--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কাটনীৰ পৰা পোহৰলৈ আহিছে এটি পুত্ৰৰ মাতৃৰ প্ৰতি থকা অদম্য প্ৰেমৰ এক অনন্য কাহিনী। মাতৃৰ মৃত্যুৰ পিছত পুত্ৰই মাতৃৰ শূন্যতা পূৰণৰ বাবে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। পুত্ৰই বেংগালুৰুৰ বিখ্যাত চিলিকন ভাস্কৰ্য শিল্পী শ্ৰীধৰৰ দ্বাৰা নিৰ্মাণ কৰা মাতৃৰ মূৰ্তি পূজাগৃহত ৰাখিছে। গোটেই পৰিয়ালটোৱে ভগৱানক পূজা কৰাৰ লগতে চিলিকনেৰে নিৰ্মিত মাতৃৰ মূৰ্তিটোকো পূজা কৰে।

উল্লেখযোগ্য যে ২০২১ চনৰ ২ মে’ দিনটো কাটনীত বাস কৰা সোণী পৰিয়ালটোৰ বাবে এটা দুৰ্যোগ হৈ আহিছিল। কোভিড মহামাৰীৰ সময়তে জুৱেলাৰী ব্যৱসায়ী সুৰেশ কুমাৰ ছোনীৰ পত্নী সাবিত্ৰী সোণী হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটি লয়। এই মৃত্যুত তেওঁলোকৰ ঘৰখনত দুখৰ পাহাৰ ভাঙি পৰিল।
मंदिर के पास रखी महिला की मूर्ति.
মাতৃৰ মৃত্যুৰ পিছত তিনি পুত্ৰ ডাঃ গগন সোণী, আশীষ সোণী, অভিষেক সোণী আৰু কন্যা ৰশ্মি ছোনীৰ অৱস্থা দুখত কাতৰ হৈ পৰিছিল। কেইবাদিনো সকলো গভীৰ শোকৰ সাগৰত ডুব গৈছিল। বাকী সকলোৱে সময়ৰ লগে লগে এই দুখৰ মাজৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু, সৰু পুত্ৰ অভিষেকৰ মাতৃৰ সৈতে নিকট সম্পৰ্ক আছিল। মাকক হেৰুৱাই অভিষেক ডিপ্ৰেছনত ভুগিবলৈ ধৰিলে। 

সুৰেশ ছোনীয়ে কয় যে ''মাতৃৰ স্মৃতিত সৰু পুত্ৰই বাংগালুৰুত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাইছিল। আমাৰ অজ্ঞাতে তেওঁ এনে কাম কৰিছিল।''  অভিষেকৰ পত্নী মনিকাই কয় যে ''মাতৃৰ অনুপস্থিতিত তেওঁ গোটেই ৰাতি চাঁদত বহি কান্দিছিল। ইয়াৰ পিছত যেতিয়া মাৰ মূৰ্তি ঘৰত আহিল, আমি সকলোৱে থতমত খালোঁ। এই মূৰ্তি দেখি আমাৰ কেনে অনুভৱ হৈছিল সেয়া আমি শব্দৰে বৰ্ণনা কৰিব নোৱাৰো।''
katni news
অভিষেক কয় যে ''মই সদায় মাৰ স্মৃতিত হেৰাই যাওঁ, কাৰণ মাৰ প্ৰতি মোৰ অবিচ্ছেদ্য মৰম আছিল। এনে লাগে যেন মায়ে হয়তো ক’ৰবাৰ পৰা ফোন কৰিছে, ক’ৰবাত দেখা পাম। এতিয়া মাৰ মূৰ্তিটো দেখি থাকো কাৰণে মা লগতে থকা যেন অনুভৱ হয়।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে