেতিয়া তেওঁৰ প্ৰথম আৰু দ্বিতীয় পত্নীৰ মাজত বিবাদ হ’ল, তেতিয়া আব্দুল্লাই তৃতীয় আৰু চতুৰ্থবাৰৰ বাবে বিয়াৰ সিদ্ধান্ত ল’লে। পাছত তেওঁ প্ৰথম দুগৰাকী পত্নীক বিবাহ বিচ্ছেদ কৰে।

 আব্দুল্লাই কয় যে তেওঁৰ বহু বিবাহৰ সহজ কাৰণ হ’ল তেওঁক সুখী কৰিব পৰা নাৰীৰ সন্ধান। তেওঁৰ মতে, তেওঁ সকলো পত্নীৰ প্ৰতি ন্যায়পৰায়ণ হ’বলৈ চেষ্টা কৰিছিল। তেওঁ আৰু কয় যে আটাইতকৈ কম সময়ৰ বিবাহ বান্ধোনত আবদ্ধ আছিল মাত্ৰ এটা ৰাতি বাবেহে। আব্দুল্লাই বেছিভাগেই ছৌদি মহিলাক বিয়া কৰাইছিল। তেওঁ বিদেশী ব্যৱসায়িক ভ্ৰমণৰ সময়ত বিদেশী মহিলাক বিয়া কৰাই স্বীকাৰ কৰিছে।

 আব্দুল্লাই কয়, ‘পৃথিৱীৰ প্ৰতিজন পুৰুষে এগৰাকী নাৰী থকাটো বিচাৰে আৰু নাৰীগৰাকী সদায় তেওঁৰ লগত থকাটো বিচাৰে। স্থিতিশীলতা এগৰাকী যুৱতীৰ লগত নহয়, এগৰাকী বৃদ্ধাৰ লগত বিচাৰি পোৱা যায়।’ এতিয়া তেওঁ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু পুনৰ বিয়াৰ কোনো পৰিকল্পনা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ