--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে উত্তপ্ত কৰি ৰখা  কাশ্মীৰত শেহতীয়াকৈ সেনাই পাক সন্ত্ৰাসবাদীৰ  অনুপ্ৰৱেশ অপচেষ্টা বিফল কৰে।  আৰক্ষীয়ে জনোৱা মতে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ মাচাল চেক্টৰত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে চাৰিজন সন্ত্ৰাসবাদীক গুলীয়াই নিধন কৰা হয়। 

 এলেকাটোত আৰক্ষীয়ে ভাৰতীয় সেনাৰ সৈতে যুটীয়া অভিযান আৰম্ভ কৰিছিল। এই সন্দৰ্ভত  ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে টুইট কৰিছে"কুপৱাৰাৰ মাচাল চেক্টৰৰ কালা বনাঞ্চলত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত চাৰিজন সন্ত্ৰাসবাদী  নিহত হৈছে। তেওঁলোকে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল।"

১৬ জুনত, সুৰক্ষা বাহিনীয়ে কুপৱাৰাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ জুমগুণ্ড কেৰানত পাক সন্ত্ৰাসবাদীৰ আন এক  অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল। গুলীচালনাত পাঁচজন সন্ত্ৰাসবাদী  নিহত হৈছিল। ভাজৰা ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল গিৰীশ কালিয়াই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি হৈছে। ইয়াৰ পিছতো শেহতীয়াকৈ পাকিস্তানৰ পৰা ববাৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই থকা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে