ডিজিটেল ডেস্ক: বিজেপি চৰকাৰৰ ভুল আৰু অদূৰদৰ্শী অৰ্থনৈতিক পৰিকল্পনাৰ বাবে আৰু পুঁজিপতিৰ দ্বাৰা এই চৰকাৰ পৰিচালিত হোৱাৰ ফলত দেশৰ অৰ্থনীতি বিধ্বস্ত হোৱাৰ লগতে দেশত ভয়াৱহ নিবনুৱা সমস্যাই দেখা দিছে।
Centre for Monitoring Indian Economyৰ শেহতীয়া সমীক্ষা মতে বৰ্তমান ভাৰতত নিবনুৱাৰ হাৰ ৭.৮ শতাংশ৷ এই পৰিসংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। প্ৰতিবেদন অনুযায়ী কেৱল অক্টোবৰ মাহত দিন মজুৰি কৰা ১.৫ কোটি লোক কৰ্মহীন হৈছে। এই মাহটোত ৭৮লাখে কৰ্মসংস্থান হেৰুৱাইছে। অসমত নিবনুৱাৰ হাৰ প্ৰায় ১২ শতাংশ। এই হাৰ সৰ্বভাৰতীয় হাৰতকৈ বেছি।
এনে ভয়াৱহ অৱস্থাত অসমত মুখ্যমন্ত্ৰীয়ে গেলাতে টেঙা দি ৮ হাজাৰ শিক্ষক পদ বিলুপ্তি ঘটাইছে। ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত Accountant Generalক লিখিতভাৱে জনাইছে। প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ এনেদৰে ব্যাপক হাৰত বিলুপ্তি ঘটাই চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অন্ধকাৰ নমাই অনাৰ লগতে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলসমূহক ৰঙা দলিচা পাৰি দিছে।
বৰ্তমান অসমৰ প্ৰাথমিক শিক্ষাৰ পয়ালগা ছবিখন তলৰ তথ্যকেইটাই প্ৰমাণ কৰিছে।
UDSE+য়ে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত ৰাজ্যত ২৯,৫৪৩টি শিশুৱে বিদ্যালয় এৰিছে। দেশৰ ভিতৰত প্ৰাথমিক শিক্ষাত Drop Outৰ ৰাষ্ট্ৰীয় হাৰ ০.৭৫% হোৱাৰ বিপৰীতে অসমৰ হাৰ ৩.৩০% আৰু মাধ্যমিক পৰ্যায়ত ৰাষ্ট্ৰীয় হাৰ ১৭.৬% হোৱাৰ বিপৰীতে অসমত ৩১ শতাংশ৷
কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা সম্পৰ্কীয় পৰ্যালোচনাৰ বাৰ্ষিক প্ৰতিবেদনত শিক্ষাৰ মানৰ সূচাংকত অসমৰ স্থান চতুৰ্থ স্তৰত। এনে অৱস্থাত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মান উন্নত কৰাত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে শিক্ষকৰ পদ বিলুপ্তি ঘটাই শিক্ষাৰ শ্মশানযাত্ৰা কৰিব বিচাৰিছে।
বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ২৫ লাখ নিবনুৱাক বছৰি ৫ লাখকৈ কৰ্মসংস্থাপন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি এতিয়া চাৰিওফালে কৰ্মৰত হৈ থকা কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। কেইবছৰমানৰ পূৰ্বে প্ৰাদেশিকীকৰণ হোৱা শিক্ষকসকলৰ ভিতৰত এদিন চাকৰি কৰি অৱসৰগ্ৰহণ কৰিলেও এককালীন ১০ লাখ টকা অৱসৰকালীন ভাট্টা দিয়া হ’ব বুলি ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী টোপ দি এতিয়া এই সকলৰ বহু শিক্ষকে খালী হাতে বিনা পেন্সন, বিনা গ্ৰেচুইটিৰে অৱসৰ ল’বলগা হ’ল।
নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰাদেশিকীকৰণ হোৱা ১৪ হাজাৰ শিক্ষকক এতিয়াও ‘Tutor’ হিচাপে ৰাখিছে। পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা আৰু বেতনৰ পৰা বঞ্চিত কৰি ৰাখিছে।
প্ৰাদেশিকীকৰণৰ যোগ্যতা থকা স্বত্বেও প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত ২ হাজাৰ স্কুলৰ প্ৰায় ২০ হাজাৰ শিক্ষক-কৰ্মচাৰী আজিও অনিশ্চয়তাত ভুগি আছে।
কেইবাহাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই আৰু কেইবাহাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক আজিকোপতি নিযুক্তি দিয়া নাই। NHMকে ধৰি বিভিন্ন বিভাগত হাজাৰ হাজাৰ কৰ্মচাৰীক সামান্য বেতন দি ঠিকাভিত্তিত নিয়োজিত কৰি ৰাখিছে৷
অসমৰ ২৫ লাখ নিবনুৱাৰ বিপৰীতে এক লাখ চাকৰি গণি গণি দিম বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে ২৬ হাজাৰৰ পৰীক্ষা পাতি জয়ঢোল কোবাই আছে।
অসম চৰকাৰ যে কঠিন বিত্তীয় সংকটত ভুগিছে আৰু এই বিত্তীয় সংকটৰ বাবেই হাজাৰ হাজাৰ পদ বিলুপ্তিকৰণ, ঠিকা ভিত্তিত চাকৰি কৰাসকলৰ নিয়মীয়াকৰণ বন্ধ, স্কুল প্ৰাদেশিকীকৰণ বন্ধ, অৱসৰৰ পাছত শিক্ষক-কৰ্মচাৰীয়ে পাবলগীয়া বানচ, গ্ৰেচুইটি বন্ধ, Tutor পদৰ পৰা শিক্ষকলৈ উন্নীতকৰণ বন্ধ, বিভিন্ন বিভাগৰ ঠিকাদাৰসকলৰ হাজাৰ হাজাৰ কোটি টকাৰ বিল বন্ধৰ দৰে সিদ্ধান্তসমূহ লৈছে।
আনহাতে ভোট বেংক অটুট ৰাখিবলৈ হিতাধিকাৰীসকলক দিবৰ বাবে উপৰ্যুপৰি ঋণ লৈ ১ লাখ ৩৮ হাজাৰ কোটি টকা ঋণৰ বোজা জনতাৰ ওপৰত জাপি দিছে।