--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ ভালচাদ জিলাৰ কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ পাছতেই গুজৰাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ খবৰ অনুসৰি, এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে গুজৰাটৰ এগৰাকী বিষয়াক নিলম্বিত কৰা হৈছে৷ নিলম্বিত নীতাবেন গাভলিয়ে এগৰাকী যুৱ উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক প্ৰতিযোগিতাৰ পাছতে তদন্ত আৰম্ভ কৰিছে গুজৰাট চৰকাৰে৷ গুজৰাট চৰকাৰৰ যুৱ সেৱা আৰু সাংস্কৃতিক কাৰ্যকলাপ বিভাগৰ অধীনত জিলা পৰ্যায়ৰ৷ শিশু প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতাৰ অংশ হিচাপে কুসুম বিদ্যালয় নামৰ এখন বিদ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিদ্যালয় কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকে কেৱল অনুষ্ঠানটো আয়োজন কৰাৰ বাবেহে তেওঁলোকৰ চৌহদটো ব্যৱহাৰ কৰা লৈছিল, যদিও বিদ্যালয়খনৰ পৰা কোনেও ইয়াত অংশগ্ৰহণ কৰা নাছিল। অনুষ্ঠানটোত জিলাখনৰ ২৫খন বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছিল। যদিও প্ৰতিযোগিতাখনৰ বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, জিলা শিক্ষা কাৰ্যালয়ে অজ্ঞতা প্ৰকাশ কৰিছিল। জিলা শিক্ষা বিষয়া বি ডি বৰাই কয়, আমি অনুষ্ঠানটোৰ বিষয়ে অৱগত নাছিলোঁ৷ কিয়নো, জিলা যুৱ বিকাশ কাৰ্যালয়ে ইয়াৰ পৰিকল্পনা আৰু ৰূপায়ণ কৰিছিল। যুৱ বিকাশ কাৰ্যালয়ে ৮ ফেব্ৰুৱাৰীত জিলাখনৰ সকলো ২৫ খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু ১৪ ফেব্ৰুৱাৰীত ভালচাদৰ তিথাল পথৰ কুসুম বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বিচাৰিছিল। আনকি বিচাৰকসকলকো যুৱ বিকাশ কাৰ্যালয়ৰ পৰা নিযুক্তি দিয়া হৈছিল। ভালচাদ জিলাৰ উপায়ুক্ত ক্ষিপ্ৰা আগ্ৰেই কয়, আমি সংশ্লিষ্ট বিষয়া নীতাবেন গাভলীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছোঁ৷ গান্ধীনগৰৰ সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰ্জুন মোধৱাদিয়াই ঘটনাটোক গৰিহণা দি টুইট কৰে, ভালচাদত এক প্ৰতিযোগিতাৰ নামত, গডছেক নায়ক হোৱাৰ বিষয়ে শিশুসকলক শিক্ষা দিয়াৰ এয়া এক অত্যন্ত লজ্জাজনক প্ৰয়াস৷ এনেদৰে তেওঁলোকৰ মনত মহাত্মা গান্ধীৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু