--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিছে নিৰ্বাচনী বিধি, ১৯৬১। নিৰ্বাচনী নিৰ্বাচনী বিধিৰ সংশোধনীক লৈ মোদী চৰকাৰক লক্ষ্য কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে দাবী কৰে যে নিৰ্বাচন আয়োগৰ প্ৰতিপত্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ হিচাপে এই পদক্ষেপ লোৱা হৈছে।

অধিবক্তা মাহমুদ প্ৰাচাৰৰ আবেদনৰ ভিত্তিত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে   হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত সকলো ভিডিঅ’ ৰেকৰ্ড আবেদনকাৰীৰ হাতত গতাই দিব লাগে বুলি ৰায়দান দিছিল। ইয়াৰ পিছত কেন্দ্ৰই নিৰ্বাচনী বিধি সংশোধন কৰে। এই সংশোধনী অনুসৰি জনসাধাৰণে বুথৰ চিচিটিভি ফুটেজ, ৱেবকাষ্টিং ফুটেজ আৰু প্ৰাৰ্থীসকলৰ ভিডিঅ’ ৰেকৰ্ডিং পৰীক্ষা কৰাৰ সুযোগ নাপাব। আদালতৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি আইন মন্ত্ৰালয় আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ফুটেজসমূহৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে।

এই সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গে কয় যে পূৰ্বতে কেন্দ্ৰই নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ পৰা মুখ্য ন্যায়াধীশক বাদ দিছিল। এইবাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী তথ্য গোপন কৰাৰ ব্যৱস্থা কৰা হ’ল৷ যেতিয়াই কংগ্ৰেছে নিৰ্দিষ্ট নিৰ্বাচনী অনিয়মৰ সন্দৰ্ভত আয়োগৰ কাষ চাপিছে, তেতিয়াই আয়োগে বষয়টো পেলাই থয়। আয়োগে গুৰুতৰ অভিযোগকো আওকাণ কৰে বুলি অভিযোগ কৰে। তেওঁৰ আৰু কয় যে এইটোৱে পুনৰ প্ৰমাণ কৰে যে অৰ্ধ-ন্যায়িক সংস্থা হোৱাৰ পিছতো আয়োগে নিৰপেক্ষভাৱে কাম কৰা নাই। আয়োগৰ নিৰপেক্ষতা হ্ৰাস কৰিবলৈ মোদী চৰকাৰৰ এয়া প্ৰত্যক্ষ আক্ৰমণ তথা সংবিধান আৰু গণতন্ত্ৰৰ ওপৰতো আক্ৰমণ। সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান